Written by 6:30 am Poems

ভ্ৰম ভাবনা

দ্বীপৰাজ

হামি এটাক চুৰটৰ ধোঁৱা সাজি ফুৱাই দিয়া কথাবোৰ

কি ঠিক একোটা মুদ্ৰাদোষ

বিলাসৰ আঙুলি ভাঙি হাতৰ তলুৱাত বোৱাই দিয়া নৈখন

কি ঠিক চিত্ৰ বাসনা (?)

ৰাতিবোৰে যদি এৰুৱাব পাৰে হালধীয়া ৰুণ

আমাৰ চিঞৰবোৰ পুতিব পাৰোঁ এটা শিলত

ভৰিৰ পৰা উজোৱা জিকাৰটো খুব বেছি

কলৰ পানী

চকুহীন বুকুত এজাক ক্ষুধাতুৰৰ

দিবাস্বপ্ন

বহু ফুল আছে হাবিত নুফুলা, ৰাতি নুফুলা

বহু কথা থাকি যায় ক’ব নোৱৰা

(দিনৰ কথা ৰাতিৰ কথা)

আছোঁ য’ত সেয়া জানো কায়িক

নাই য’ত সেয়াও জানে কাল্পিক

সপোন ভ্ৰূকুটিয়াই যি ফুৰিছা কঢ়িয়াই

হয়নে ইয়েই দিবাস্বপ্ন?

বুকুৱে বুকুৱে অঁকা ছবিবোৰ

কল্পছায়াৰ উশাহ হোৱালৈ

খুব বেছি এজাক চৰাই নৈ এখন পাৰ হ’ব

খুব বেছি মকৰাজালৰ এঠাত

এটা পৰুৱাই দেখিব বিয়লিৰ নক্সা।

কি ঠিক তেনে পৰতে বেহালৈ যাওঁ নাযাওঁ কৰি থকা নাওখন

নৈয়ে বুকুত সুমুৱাই ল’ব

কি ঠিক তোমালোকৰ অমানুষিক অত্যাচাৰত

কাৰোবাৰ কাৰোবাৰ মৃত্যু হ’ব!

ভ্ৰাম্যভাষ : ৮৬৩৮১৪৭৫১৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close