Written by 1:23 pm Poems

বেদনিধিৰ হাতত পঠোৱা চিঠিখন

অৰ্চনা ঠাকুৰীয়া

‘‘The best lack all conviction

While the worst are full of

Passionate intensity…’’ ( the second coming…W.B Yeats)

তুমিবিহীন শাৰদী ৰাতিটোত চোতালৰ অশোকজোপা মূৰ্চা গৈছিল

বেদনিধিৰ হাতত চিঠিখন পঠাইছিলোঁ 

নাহিলা তুমি

অপেক্ষাৰে

ঢেঁকীয়াৰ ভাঁজলগা আগটোৰ দৰেই থিয় হৈ আছোঁ আজিও

লুণীয়া গান… আন্ধাৰ-পোহৰৰ

নীৰৱতাৰ আৰ্কাইভত কুশল শব্দৰ ঢাল

নিচুকণি গীত মহানগৰীত নাথাকে হেনো

কথাটো ময়ো নজনা নহয়

অৰাজকতাৰ সময়ত বেয়াবোৰৰ উত্থান

সঁচা কথা

কিন্তু এনে দীন-হীন সময়তো তুমি নাহিবা 

এয়াহে…

অতি চিন্তাতকৈ গাঢ় চিন্তা বেছি প্ৰাসংগিক

আকাশ চুই চোৱাতকৈ মাটি খামুচি থকাটোও

ভাগ্যৱানে ভগৱানক চিনি নাপায়

কৰ্মৰ পৰিমণ্ডলত ইও সময়ৰ খেলহে মাথোঁ

এদিন তেওঁ আহিব

কোনেও নেদেখাকৈ গোপনে

পিছে সমস্ততে বিয়পি পৰিব তেওঁৰ আভা

তেওঁ আহিব

আহিবই…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close