ৰিপুঞ্জয় বৰুৱা ঋমন
কাৰণ এটা থাকে
কাৰণ নহ’লে নঘটে একোকে
কাৰণৰো থাকে একো একোটা আকৃতি
যেনে:
তেল কয়লা মাটি জাতি-জনজাতি
কাৰণ যিয়েই নহওক
যুদ্ধ এখন হৈ থাকে
ভোকে গাখীৰ পগাই থকালৈকে।
পগাই থাকোঁতে কিবা এটা পৰিল ধুপুচকৈ।
কি পৰিল?
পাৰমাণৱিক খবৰটো খৰধৰকৈ বিয়পিল।
পানী নাইবা ৰক্তচাপৰ ভেলেকি
বৰ বেয়া লাগে মানুহ এজন গ’লে গুচি।
মুখত হাত এখন দি ভাবিছোঁ
টোপনি মানে কি?
ছ’ল্ড আউট নে অল আউট!
বগা কাপোৰ এখনে মোলৈ চাই থাকে
মই কওঁ
মোক সাবটি ধৰাঁ
মোৰ বুকুত বনফুল আৰু ৰজনীগন্ধা।
ঠিকনা :
গৃহ নং – ১০১
খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে
গুৱাহাটী-০৪
ভ্ৰাম্যভাষ-৬৯০১৮৫৬০৮৫
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025