কেশৱ চাউ
ফাঁচিকাঠত ওলমাই দিয়া শিৰকেইটাৰো জানো
জীৱনৰ প্ৰতি লোভ নাছিল?
পদূলিৰ পৰা বাট বুলি আইৰ মুখখনি শুৱনি কৰাৰ মন কাৰনো নেথাকে
মানুহ হৈ জন্মিলে জী থকাৰ উদ্দেশ্য নিজেই চিনিব লাগে
এনেকি পেট পেলাই পাৰ কৰি দিব পাৰি
দিন আৰু ৰাতি
পাৰিনে সলাব সময়ৰ গতি-বিধি
চৌপাশে ইমান কিৰীলি
মাজে মাজে বাজে শংখধ্বনি
মৰণমুখী পৃথিৱীৰ কঁপনিত কঁপে
হাতৰ দহোটি আঙুলি
মাতৃভূমি মাতৃভূমি বুলি চিঞৰি
এচামে মাতে– ‘আহক ওলাই আহি’
যেতিয়া দেখোঁ– সীমাৰ খুঁটিতেই হাই-উৰুমি
কিনো আশা কৰিব পাৰি
কিনো স্বপ্ন দেখিব পাৰি…
***
ভ্ৰাম্যভাষ : ৭০৯৯১৫৫৭৫৬
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 4 times, 1 visit(s) today
Last modified: May 13, 2025