Written by 1:23 pm Articles

ৰেডিঅ’ জ’কি (Radio Jockey)

 ড° বুলজিৎ বুঢ়াগোহাঁই

        ৰেডিঅ’  জ’কি বা চমুকৈ আৰ. জে. হ’ল ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ আঁত ধৰা লোক৷ সহজ অৰ্থত ইয়াক ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ ‘সূত্ৰধাৰ’ বুলিব পাৰি৷ প্রথমে এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে ৰেডিঅ’ জ’কি হোৱাৰ বাবে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ প্রয়োজন নাই৷ কিন্তু ন্যূনতম শিক্ষাগতৰ অৰ্হতা দ্বাদশ শ্রেণী উত্তীৰ্ণ অথবা স্নাতক ডিগ্রীধাৰী হ’লে ভাল হয়৷ ৰেডিঅ’ জ’কিৰ প্ৰশিক্ষণ দিয়া শিক্ষানুষ্ঠানও আছে৷ বৰ্তমান ৰেডিঅ’  জ’কি এটা জনপ্রিয় কেৰিয়াৰ।

         এজন সফল ৰেডিঅ’ জ’কি হবলৈ কিছুমান গুণ থকা দৰকাৰ, যেনে– সু-কণ্ঠস্বৰ, যোগাযোগৰ দক্ষতা থকা, সৃজনী-শক্তি থকা, সংগীতৰ বিষয়ে ভাল জ্ঞান থকা, সংগীত প্রতি আসক্তি থকা, শব্দৰ বিষয়ে জ্ঞান থকা, হহুঁৱাব পৰা, শ্ৰোতা মনোৰঞ্জন দিব পৰা, সমাজপ্ৰিয়, প্ৰভাৱশালী, সময়ানুৱৰ্ত্তিতা আদি৷

          ৰেডিঅ’  জ’কিক কেৰিয়াৰ হিচাপে কৰিব বিচৰাসকলে ৰেডিঅ’ জ’কিৰ প্ৰশিক্ষণ দিয়া শিক্ষানুষ্ঠানত শিক্ষা গ্রহণ কৰিব পাৰে, লগতে মাছ কমিউনিকেন শিক্ষা গ্রহণ কৰিলেও লাভৱান হ’ব। ৰেডিঅ’ জ’কিৰ প্ৰশিক্ষণ তথা মাছ কমিউনিকেশ্বন শিক্ষা গ্রহণ কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – ইণ্টাৰনেশ্বনেল ইন্‌ষ্টটিউট অৱ মাছ মিডিয়া (http://www.iimmdelhi.com), ইণ্ডিয়ান ইন্‌ষ্টিটিউট অৱ মাছ কমিউনিকেশ্বন(http://iimc.nic.in), ৰেডিঅ’ চিটি স্কুল অৱ ব্ৰডকাষ্টিং, মুম্বাই (https://www.radiocity.in/radiocity-school-of-broadcasting ), মুদ্ৰা ইনষ্টিটিউট অৱ কমিউনিকেচন (এমআইচিএ), আহমেদাবাদ (https://www.mica.ac.in), এছিয়ান একাডেমী অৱ ফিল্ম এণ্ড টেলিভিশ্বন (http://aaft.com), এমিটি স্কুল অৱ কমিউনিকেশ্বন (https://www.amity.edu/asco/),    চেণ্টাৰ ফৰ ৰিছাৰ্চ ইন্ আৰ্ট অৱ ফিল্ম এণ্ড টেলিভিশ্বন(http://log2craft.org), জেভিয়াৰ ইন্‌ষ্টিটিউট অৱ কমিউনিকেশ্বন(http://www.xaviercomm.org) আদি৷ এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে৷ লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়৷

      অসমত ৰেডিঅ’ জ’কিৰ প্ৰশিক্ষণ গ্রহণ কৰিব পৰা বিশেষ শিক্ষানুষ্ঠান নাই কিন্তু মাছ কমিউনিকেশ্বনৰ শিক্ষা গ্রহণ কৰিলে ৰেডিঅ’ জ’কিৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে৷ এই পাঠ্যক্রম আগবঢ়োৱা অসমৰ শিক্ষানুষ্ঠান কেইখনমান হ’ল- গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in),  তেজপুৰ বিশ্ববিদ্যালয় (www.tezu.ernet.in),  অসম বিশ্ববিদ্যালয় (www.aus.ac.in),  ডিব্রুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in),  অসম মহিলা বিশ্ববিদ্যালয় (www.awu.ac.in),  কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (www.kkhsou.in),  কটন  বিশ্ববিদ্যালয় (http://mcj.cottonuniversity.ac.in),   অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in), মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (https://mssv.ac.in), ভট্টদেৱ বিশ্ববিদ্যালয় (https://www.bhattadevuniversity.ac.in), Turning Point Institute of Media & Creative Skills ,  অসম সাংবাদিকতা বিদ্যালয়, গুৱাহাটী আদি৷

    শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰেডিঅ’ জকি চাকৰি লাভ কৰিব পৰা কেইটামান ৰেডিঅ’ ষ্টেশ্বন হ’ল – অল ইণ্ডিয়া ৰেডিঅ’, ৰেডিঅ’ লুইত, বিগ  এফএম, ৰেড  এফএম, ৰেডিঅ’ গুপশ্বপ, ৰেডিঅ’ মিৰ্চি, বিবিধ ভাৰতী  আদি৷

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে৷

Visited 5 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close