Written by 1:13 pm Articles

গোন্ধ

 পল্লৱী কৌশিক শৰ্মা

উস্, কি যে বিড়ম্বনা!

অদ্ভুত, অকটা গোন্ধটোত যেন হলকা-হলকে বমিয়াই দিব নলিনী দত্তই৷ নাসিকা তন্ত্ৰৰে উৰ্ধগামী হোৱা অসহ্যকৰ গোন্ধটো দত্তৰ কপালৰ কুম দুটাৰ ধপ্‌ধপনিৰ কাৰক হৈ পৰে৷ দুৰ্গন্ধময় বতাহ এসোপা পেটৰ ভিতৰলৈকে প্ৰৱেশ কৰি মানুহজনৰ বয়সে সংকুচিত কৰা পেটটোও অস্বাভাৱিকভাৱে ওফন্দাই পেলায়৷ গোন্ধটোৰ পৰা নিস্তাৰ পাবলৈকে নাকৰ ফুটা দুটাত তৰ্জনী আৰু বুঢ়া আঙুলিৰ মূৰেৰে জোৰৰে চাপ প্ৰয়োগ কৰাৰ ফলত কোনোবা সময়ত মানুহজনে আনকি উশাহ টানি লোৱাতো ভীষণ কষ্টৰ সম্মুখীন হয়৷

এই যে গোন্ধ এটাৰ তীব্ৰতাই জীৱনকালৰ পঁয়সত্তৰটা বসন্ত গৰকা, নলিনী দত্ত নামৰ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াজনৰ জীৱনটোৱেই দুৰ্বিসহ কৰি তুলিছে— সেই  কথাটো কেৱল আজিৰে নহয়৷

এৰা, বহু দিন… আচলতে বহু মাহেই হ’বৰ হ’লহি৷ যিদিনা অকস্মাত মূৰটো ঘূৰাই পৰি যোৱাত পৰৱৰ্তী সময়ত কোনোবা এখন অত্যাধুনিক চিকিৎসালয়ৰ কিছুমান উন্নত মানৰ মেশ্যিন সংলগ্ন এখন আটকধুনীয়া বিছনাত নিজকে তেওঁ উদ্ধাৰ কৰিছিল, যিদিনা আমৃত্যু সুস্থ হৈ থকাৰ উদ্দেশ্যে নিয়মিত সেৱন কৰি অহা ভিটামিন আৰু প্ৰ’টিন পাউদাৰবোৰৰ চূড়ান্ত বিশ্বাসঘাতকতাত নিত্য নৈমিত্তিক কাৰ্যখিনি সম্পন্ন কৰিবলৈকে সহায়িকা ৰ’জিৰ প্ৰয়োজন অনুভৱ কৰিছিল, ঠিক সেইদিনাৰ পৰাই যেন গোন্ধ এটাই তেওঁক খেদি ফুৰিছে৷

সম্প্ৰতি চিৰসেউজ আৰু পৰমুখাপেক্ষী নহয় বুলি মিছা অহংকাৰত মত্ত নিলিনী দত্ত, সময় হাতুৰীৰ প্ৰচণ্ড কোবত ধৰাশায়ী এজন বিধ্বস্ত পুৰুষ৷ ঠিক আকাশমুখী গছ এজোপাৰ কোনোবা এটা ঠেঙুলিত, বতাহৰ তালে তালে ডুলি সৰি পৰাৰ বাবে অপেক্ষাৰত এখিলা যেন হালধীয়া ৰং ধৰা পাত!

সুদূৰ আমেৰিকাৰ পৰা দত্তৰ একমাত্ৰ পুত্ৰ সাগৰে দেউতাকৰ অসুস্থতাৰ বিষয়ে জানিবলৈ যেতিয়া ফোন কৰে, ইথাৰৰ সিপাৰৰ পৰা ভাহি অহা প্ৰতিটো শব্দই ক্ৰমান্বয়ে একোটা গেলা গোন্ধ হৈ দত্তৰ কৰ্ণকুহৰেদি সমগ্ৰ শৰীৰতে বিয়পি পৰে৷ শৰীৰৰ প্রতিডাল সি‍ৰা-উপসি‍ৰাৰে বিয়পি যোৱা এটা শাব্দিক দুৰ্গন্ধই মানুহজনৰ শৰীৰটোও বিষাক্ত দাঁত এসোপা হৈ কুটি কুটি খাবলৈ ধৰে৷ অকল শৰীৰেই নে! মনটোও।মূৰটো আচন্দ্ৰাই কৰা যেন অনুভৱ হয় নলিনী দত্তৰ৷ অসহ্য ছটফটনিত অস্থিৰ হৈ উঠে তেওঁ৷ দূৰভাষ যন্ত্ৰটো চৰম বিতৃষ্ণাত থেকেচি দি, নাকটো হাতৰ তলুৱাৰে সোপা মাৰি ধৰে৷ 

উস্… নোৱাৰি.. নোৱাৰি…৷

অসহ্যকৰ পীড়া! অদ্ভুত কুটকুটনি!

কিয় ফোন কৰে সাগৰে! কি জানিবলৈ বিচাৰে! দেউতাকৰ এই অসহায় অৱস্থাটোক উপলুঙা কৰে নেকি সি! 

তাৰ পাছত বহু পৰলৈ উলংগ শৰীৰটোৰে শ্বাৱাৰৰ শীতল পানীবোৰ বোৱাই দি গোন্ধটোৰ পৰা মুক্ত হ’বলৈ যত্ন কৰে দত্তই৷ পিছে নাযায়৷ গোন্ধটো কোনোপধ্যে বিচ্ছিন্ন হ’ব নোখোজে নলিনী দত্তৰ বয়সে চেঁচা পেলোৱা শৰীৰটোৰ পৰা৷ অথচ শ্বাৱাৰৰ শীতল পানীয়ে বুকুৰ কামিহাড়লৈকে কঁপাই তোলে মানুহজনক৷

গোন্ধটোৰ উৎস বিচাৰি দত্ত উন্মাদপ্ৰায় হৈ পৰে৷ বাহী বিয়াৰ ৰভাঘৰত অৱহেলিত হৈ পৰি ৰোৱা চকীকেইখনৰ দৰে নলিনী দত্তৰ বিশাল প্ৰাসাদোপম ঘৰটোৰ চুকে-কোণে পত্নী সুৱগাই সজাই ৰখা নিৰ্জীৱ বস্তুবোৰৰ ওপৰতো কমখন নিৰ্যাতন চলায়নে তেওঁ! অনবৰতে ডেট’ল, ফেনাইলেৰে স্পর্শধন্য হৈ, জীৱহীন বস্তুবোৰো সম্প্ৰতি কিবা কেমিকেল ৰিয়েকশ্যনত স্বকীয়তা হেৰুৱাই বিৱৰ্ণপ্ৰায় হোৱাৰ পথত৷ তদুপৰি দামী-দামী সুগন্ধিযুক্ত বিভিন্ন ব্ৰেণ্ডৰ ধূপবোৰ আছেই৷

আজিকালি দত্তৰ ঘৰখনৰ পৰা বতাহে কঢ়িয়াই অনা বিভিন্ন প্ৰকাৰৰ গোন্ধৰ সমাহাৰত সহায়িকা ৰ’জিৰ লগতে ওচৰ চুবুৰীয়ায়ো পৰম অস্বস্তিত দিন কটাবলগীয়া পৰ্যায় এটা আহি পৰিছে৷ মাহেকীয়া ৰেচন-পাতিখিনিৰ যোগান ধৰা ডেলিভাৰি বয় ৰাজুৰ বাবেতো নলিনী দত্তৰ কাৰণে মহা মূল্যৱান হৈ পৰা গোন্ধ নিবাৰক বস্তুকেইবিধৰ যোগান ধৰাটো এতিয়া এটা মস্ত বিৰক্তিকৰ কাম৷ ম’বাইল ফোনৰ স্ক্ৰীনত মানুহজনৰ নামটো ফ্লাশ্ব হোৱাৰ লগে লগে পৰম উষ্মাৰে তাৰ মুখৰ পৰা নিৰ্গত হোৱা প্ৰথম বাক্য শাৰীয়েই হৈছে …

—ধেই, ক’লালে আৰু! পানীৰ সলনি ডেট’ল ফেনাইল সোপাকে গিলি-গিলি জীয়াই আছে নেকিহে বুঢ়াটো!

তাৰ মতে, অহৌবলিয়া কাম কিছুমান কৰি ফুৰা দত্ত এশ শতাংশই এজন পাগলেই হ’ব লাগিব৷ অৱশ্যেই তাৰ যুক্তিত দম নথকাও নহয়৷ কোন সুস্থ মানুহে বাৰু সপ্তাহত দুই/ তিনিটাকৈ ফেনাইলৰ বটল ব্যৱহাৰ কৰি শেষ কৰাৰ নজিৰ আছে!

গোন্ধ এটাই দত্তক সৌ তাহানিতেও অস্বস্তিত পেলাইছিল৷ পিছে তেতিয়াৰ কথাবোৰ এনেকুৱা নাছিল৷ আচলতে তেতিয়াৰ গোন্ধটো ইমানো অকটা নাছিল৷

পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হোৱা সুৱগাৰ পিঠিখন যেতিয়া সৰু-ডাঙৰ ঘা এগালে গেলাই পেলাইছিল, কেচেমা-কেচেম গোন্ধ এটাই নিলিনী দত্তৰ শোৱনী কোঠাত বিয়পি থকা বতাহখিনি তেতিয়াও দুৰ্গন্ধময় কৰি তুলিছিল৷ তেওঁলোকৰ একমাত্ৰ পুত্ৰ সাগৰে হয়তো বয়সৰ জোখাৰে পোন্ধৰ অথবা ষোল বছৰত ভৰি দিছিল৷ পিছে মাকৰ মমতা, মাকৰ শৰীৰৰ দুৰ্গন্ধতকৈ তাৰ বাবে যেন কোনো প্ৰকাৰে ঊৰ্ধত নাছিল৷ ৰুগীয়া মাকজনীক দুৱাৰমুখৰ পৰা ভুমুকি মাৰি চায়েই সাগৰে পুত্ৰৰ কৰ্তব্য পালন কৰিছিল আৰু নীৰৱে চকুলো টুকিছিল দত্তই৷ আচলতে সুৱগাৰ শাৰীৰিক অৱনতিতকৈও মাকৰ প্ৰতি সাগৰৰ মনত উদয় হোৱা অপ্ৰত্যাশিত অৱজ্ঞাইহে নলিনী দত্তৰ বুকুখন বিষালি কৰি তুলিছিল৷ জীৱনৰ মৰ্মাৰ্থ বুজিব পৰাকৈ অথবা মাকক চিৰদিনলৈ হেৰুওৱাৰ ভয়ত, শেলুৱৈ বিষাদ এখিনিয়ে গজালি মেলিব পৰাকৈ অনুভৱৰ বিশালতাৰে পৰিপক্ব হৈ উঠা নাছিল জানো সাগৰ! এনে কঠুৱা হ’ব পাৰেনে এজন পুত্ৰৰ হৃদয়!

নলিনী দত্তই আলফুলে ঘৈণীয়েকৰ পিঠিৰ ঘা-ফোঁহাবোৰ চাফা কৰি, গৰম পানীৰে ধুই, শুকনি মলমৰ প্ৰলেপ লগাই দিছিল৷ পকি পকি ফাটি যোৱা ফোঁহাবোৰৰ পৰা নিৰ্গত তেজ-পূঁজৰ গোন্ধকো উশাহত উজাই লৈ তেওঁ সুৱগাৰ কাষতে শুই পৰিব পাৰিছিল অকাতৰে৷ দিনৰ পাছত দিন ঘৰখনৰ সমস্ত দায়িত্ব পালন কৰিও ভাগৰি পৰা নাছিল তেওঁ৷

সুৱগাৰ শাৰীৰিক পীড়া আৰু নলিনী দত্তৰ মানসিক যন্ত্ৰণাখিনিৰ মাজত কিবা প্ৰভেদ আছিলনে চাগৈ তেতিয়া! এখিনি বিষে তেওঁকো জানো কোঙা কৰা নাছিল!

কিমানখিনি মনৰ টান থাকিলে বা কিমান আপোন হ’লে মানুহে আচলতে সকলো কথাই আগ্ৰাহ্য কৰি এটা সম্পৰ্কক লালন কৰা সম্ভৱ হৈ উঠে! আচলতে কিমানখিনি প্ৰেমে যিকোনো পৰিস্থিতি, যি কোনো ৰূপতে কাৰোবাক ভাল পাই থাকিব পৰাকৈ মনটোক সুদৃঢ় কৰি তোলে!

সাগৰ আৰু ৰিমাৰ মাজত আছিলনে সিমানখিনি প্ৰেম!

গোন্ধ এটাই সেইদিনাও দত্তক বাৰুকৈ অশান্তি দিছিল৷ যিদিনা অন্তঃসত্তা ৰিমাৰ চুলিকোছাতে খামুচি ধৰি সাগৰে তাইক গালে-মুখে উপৰ্যুপুৰি লপাথপা দিয়া স্বচক্ষে দেখা পাইছিল তেওঁ৷ বনকৰা ছোৱালীজনীয়ে লোকচক্ষুৰ আঁৰত সাগৰৰ বীৰ্য গৰ্ভত ধাৰণ কৰাটো জানো এটা মাৰাত্মক ভুল আছিল!

নাছিল৷ কোনোপধ্যে সেয়া ভুল নাছিল৷ যদিহে সেই ভ্ৰূণটোৰ আধাৰ বা সেই ভ্ৰূণটোৱে গজালি মেলাৰ আঁৰত সাগৰৰ নিঃস্বাৰ্থ ভালপোৱাই একমাত্ৰ কাৰক হৈ থাকিলহেঁতেন! পিছে নিষ্পাপ ছোৱালীজনীক প্ৰতাৰণাৰ জালেৰে মেৰিয়াই জৈৱিক তাড়না পূৰণৰ সাগৰৰ কু-অভিসন্ধিহে আছিল সেয়া৷

সত্য বোধগম্য হোৱাত, নলিনী দত্তৰ ভৰিৰ তলৰ মাটিখিনি যেন নোহোৱা হৈ পৰিছিল! মাকৰ অনুপস্থিতিত উপযুক্ত কৰি ল’ৰাটোক গঢ়ি তুলিব নোৱৰাৰ অপবাদেৰে নিজকে দোষাৰোপ কৰি মুহূৰ্ততে খহি পৰি নিঃশেষ হৈ গৈছিল মানুহটো৷

ইমানবোৰ যাতনা সহিও পিতৃত্বৰ গৌৰৱেৰে বুকুখন ভৰাই ৰখা সম্ভৱ জানো!

ছলনা আৰু বিশ্বাসঘাতকতাৰ কালিমাৰে মলিয়ন হৈ পৰা পুত্ৰ সাগৰৰ দেহৰ অকটা গোন্ধত নলিনী দত্ত বহু দিনলৈকে প্ৰকৃতিস্থ হৈ উঠা নাছিল! মৰহা বকুলৰ মালা এধাৰ পৰিধান কৰি দেৱালৰ গজাল এটাত ফটো হৈ ওলমি ৰোৱা প্ৰিয়তমা পত্নী সুৱগাক ক্ষমা খুজি, শোৱাকোঠাৰ চকীখনতে বহি কিমানবোৰ উজাগৰী নিশা যে পাৰ কৰি দিছিল তেওঁ!

বৰ কষ্টকৰ, বৰ কষ্টকৰ৷

অনুশোচনাৰ সৈতে নৈশ যাপন সঁচাই বৰ কষ্টকৰ!

পিছে নলিনী দত্ত জীয়াই থাকিল৷ সময়ৰ পাকচক্ৰত থৰকাচুটি হেৰুৱাই হলা গছৰ দৰে শিৰ নত কৰিবলৈ বাধ্য হ’ল যদিও, কাপুৰুষৰ দৰে আত্মহত্যা কৰি নিজকে শেষ কৰি দিব নোৱাৰিলে তেওঁ৷ উচ্চ শিক্ষাৰ হেতু সাগৰক আমেৰিকালৈ পঠোৱাৰ বিৱেচনাৰে তেওঁ অকলশৰীয়া জীৱন এটাকে আঁকোৱালি লোৱাই উচিত হ’ব বুলি তাৎক্ষণিক সিদ্ধান্ত এটা লৈ পেলালে৷ সুৱগাক হেৰুৱাই এফাল শূন্য হৈ পৰা নলিনী দত্তৰ বুকুখন এইবাৰ সম্পূৰ্ণৰূপে শূন্যতাৰে পৰিপূৰ্ণ হৈ পৰিল যদিও ঘৰখনৰ দুৰ্গন্ধময় পৰিৱেশটোলৈ যেন সেয়া আছিল এক সাময়িক সকাহ!

*     *      *

সেইদিনা যদি হঠাতে গাটো বেয়া লাগি মজিয়াতে ছি‍টভেলেঙা খাই নপৰিলহেঁতেন অথবা ৰ’জিৰ ফোন কলটো ৰিচিভ কৰি দুদিন পাছতে পুত্ৰ সাগৰ আৰু নাতি ল’ৰা ৰিয়’ সুদূৰ আমেৰিকাৰ পৰা তেওঁৰ ওচৰলৈ নাহিলহেঁতেন… ঘটনাবোৰ চাগৈ এনেকুৱা নহ’লহেঁতেন নেকি!

—গোন্ধ এবিধ কেমিকেল ছেঞ্চ্৷ গোন্ধক বুজিবলৈ হ’লে সেই বস্তুৰ শ্লৈস্মিক জিলিৰ সংস্পৰ্শলৈ আহিব লাগিব বা তাৰ জলীয় অংশত দ্ৰৱীভূত হ’ব লাগিব৷ 

দত্তৰ লগত তেনেহ’লে এনেকুৱা কি হৈছে যে উৎসস্থল ঠাৱৰ কৰিব নোৱৰা এটা দুৰ্গন্ধই প্ৰতিনিয়ত মানুহজনক টিলটিলকৈ জীয়াতু ভুগাইছে! সেই গোন্ধৰ প্ৰাদুৰ্ভাৱত তীব্ৰ যন্ত্ৰণাত পিষ্ট হ’ব খোজা তেওঁৰ শৰীৰটোৱেও যেন ক্ৰমে হাৰ মানিব বিচাৰিছে৷

কথাবোৰৰ আদি-অন্ত বিচাৰি এটা শূন্য মানসিক স্থিতিত ওলমি ৰোৱা অৱস্থাতে অদ্ভুত গোন্ধ এটা নলিনী দত্তৰ হাঁওফাঁওটোৱে যেন নিশাহত এৰি দিলে! ক্ষন্তেকতে গোন্ধটো তেওঁৰ চৌপাশৰ বতাহত দ্ৰৱীভূত হৈ মানুহজনক নাকে-মুখে হেঁচা মাৰি ধৰিলে৷ পেটটোও পকাই আহিল তেওঁৰ৷ পেটৰ ভিতৰত যেন কেঁচু-কুমটি এগালৰহে মুক্ত বিচৰণ এয়া! ৱাশ্ব্ বেচিনটোলৈ দৌৰি গৈ হলকা-হলকে বমিয়াই দিলে তেওঁ৷

উস্… এই বমিসোপাৰ লগতে গোন্ধটোৱেও যদি লগ এৰা দিলেহেঁতেন!

উপশম কি এই যাতনাৰ!

কি কৰা যায়!

আত্মহত্যা!

ওলমি দিয়াই সহজ হ’ব নেকি চিলিং ফেনখনত, নে ফেনাইলৰ বটলটো খুলি ধকধককৈ পি দিব জুলীয়া বিহ এগাল!

হাজাৰ ধুমুহায়ো টলাব নোৱৰা, সুৱগাৰ অবিহনেও সাগৰক ডাঙৰ কৰি আত্মনির্ভৰশীল জীৱন এটা জী থাকিবলৈ পাৰ্যমানে চেষ্টা কৰা, আঙুলিৰ টিলিকতে বিচৰা বস্তুবোৰ ধনৰ জোৰেৰে কাষ চপাই লোৱাৰ সামৰ্থ্য ৰখা এজন পুৰুষ— এইদৰে হেৰাই যাবনে পৃথিৱীৰ বুকুত! আত্মহত্যা কৰিব তেওঁ? ন’, নেভাৰ৷ এইদৰে হেৰাই গৈ তেওঁ নিজকে কাপুৰুষৰ শাৰীত থিয় কৰাব নোৱাৰে৷ সুৱগাই তেওঁৰ প্ৰতি ৰখা বিশ্বাস আৰু আস্থাৰ লগত অন্যায় হ’ব এয়া৷ 

শোৱনি‍কোঠাৰ সেই নিৰ্দিষ্ট চকীখনত দুৰ্বল শৰীৰটো অলসতাৰে এৰি দিলে নলিনী দত্তই৷ এই চকীখনতে বহি সুৱগাৰ চকুত চকু থৈ আত্মালাপত ব্যস্ত হোৱাটো তেওঁৰ এটা পুৰাতন অভ্যাস৷

সৌৱা… সুৱগাই দেখোন একেথৰে তেওঁলৈকে চাই ৰৈছে৷ অভিমানত ওফন্দি উঠা গাল দুখনৰ সৈতে চেলাউৰিকেইডালো সামান্য কোঁচ খুৱাই কি জানো ভোৰভোৰাই উঠিছে মানুহজনীয়ে!

: কিয়নো খং খাই উঠাঁ সুৱগা? নোৱাৰিছোঁ আৰু মই৷ জীৱনৰ এই বিয়লি বেলাত বৰ দুখ লগাকৈ হাৰি গ’লোঁ অ’৷ তোমাৰ অবিহনে বৰ কষ্ট হৈছে জীয়াই থাকিবলৈকে৷

: কি যে অগলা-পগলা কথা কিছুমানৰে নিজকে অশান্তি দিছে নহয় মানুহজনে? কেনেকৈ হাৰি গ’লা তুমি কোৱাঁচোন বুজাই৷ সৌ তাহানিয়েই তোমাক অকলশৰীয়া কৰি অজান মুলুকত আহি ঘৰ কৰিলোঁহি মই৷ তেতিয়াৰে পৰা ঘৰখনৰ দায়িত্ব, সাগৰৰ দায়িত্ব পৰম নিষ্ঠাৰে তুমিয়েই জানো পালন কৰি অহা নাই৷ কিনো প্ৰলাপখন বকিছা?: নোৱাৰিলোঁ সুৱগা৷ মই সাগৰক উপযুক্ত শিক্ষাৰে গঢ় দিয়াত অসমৰ্থ হ’লোঁ৷ তুমি থকা হ’লে কথাবোৰ নিশ্চয় বেলেগ হ’লহেঁতেন! এতিয়া মোৰ শৰীৰত এজন অক্ষম পিতৃৰ তেজৰ দুৰ্গন্ধ৷ জীৱন যুদ্ধত পৰাজিত এজন দুৰ্বল মানুহৰ শৰীৰৰপৰাও বৰ লেতেৰা গোন্ধ এটা বাহিৰ হয় অ’ সুৱগা৷  তুমি নুবুজিবা৷ আচলতে এই বিষাদক উপলব্ধি কৰিবলৈ অশান্তিজর্জৰ সময় এখিনিক পিছত এৰি তুমি ইতিমধ্যেই বহুযোজন বাট আগুৱাই গ’লা৷ গতিকে তোমাৰ বাবে কথাবোৰ অৰ্থহীন৷ মই মুক্তি বিচাৰোঁ সুৱগা৷ সকলো মায়া-মোহ, পাৰ্থিৱ সুখ-দুখৰ পৰা চিৰবিদায় লৈ তোমাৰ সান্নিধ্যৰে অপাৰ্থিৱ জগতখনত পুনৰ জী উঠাৰ প্ৰৱল ইচ্ছা হৈছে মোৰ৷ তোমাৰ সুবাস এখিনিৰে বুকুখন ভৰাই পেলাৱাৰ হেঁপাহক দমন কৰি ৰখা কোনোমতে সম্ভৱ নহয় এতিয়া৷  মই আচলতে কি কৰা উচিত সুৱগা? কি কৰোঁ মই কোৱাচোন৷

: আহাঁ, গুচি আহাঁ৷ তুমিহীনতাৰ বিষাদত বুৰ গৈ ময়ো বৰ কষ্টত আছোঁ জানা৷ মইতো ইমান দিনে তোমাৰ বাবেই অপেক্ষা কৰি আছোঁ৷

মিচিকিয়া হাঁহি এটি ওঁঠযুৰিত বিয়পি প্ৰাপ্তিৰ সুখেৰে সুৱগাৰ ধুনীয়া মুখখন উদিত সূৰুযৰ দৰে যেন উজ্জ্বলি উঠিছে৷ অপেক্ষাৰ অন্ত পৰিছে এয়া! এচকল উজ্জ্বল হালধীয়া নলিনী দত্তৰ মুখতো প্ৰতিফলিত হৈ বিষাদৰ ক’লাখিনিক নিমিষতে নিঃশেষ কৰি পেলাইছে৷

চিলমিল টোপনিৰ পৰা খকমককৈ সাৰ পাই উঠিল নলিনী দত্ত৷ স্বপ্নবিলাসী মনটোলৈও এক অনাবিল আনন্দ নামি আহিল তেওঁৰ৷ ক্লান্ত গধুৰ চকু দুটা মোহাৰি এখুজি-দুখুজিকৈ সুৱগাৰ কাপোৰ ভৰ্তি আলমাৰিটোৰ সন্মুখত গৈ থিয় হ’ল তেওঁ আৰু উশাহটো দীঘলকৈ টানি ল’লে৷ চিনাকি-চিনাকি মিঠা গোন্ধ এটা তলাবন্ধ কাঠৰ অলমাৰিটোৰ পৰা ভাহি আহি ক্ষন্তেকতে মানুহজনৰ দেহ-মন পুলকিত কৰি তুলিলে৷ সুৱাসখিনি উশাহৰ লগত একাত্ম কৰি বহুত দিনৰ মূৰত গীত এফাঁকি গুণগুণাবলৈ ভীষণ মন গ’ল তেওঁৰ৷ আলমাৰিৰ তলাটো খুলি এইবাৰ বলিয়াৰ দৰে ইখনৰ পিছত সিখনকৈ সুৱগাৰ কাপোৰবোৰ শুঙি গ’ল মানুহজনে৷ 

নাই… নাই…  সেই অকটা গোন্ধ সুৱগাৰ কাপোৰবোৰত নাই৷ কাপোৰবোৰত কেৱল ভালপোৱাৰ মন জুৰুৱা সুৱাস৷ ওঁঠত গানৰ কলি, উশাহত সুৱগা সুৱগা সুৱাস! কিমান যে প্ৰশান্তি এয়া!

*  *  *

ৰাতিটো মৰহি কুমলীয়া পুৱা এটাই কলিওৱাৰ পৰতে ঘৰৰ পৰা ওলাই আহিল নলিনী দত্ত৷ সিদ্ধান্ত এটা ইতিমধ্যে লৈ পেলাইছে তেওঁ৷ আচলতে দুৰ্গন্ধময় জগতখনৰ পৰা মুক্ত হোৱাৰ আয়োজন এয়া! তেওঁৰ দেহ-মন আজি প্ৰাপ্তিৰ সুৱাসেৰে সুৱাসিত৷ দুচকুত তলবল কৰা দুটোপাল সুখৰ পানী৷ 

মাত্ৰ কেইটামান ছে‍কেণ্ড৷

লাহে লাহে ছুইচাইড মেছিনটোৰ ভিতৰত উশাহৰ বাবে প্ৰয়োজনীয় অক্সিজেন গেছৰ পৰিমাণ কমি আহিব আৰু চিৰদিনলৈ স্তব্ধ হৈ পৰিব নলিনী দত্তৰ বুকুৰ উঠা-নমা৷ 

অস্থিৰতাবোৰ সামৰাৰ ইয়াতকৈ সহজ আয়োজন আৰু কি হ’ব পাৰে! দুৰ্বিসহ হৈ উঠা জীৱনটোক শেষ কৰাৰ চৰম পথ আত্মহত্যাই কিয়! ইচ্ছামৃত্যুকো আঁকোৱালি লৈ থানবান হৈ পৰা জীৱন একোটাৰ পৰা জানো মেলানি মাগিব নোৱাৰি!

নলিনী দত্তৰ বিয়াগোম ঘৰটোৰ এখন টেবুলত পেপাৰ ৱেইট এটাৰ তলত সাগৰক উদ্দেশ্যি লিখা চিঠি এখনে বতাহৰ সৈতে তাল মিলাই, দূৰ দিগন্তলৈ উৰি যাবলৈ অপ্ৰাণ চেষ্টা চলাইছে৷ চিঠিখনৰ আখৰকেইটাই বতাহৰ ভাঁজে ভাঁজে নাচি সাগৰক যেন কৈ আছে…

মোৰ শটোক দাহ কৰি তোৰ হাতখন গোন্ধোৱাব নালাগে বোপাই৷ সেইখিনি কৰ্তব্যৰ পৰাও তোক মই মুক্তি দিলোঁ৷ আহিবি ঘৰখনলৈ৷ এতিয়া ঘৰখনত মেন্থ’প্লাছ, দৰৱ আৰু নৱৰত্ন তেলৰ অকটা গোন্ধ নাথাকিব৷ ৰিয়’ক ক’বি, তাৰ ককাক আৰু কোনোদিন বুঢ়া বুঢ়া নোগোন্ধায়৷

ঠিকনা :

ডিমৰুগুৰি, সেউজ পথ,

নগাঁও – ৭৮২০০৩

ভ্ৰাম্যমাষ – ৯১০১২০৩৫৫৪

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close