ভাস্কৰ জে নাথ
চাৰিবেৰ খহিলেই
ঘৰ হৈ নাথাকে
ই কি নতুন কথা!
নতুন কথা ক’ব নোৱৰা শোক এটা
সদায় লাগি থাকে
ৰাতি ৰাতি চকুৰ পতাত
ক’ৰ জানো সোঁৱৰণিৰ ইমান পোহৰ!
টোপনি ভাগে
ৰাতি খহে
মাখি এটাই বৰকৈ আমনি কৰে
ছিগা ছালখিনিকে ঘা কৰিব খোজে
মায়ে কোৱা মনত আছে
“সৰু সৰু কথাকো মন দিবি
বাহিৰ ভিতৰ ভালকৈ চাবি”
কালি সন্ধিয়া পৰুৱা দুটাৰ কথাৰ
ভংগী চাই আছিলোঁ
তাৰ পাছত এদল পৰুৱা
দল ভগাৰ অভ্যাস সিহঁতৰ নাই
আমিও শিকা হ’লে
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025