স্বপ্নালী কলিতা
কথাবোৰ জঁটা হওক বুলি
এদিন কোনোবা অচিন ধনুৰ্ধৰে
এপাট শৰ মাৰি দিলে
কোনোবা অচিন মুখলৈ
সেই সময়ত কথাই বাগি মাৰি
খেলিছিল পাভলুটিৰ খেল
শৰৰ মুখত ধাৰ দিবলৈও নাছিল
হাতত শাণ
মুখ থেকেচা খোৱা শৰে
মাটিত পৰি পঁয়াৰ জুৰিছে
শৰখেদি লৰধৰা মুখৰ এতিয়া
ঊনৈছত বলিছে বা
কথাই বাটিছে মোহনী-জৰী
জৰীত উঠি খেনোৱে ছিঙিছে তৰা
খেনোৱা চাইছে পাৰিজাতৰ শোভা
আৰু তেনে সময়ত…
দুইকূল উপচি বাগৰি থকা
শোভা চাই
অচেতন হৈ পৰিছে
তিনিটি ফুকলীয়া
আঙুলি।
***
ঠিকনা :
বৰটিং নাওশলীয়া
গোলাঘাট
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025