Written by 1:15 pm Articles

ঊনৈছ শ এসত্তৰ

মূল বঙালী : উনিশ শ একাত্তৰ

ৰচনা : হুমায়ুন আহমেদ

অসমীয়া অনুবাদ: উনৈছ শ এসত্তৰ

অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মা

হুমায়ুন আহমেদ


 লেখকৰ পৰিয়:- চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কথা সাহিত্যৰ প্রবাদ পুৰুষ হুমায়ুন আহমেদৰ জন্ম ১৯৪৮ চনৰ ১৩ নৱেম্বৰত। জন্মস্থান: নেত্রকোনা জিলাৰ কুটুবপুৰ গাওঁ। আমেৰিকাৰ নৰ্থ ডাকোটা ষ্টেট ইউনিভাৰ্চিটাৰ পৰা ‘পলিমাৰ ৰসায়ন’ত ডক্টৰেট ডিগ্ৰী লাভ। ১৯৯০ চনলৈ ঢাকা বিশ্ববিদ্যালয়ত অধ্যাপনা। ‘নন্দিত নৰকে’ নামৰ উপন্যাস ৰচনাৰ দ্বাৰা ১৯৭২ চনত সাহিত্য জগতত আত্মপ্ৰকাশ। গদ্যসাহিত্যৰ প্ৰায় সকলোবোৰ ক্ষেত্ৰ যেনে— গল্প, উপন্যাস, নাটক, কল্পবিজ্ঞান কাহিনী, শিশু সাহিত্য সকলোতে হুমায়ুন আহমেদৰ অৱদান উল্লেখযোগ্য৷ দুশখনৰো অধিক গ্রন্থৰ ৰচক হুমায়ুন আহমেদ বোলছবি পৰিচালক হিচাপেও পৰিচালিত কেইখনমান সফল চিনেমা।

কথাসাহিত্য, নাটক তথা বোলছবি জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি হিচাপে হুমায়ুন আহমেদে পাইছে ভালসংখ্যক বঁটা। উল্লেখযোগ্য পুৰস্কাৰসমূহ হৈছে— একুশে পদক, বাংলা একাডেমী পুৰস্কাৰ, শিশু একাডেমী পুৰস্কাৰ, লেখক শিবিৰ পুৰস্কাৰ, মাইকেল মধুসূদন পুৰস্কাৰ, অলক্ত সাহিত্য পুৰস্কাৰ, অতীশ দীপংকৰ স্বৰ্ণপদক, জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ ইত্যাদি৷ ২০১২ চনৰ ১৯ জুলাই তাৰিখে আমেৰিকাৰ নিউয়ৰ্কত হুমায়ুন আহমেদৰ মৃত্যু হয়।)

তেওঁলোক আহিল ঠিক সন্ধিয়াৰ আগে আগে। এটা বিৰাট দল। তেওঁলোকে কোনো ধৰণৰ মাৰ্চ-টাৰ্চ কৰি অহা নাই৷ সাধাৰণ শৃংখলাবিহীনভাবে খোজকাঢ়ি অহাৰ নিচিনাকৈ আহিছে। সম্ভৱতঃ বহু দূৰৰ পৰা আহিছে। একো একোজন ভাগৰত লেবেজান হৈ পৰিছে। ঘামত ভিজি উঠিছে মুখ৷ ধুলি ধূসৰিত সকলোৰে পোছাক।

তেওঁলোকক দেখি গাঁৱৰ প্রায় সকলো মানুহ লুকাই পৰিল। কেৱল বদি পগলা হাঁহিমুখে তেওঁলোকৰ ফালে আগুৱাই গ’ল। মহা আনন্দত সি চিঞৰি উঠিল, ‘ঘটনাটো কি হে?’

গোটেই দলটো মুহূৰ্ততে থমকি ৰ’ল। বদি পগলাৰ হাতত এখন ৰঙা গামোচা। গামোচাখনকে পতাকাৰ নিচিনাকৈ বতাহত উৰুৱাই সি আটাহ পাৰি উঠিল, ‘ক’লৈ যায় হে আপোনালোক?’ এনে অদ্ভুত ব্যাপাৰ বদি পগলাই আগতে কেতিয়াও দেখা নাই।

মেজৰ চাহাবৰ চকুত ছানগ্লাচ। তেওঁ ছানগ্লাচ খুলি ইংৰাজীত সুধিলে, ‘মানুহজনে কি কৈছে?’

ৰফিকুদ্দিনে অবিলম্বে উত্তৰ দিলে, ‘মানুহজন পগলা যেন লাগিছে। আমাৰ প্রত্যেক গাঁৱতে এটাকৈ পগলা থাকেই।”

‘‘হয় নেকি?’’

‘‘হয় ছাৰ।”

‘‘কেনেকৈ গম পালা ই যে পগলা?”

ৰফিকুদ্দিন চুপ হৈ গ’ল। মেজৰ চাহাবৰ স্বভাৱ খুব পাকলগা ধৰণৰ। এটা কথাৰ দহটামান অৰ্থ উলিয়ায়। বদি পগলাক দৌৰি দৌৰি অহা দেখা গ’ল। তাৰ মুখত আকৰ্ণ বিস্তৃত হাঁহি। ৰফিকে ধমক লগালে, ‘‘এই, কি লাগে তোক হাঁ?” বদি পগলাৰ মুখৰ হাঁহি আৰু বহল হ’ল। ৰফিকে কপালৰ ঘাম মছিলে। সৰু মাতেৰে ক’লে, ‘‘ছাৰ, মানুহজন পগলা। আমাৰ চব গাঁৱতে এজনকৈ….৷’’

‘‘এই কথা তুমি আগতেও এবাৰ কৈছা। একেটা কথাকে দুই তিনিবাৰ কোৱাৰ প্ৰয়োজন নাই।” ৰফিকে সেপ ঢুকিলে। মেজৰ চাহাবে শীতল কণ্ঠে ক’লে, ‘‘এই ঠাইখন মোৰ পচন্দ হৈছে। ইয়াতেই অলপ জিৰণি লোৱা যাওক। চব টায়াৰ্ড।’’

‘‘ছাৰ, পাঁচ মাইলমান গ’লে নবীনগৰ। খুব ডাঙৰ বজাৰ। পুলিচ থানাও আছে। সন্ধিয়াৰ আগে আগে নবীনগৰলৈ যোৱা ভাল হ’ব ছাৰ।”

‘‘কিয়? তোমাৰ ভয় লাগিছে নেকি?”

‘‘নহয় ছাৰ, ভয় কিয় লাগিব?”

মেজৰ চাহাবে তেওঁৰ দলটোৰ ফালে চাই কিবা এষাৰ ক’লে। দলটো সামান্য চঞ্চল হৈ পৰিল। নিমিষতে সকলোৱে বহি পৰিল। মূৰৰ গধুৰ হেলমেট খুলি পেলালে। মেজৰে অনুচ্চ স্বৰে ক’লে, ‘‘এই পগলাটোক বান্ধি পেলোৱাই ভাল হ’ব।’’ তেওঁ কাঠৰ বাকচ এটাৰ ওপৰত বহি পাইপ জ্বলাই ল’লে। খাকী পোছাক পিন্ধা মানুহৰ মুখত সাধাৰণতে পাইপ শোভা নাপায়। কিন্তু এই মেজৰ চাহাব এজন অতি সুপুৰুষ। তেওঁৰ মুখত যিকোনো বস্তুৱেই খাপ খায়।

বদি পগলাক আমগছত বান্ধি পেলোৱা হ’ল। কিন্তু তাৰ মুখত কোনো আপত্তি দেখা নগ’ল। বৰঞ্চ দলটোৰ ওচৰে-পাঁজৰে থাকিব পৰাৰ সৌভাগ্য হোৱা বাবে তাক আনন্দিত যেনেই লাগিল। দলটোৰ কোনোৱে তাৰ প্ৰতি মনোযোগ নিদিলে। সিহঁত খুব ক্লান্ত। সিহঁতৰ দৃষ্টি নিৰাসক্ত আৰু ভাবলেশহীন।

মেজৰ চাহাবে বটলৰ পৰা কেইঢোকমান পানী খালে। বুটজোতাযোৰ খুলি পেলালে। তেওঁৰ বাঁও ভৰিৰ গোৰোহাত পানীজোলা ফুটিছে। ৰফিকে ক’লে, ‘‘ডাব খাব নেকি ছাৰ?”

মেজৰ চাহাবে সেই কথাৰ উত্তৰ নিদি শান্ত মাতেৰে ক’লে, ‘‘আগতে আমি কোনো গাঁৱলৈ গ’লে অন্ততঃ সৰু সুৰা দল এটাই হাতত পাকিস্তানি পতাকা লৈ আহিছিল। এতিয়া আৰু নাহে। ইয়াৰ কাৰণ কি জানা নেকি?”

‘‘নাজানো ছাৰ।”

‘‘ভয়তে নাহে। এই গাঁৱৰ সকলো লোক এতিয়া জংগলত লুকাই আছে। হয় নে নহয়?’’

ৰফিকে কোনো উত্তৰ নিদিলে। বদি পগলাই ক’লে, ‘‘বটলৰ পৰা অলপ পানী খাবৰ ইচ্ছা গৈছে।”

‘‘তাক কি লাগে?’’

‘‘ওৱাটাৰ বটলৰ পৰা পানী খাব বিচাৰিছে ছাৰ।”

গাঁৱৰ সকলো পলাই গ’লেও আজিজ মাষ্টৰ যাব পৰা নাই। কাৰণ সোনাপোতালৈ বিয়া দিয়া তেওঁৰ সৰু ভনীয়েক আহিছিল। আৰু আজি ৰাতিপুৱাৰ পৰা তাইৰ প্ৰসৱবেদনা আৰম্ভ হৈছে৷ এনে অৱস্থাৰ মানুহ এজনীকলৈ দৌৰা-দৌৰি কৰা নাযায়। তথাপি ইয়াৰ মাজতে আজিজ মাষ্টৰে দুবাৰ কৈছে, ‘‘ধৰাধৰি কৰি কেনেবাকৈ নাওত তুলি ল’ব পাৰিলে শ্যামগঞ্জলৈ নিয়া যায়।’’মাষ্টৰৰ এই কথাত মাকে তেওঁক কাপুৰুষ বুলি কৈ কুৎসিত গালি পাৰিছে। তেওঁক ঠেং ভঙা মেকুৰীৰ লগত তুলনা কৰিছে৷ আজিজ মাষ্টৰে একো প্ৰতিবাদ কৰা নাই। কাৰণ কথাটো নোহোৱা নহয়। তেওঁ অতি ভয়াতুৰ। গাঁৱত মিলিটাৰী সোমোৱা খবৰ শুনাৰ পিছৰে পৰা তেওঁৰ ঘনে ঘনে পেচাপ লাগিছে। তেওঁ চোতালত বহি আছে। অতি সামান্য শব্দটো তেওঁ চমকি উঠিছে।

‘‘অ’ মাষ্টৰ ঘৰত আছা নেকি?’’

‘‘কোন?’’

‘‘আমি। খবৰ শুনিছা? বদি পগলাক আম গছত বান্ধি থৈছে।’’

‘‘শুনিছোঁ।”

নীলগঞ্জৰ মুৰব্বী ব্যক্তিসকল শংকিত ভংগীত চোতাললৈ সোমাই আহিল।

‘‘মাষ্টৰ, তুমি এবাৰ যাব লাগিব।’’

‘‘ক’লৈ যাব লাগে?’’

মাষ্টৰৰ প্ৰশ্নৰ কোনো উত্তৰ নিদি দবীৰ মিঞাই অনুচ্চ কণ্ঠে ক’লে, ‘‘তোমাৰ বাহিৰে আৰু যাওঁতা কোন আছে কোৱা? তুমি ইংৰাজী জানা। ইংৰাজী ভালকৈ ক’ব পাৰা।’’

‘‘মিলিটাৰীৰ ওচৰলৈ যাব কৈছে নেকি?’’

‘‘ও!’’

‘‘মই গৈ কিনো কৰিম?’’

‘‘গৈ ক’বা এই গাঁৱত কোনো চিন্তা নাই। পাকিস্তানৰ পতাকাখন হাতত লৈ যাবা৷ ভয়ৰ একো কাৰণ নাই।”

ভালেমান সময় মাষ্টৰ নীৰৱ হৈ থাকিল। দবীৰ মিঞা বিৰক্ত হ’ল। বিৰক্তিৰে ক’লে, ‘‘কি হ’ল, মুখৰ মাত নোহোৱা হ’ল যে?”

‘‘মই কেনেকৈ যাও হাঁ? ঘৰত ইমান ডাঙৰ বিপদ। পুতিৰ বাচ্চা হ’ব।’’

‘‘তোমাৰ ইয়াত কি কাম মাষ্টৰ? তুমি ডাক্টৰো নহয়, কবিৰাজো নহয়।”

মাষ্টৰে ক্ষীণ মাতেৰে ক’লে, ‘‘পাকিস্তানৰ পতাকা মই ক’ত পাওঁ এতিয়া?’’

‘‘কিয়, স্কুলৰ পতাকাখন কি হ’ল?’’

‘‘পেলাই দিছোঁ।”

‘‘পেলাই দিছা? কিয়?”

মাষ্টৰে কোনো উত্তৰ নিদিয়ে। দবীৰ মিঞাই খঙেৰে ক’লে, ‘‘আই. এ. পাছ কৰিলে কি হ’ব মাষ্টৰ, তোমাৰ জ্ঞান বুদ্ধি অলপো নহ’ল। কোন আক্কেলত তুমি পতাকাখন পেলাই দিলাহে? এতিয়া কি কৰা কৰা। যোৱা খালী হাতে।”

‘‘মোৰ ভয় লাগে চাচাজান।”

‘‘ভয়ৰ একো নাই। সিহঁততো আৰু বাঘ-ভালুক নহয়। তুমি গৈ সিহঁতক অলপ খাতিৰ-বাতিৰ কৰিবা, দুই-এটা কথা ক’বা। এক মিনিটৰ মামলা। কি কৱ আচমত?’’

‘‘নায্য কথাই কৈছা।’’

আৰু দেৰি নকৰিবা। আন্ধাৰ হোৱাৰ আগতেই যোৱা।

‘‘অকলে?’’

অকলে যোৱাই ভাল। অকলেই যোৱা। তিনিবাৰ “কুলহু আল্লাহ” বুলি কৈ সোঁভৰি প্ৰথমে পেলাবা। পাঁচবাৰ মনে মনে ক’বা, ‘‘ইয়া মুকাদ্দেমু’’৷ একো ভয় নাই মাষ্টৰ। আল্লাহৰ নাম অতি পৱিত্ৰ। তেওঁৰ মহিমা অপাৰ।”

আজিজ মাষ্টৰ মূৰ তল কৰি বহি থাকিল। তেওঁৰ আকৌ জোৰেৰে পেচাপ লাগিল। ঘৰৰ ভিতৰত পুতিয়ে কুঁ কুঁ কৰিছে। প্ৰথম পোৱাতি। খুব ভোগাব যেন লাগিছে।

ভনীজনীক এনেকৈ পেলাই থৈ যাওঁ কেনেকৈ?”

‘‘এইটো আকৌ কি কথা? তুমি ঘৰত থাকি কৰিবানো কি? খালী বেকুবৰ দৰে কথা কোৱা। উঠা, যোৱা এতিয়া।”

আজিজ মাষ্টৰ উঠিল।

চকু দুটা সৰু কৰি মেজৰ চাহাবে তেওঁৰ ফালে বহু সময় চাই থাকিল। অন্ধকাৰ হৈ আহিব ধৰিছে৷ মেজৰ চাহাবৰ মুখৰ ভাব বুজা নাযায়। কাঠৰ এটা বেচ ডাঙৰ বাকচৰ ওপৰত তেওঁ বহি আছে। ভৰি দীঘলকৈ মেলা। পৰিষ্কাৰ বঙালীত মেজৰে কৈ উঠিল, ‘‘কি লাগে?’’

আজিজ মাষ্টৰ থতমত খাই গ’ল। এওঁ বঙালী জানে নেকি? কি আশ্চৰ্য্য!

‘‘কি লাগে তোমাক?’’

‘‘হুজুৰ, একো নালাগে?’’

মেজৰ চাহাবে এইবাৰ ইংৰাজীতে ক’লে, ‘‘একোৱেই যদি নালাগে তেনেহ’লে ইয়ালৈ আহিছা কিয়? তামাচা চাবলৈ হাঁ? ইয়াত চাৰ্কাচ হৈছে নেকি?’’

আজিজ মাষ্টৰ ঘামিবলৈ ধৰিলে৷ মেজৰ চাহাবে ইয়াৰ পিছৰ কথা-বতৰা ইংৰাজীতে চলাই নিলে। আজিজ মাষ্টৰে বেছি ভাগ উত্তৰ বাংলাতে দিলে। তাতে অৱশ্যে কাৰো একো অসুবিধা নহ’ল, মেজৰ চাহাবে বাংলা ভালদৰে বুজি পায়।

‘‘তুমি কি কৰা?’’

‘‘মই এই গাঁৱৰ প্ৰাইমেৰী স্কুলৰ টিছাৰ।’’

‘‘ইয়াত স্কুলও আছে নেকি?’’

‘‘হয় ছাৰ।”

‘‘আৰু কি কি আছে ইয়াত?’’

‘‘এটা মচজিদ আছে।”

‘‘কেৱল মচজিদ? মন্দিৰ নাই? পূজা হয়নে তাত?’’

‘‘নহয় ছাৰ।”

‘‘মন্দিৰ আছে নে নাই-ঠিকমতে ভাবি-চিন্তি কোৱা।”

‘‘নাই ছাৰ।”

মেজৰ চাহাবে পাইপ জ্বলালে। শীতল কণ্ঠে কোনোবা এজনক পাঞ্জাবী নতুবা তেনে অন্য কোনো ভাষাত কিবা এষাৰ ক’লে। যিজনক ক’লে তেওঁ আগুৱাই আহিল আৰু আজিজ মাষ্টৰৰ গালত এক প্ৰচণ্ড চৰ শোধালে। আজিজ মাষ্টৰ চিৎ হৈ পৰি গ’ল। আমগছত বান্ধি থোৱা বদি পাগলে অত্যন্ত আচশাৰ্য্যচকি‍ত হৈ ক’লে, ‘‘এ মাষ্টৰ উঠ উঠ৷’’যেন ক’তো একোৱেই হোৱা নাই তেনে ভংগীত মেজৰ চাহাবে ক’লে, ‘‘তোমাৰ নাম কি?’’

‘‘আজিজুৰ ৰহমান।”

আজিজুৰ ৰহমান, তোমালোকৰ এইফালে মুক্তি বাহিনী আছে?

‘‘নাই৷’’

‘‘ইয়াৰ চব পাকিস্তানি?’’

‘‘হয়।’’

‘‘বাহ! বেচ ভাল কথা। তুমি নিজেও এজন খাটি পাকিস্তানি নহয় জানো?’’

‘‘হয় ছাৰ।’’

‘‘চবেই যদি পাকিস্তানি তেন্তে ইমান ভয় কিয়? মোৰ ভাব হৈছে এই গাঁৱৰ সকলো ভয়ত পলাইছে। গাভৰু ছোৱালীবোৰ জংগলত লুকাই আছে, হয় নে?’’

আজিজ মাষ্টৰে কোনো উত্তৰ নিদিলে। তেওঁৰ মূৰ ঘূৰাইছে। বমি বমি লাগিছে। অশেষ কষ্টেৰে তেওঁ বমিৰ ভাব নিয়ন্ত্ৰণ কৰিলে।

‘‘তোমালোকৰ কি ধাৰণা আমি তোমালোকৰ ছোৱালীবোৰ ধৰি-বান্ধি লৈ যাম?’’ আজিজ মাষ্টৰ চুপ হৈ থাকিল।

 ‘‘কি হ’ল, কথা কোৱা নাই যে? তোমাৰ ঘৈণীও জংগলত লুকাইছে নেকি?’’

‘‘ছাৰ, মই বিয়া কৰোৱা নাই।’’

‘‘বিয়া কৰোৱা নাই? তোমাৰ বয়স কিমান হাঁ?’’

‘‘চল্লিছ৷’’

‘‘চল্লিছ, কিন্তু এতিয়াও বিয়া কৰোৱা নাই? তোমাৰ চলে কেনেকৈ? মাষ্টাৰবেট কৰা নেকি?’

আজিজ মাষ্টৰে কপালৰ ঘাম মছিলে। মেজৰ চাহাবে হুংকাৰ দিলে, ‘‘কথাৰ উত্তৰ দিয়া।’’

ৰফিকুদ্দিনে ক্ষীণ মাতেৰে ক’লে, ‘‘ছাৰে জানিব বিছাৰিছে আপুনি হস্তমৈথুন কৰে নে নকৰে। কৈ পেলাওক ভাই। ছাৰৰ খং উঠিছে।”

‘‘নকৰোঁ।”

‘‘আৰে, কি কোৱা ? তোমাৰ যন্ত্ৰ-পাতি ঠিক আছেতো ? চাও পায়জামা খুলি চবকে দেখুওৱাচোন।”

‘‘ছাৰ কি ক’লে?’’

‘‘পায়জামা খুলি তোমাৰ যন্ত্ৰটো সকলোকে দেখুৱাবলৈ ক’লোঁ। পটাপট কৰা। দেৰি নকৰিবা। আমাৰ হাতত বেছি সময় নাই।”

আজিজ মাষ্টৰে অবাক হৈ ৰফিকুদ্দিনৰ ফালে চালে। ৰফিকুদ্দিনে অস্পষ্ট মাতেৰে ক’লে, ‘‘খুলি পেলাওক ভাই। মতামানুহৰ মাজত কিহৰ লাজ? খুলি পেলাওক, ছাৰৰ খং উঠিছে।”

মেজৰ চাহাবে ক্ষীণ সুৰত কিবা এষাৰ ক’লে। কোনোবা এজনে আহি একেটানে আজিজ মাষ্টৰৰ পায়জামা তললৈ নমাই দিলে। মেজৰ চাহাবে ক’লে, ‘‘জাঙ্গিয়াটোও খুলি দিয়া।”

আজিজ মাষ্টৰে দুহাতেৰে লজ্জা নিবাৰণৰ চেষ্টা চলালে। চাৰিওফালে এটা মৃদু হাঁহিৰ ৰোল উঠিল। কোনোবা এজনে কাগজৰ লাড়ু বনাই মাষ্টৰৰ গালৈ দলিয়ালে। মেজৰ চাহাবে ক’লে, ‘‘তুমি পাকিস্তানিবোৰক ভাল পোৱানে?”

‘‘হয় ছাৰ।”

‘‘ভেৰি গুড। মোকো নিশ্চয় ভাল পোৱা? নোপোৱা জানো? কোৱা, কৈ পেলোৱা।”

‘পাওঁ ছাৰ।”

‘‘যিয়ে তোমাক লেংটা কৰি থিয় কৰাই ৰাখিছে তাকো তুমি ভাল পোৱা। তুমি দেখিছোঁ মস্ত এজন বিশ্বপ্ৰেমিক।’’

মেজৰ চাহাবে অনুচ্চ স্বৰে কিবা এষাৰ ক’লে আৰু চাৰিওফালে হাঁহিৰ জোৱাৰ উঠিল। বদি পাগলে চকু ডাঙৰ কৰি কৰি ক’লে, ‘‘মাষ্টৰ, তোমাৰ কাপোৰ ক’ত? এই মাষ্টৰ।’’

আজিজ মাষ্টৰে ঘোলা চকুৰে বদি পগলাৰ ফালে চালে। তেওঁৰ বমি বমি ভাবটো নাইকিয়া হৈছে। মাত্ৰ পিছমূৰত এক তীব্ৰ তীক্ষ্ণ যন্ত্ৰণা। মেজৰ চাহাবে ক’লে, ‘‘আজিজুৰ ৰহমান, তুমি ভয়তে মিছা কথা কৈছা প্রাণ ৰক্ষাৰ বাবে। সত্য কথা ক’লে তোমাক এৰি দিম, তুমি মোক ভাল পোৱা নে?’

‘‘নাপাওঁ।”

‘‘এই যে, আচল কথা এতিয়াহে ওলাইছে। তুমি জানো নিবিচাৰা, এইখন বাংলাদেশ হওক?”

‘‘হয় ছাৰ।”

‘‘তুমি তাৰমানে এজন দেশদ্ৰোহী। দেশদ্ৰোহীৰ মৃত্যুদণ্ড হোৱা উচিত। মই সেই ব্যৱস্থাই কৰিব বিচাৰিছোঁ। নে তুমি বাচিব বিছাৰিছা?”

আজিজ মাষ্টৰে কোনো উত্তৰ নিদিলে।

‘‘দেৰি নকৰিবা। কৈ পেলোৱা তুমি বাচিব বিচাৰা নে নাই।’’

‘‘ৰফিকুদ্দিনে ভীত মাতেৰে ক’লে, ‘‘কওক ভাই, বাচিব বিচাৰোঁ। এনেকুৱা কিয় কৰিছে? আপুনি কেৱল নিজৰ বিপদ মাতি আনিছে।’’

বদি পাগলে আকৌ কথা কৈ উঠিল, ‘‘অ’ মাষ্টৰ কাপোৰ পিন্ধ। তুমি লেংটা৷’’

আজিজ মাষ্টৰ স্থানুৰ দৰে থিয় হৈ থাকিল। মেজত চাহাবে ক’লে, ‘‘কাপোৰ পিন্ধ। কাপোৰ পিন্ধি মোৰ সমুখৰ পৰা আঁতৰি যা। ক্লিয়াৰ আউট।’’

আজিজ মাষ্টৰে কাপোৰ নিপিন্ধিলে। হঠাৎ এজেবা থু পেলালে। সেই থু মেজৰ চাহাবৰ সোঁ ভৰিৰ পেণ্টৰ আঁঠুত আহি পৰিল। মেজৰ চাহাবে মূৰ দাঙি চালে। চাৰিওফালে মৰিশালিৰ নীৰৱতা বিৰাজ কৰিছে। আজিজ মাষ্টৰ অলপ আগুৱাই আহি আৰু এজেবা থু পেলালে। সেই থু মেজৰ চাহাবৰ ছাৰ্টত আহি পৰিল। এইবাৰ মেজৰ চাহাবে অতি শান্ত মাতেৰে ক’লে, ‘‘যথেষ্ট বিশ্ৰাম হ’ল। এইবাৰ আমি ইয়াৰ পৰা যাম।’’

পাকিস্তানী সৈন্যবোৰে মাৰ্চ কৰি আগবাঢ়িছে। মেজৰ চাহাবৰ মুখ অসম্ভৱ বিবৰ্ণ। তেওঁৰ পিছফালে শিৰ উন্নত কৰি থিয় হৈ আছে এজন নগ্ন মানুহ৷

*     *     *

ঠিকনা :

বিদ্যুৎ বিকাশ শৰ্মা

টেলিফোন কেন্দ্ৰ, বি এচ এন এল

পানবজাৰ, গুৱাহাটী-১

ম’বাইল নম্বৰ : ৯৪৩৫৭২৯৬৬৯

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close