Written by 12:40 pm Articles

দ্য ছুইমাৰছ্

  নিজৰা ৰাজকুমাৰী

“আই অ্যাম ছাৰা মাৰ্ডিনি, আই হেভ ন’ কাণ্ট্রি এনিম’ৰ৷”

হঠাৎ যদি আপোনজনৰ পৰা আপুনি বিচ্ছিন্ন হৈ পৰে! অভাৱনীয়ভাৱে যদি আপোনাৰ পৰা হেৰাই যায় আৰামদায়ক বাসস্থান, আনকি সপোন পূৰণৰ স্বাধীনতাও? বহুসময়ত দেশ শব্দটোৱেই গোলমলীয়া, আপুনি যোগ্য অযোগ্য বুলি কথা নাই দেশে দিবও পাৰে, কাঢ়িবও পাৰে। বিস্ফোৰণ, মৃতদেহ আৰু অনিশ্চয়তাই জোকাৰি থকা যুদ্ধবিধ্বস্ত ছিৰিয়াৰ পটভূমি। ৱেলছ-ইজিপ্তীয়ান মহিলা পৰিচালক-চিত্ৰনাট্যকাৰ শ্বেলী এল হোছেইনীৰ যোৱা ছেপ্টেম্বৰ ২০২২-ৰ ট’ৰ’ণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা দ্য ছুইমাৰছ্ ত আমি অলিম্পিয়ান য়ুছৰা মাৰ্ডিনি আৰু তাইৰ বায়েক ছাৰা মাৰ্ডিনিৰ জীৱনৰ অক্ষয় সংগ্ৰাম, নিৰাপত্তাহীনতা, অনিশ্চয়তা, সফলতা দেখিবলৈ পালো।

সাঁতোৰেই জীৱন ১৭ বছৰীয়া য়ুছৰা মাৰ্ডিনিৰ, প্ৰশিক্ষক পিতৃয়ে অহৰহ কাণত ঢালি আছে প্ৰেৰণাৰ বাণী – “নিজৰ পথ লোৱা আৰু ৰেচ শেষ কৰা। ষ্টাৰ্ট…ষ্ট্ৰীমলাইন…কিক আৰু ব্ৰীডিঙত মন দিয়া।” অথচ ঈৰ্ষণীয় প্ৰতিভাধৰ য়ুছৰাই বোমা বিস্ফোৰণৰ ফলত সেইদিনা নিজৰ ঠাইৰ ছুইমিং পুলতেই সাঁতোৰ শেষ কৰিব নোৱাৰিলে। পৰিয়ালটোৰ বহুকেইজন বন্ধু আৰু চিনাকি মানুহেও ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। বাছৰ ভিতৰত চেকিঙৰ নামত যাত্ৰীৰ সমূখতে য়ুছৰা-ছাৰাহঁতক যৌন আতিশয্য চলাইছে সৈন্যবাহিনীয়ে। সেয়ে পিতৃৰ অনিচ্ছা স্বত্বেও জাৰ্মানীলৈ গুচি যাবলৈ জেদ ধৰিছে ছাৰাই। অৱশেষত যুদ্ধবিধ্বস্ত ছিৰিয়াৰ পৰা প্ৰাণ আৰু কেৰিয়াৰ বচাবলৈ মাক-দেউতাক আৰু কণমানি ভনীয়েকক ছিৰিয়াতে এৰি সম্পৰ্কীয় ককায়েকৰ সৈতে জাৰ্মানীলৈ ৰাওনা হৈছে য়ুছৰা আৰু ছাৰা। দ্য ছুইমাৰছৰ চাবলগীয়া কি বুলি যদি সোধে, তেন্তে পোনচাটেই ক’ম বৈধ-অবৈধ অনেক পথেৰে এজাক ৰেফিউজীৰ অসম্ভৱপ্ৰায় দীঘলীয়া যাত্ৰা। ফ্লাইট, নাও, খোজ কাঢ়ি, গাড়ীৰে ছিৰিয়াৰ পৰা লেছব’ছ, মেচিডনিয়া, ছাৰ্বিয়া, হাংগেৰী, অষ্ট্ৰিয়া হৈ বাৰ্লিন পোৱা সেই যাত্ৰাক শ্বেলী এল হোছেইনীয়ে চিনেমাট’গ্ৰাফাৰ খ্ৰীষ্টোফাৰ ৰছৰ সৈতে এনে এক চলচ্চিত্ৰীয় ভাষাৰে তুলি ধৰিছে যে সেয়া ভাষাৰে বুজাব নোৱাৰি। ৰাতিৰ ভয়াবহ সাগৰৰ সৌন্দৰ্যত বিলীন হ’ম নে মাজবাটতে ইঞ্জিন বন্ধ হৈ যোৱা ডুবো ডুবো নাওখনৰ কণমানি শিশুটিৰ লগতে মানুহজাকৰ আৰ্তনাদ শুনি কান্দি পেলাম, সেয়া ঠিক কৰিব নোৱাৰা হৈ যোৱা পৰিচালনা আৰু চিনেমাট’গ্ৰাফী। পইচা লোৱাৰ পাছত এজাক ভিন্ন দেশ আৰু জাতিৰ মানুহক অবৈধভাৱে সীমা পাৰ কৰাবলৈ যন্ত্ৰচালিত নাও এখনত উঠাই সাগৰত এৰি দিছিল স্মাগলাৰে। আধা বাটতে নাওখনৰ ইঞ্জিন বন্ধ হৈ গৈছিল। এইখিনিতে মন পৰশা এটা দৃশ্য – পানী সোমাই থকা নাওখনত ওজন কমাবৰ বাবে যাত্ৰীবোৰে বস্তুবোৰ সাগৰলৈ দলিয়াইছে। ছিৰিয়াৰ সন্মান সোণৰ পদকবোৰলৈ চাই ক্ষন্তেকৰ বাবে য়ুছৰা থমকি ৰৈছে, পিছ মুহূৰ্ততে দেখাত মানুহৰ স্পাৰ্মৰ দৰে সাঁতুৰি পদকবোৰ ৰাতিৰ সাগৰত ডুবি গৈছে।

ওজন কমাই নাওখন ডুবাৰ পৰা বচাবলৈ কঁকালত ৰচী বান্ধি সাগৰত জাপ দিছে য়ুছৰা আৰু ছাৰাই। অসম্ভৱ যেন লগা সেই সময়খিনিত ভাগৰুৱা য়ুছৰাক সাহস দিছে পিতাকৰ প্ৰশিক্ষণে – “যুঁজ দিয়া আৰু ৰেচ শেষ কৰা।” অথাই সাগৰতো সাঁতোৰ বুলিলে বলিয়া য়ুছৰাই সেইৰাতি কেৱল দেখিছিল নিজৰ লেন আৰু পানীৰে সৈতে প্ৰতিযোগিতা। কাৰণ নিজৰ এৰিয়া নপৰাৰ বাবেই নিৰাপত্তাৰক্ষীয়েও সহায় কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল। এনেকৈয়ে ২০১৬-ৰ ৰিঅ’ অলিম্পিকত নিজৰ দেশ ছিৰিয়াৰ বাবে অলিম্পিকৰ পদক বুটলিবলৈ উদ্বাউল হৈ থকা, প্ৰশিক্ষক দেউতাকৰ চকুৰ মণি সাঁতোৰবিদ য়ুছৰা মাৰ্ডিনি হৈ পৰিছিল দেশহীন। ৰেফিউজী শব্দটোৱেই কৈ পেলায় অলেখ যন্ত্ৰণা, নিৰাপত্তাহীনতাৰ কথা। তাতে য়ুছৰাৰ আছিল অলিম্পিয়ান হোৱাৰ সপোন। শৰণাৰ্থীৰ সপোন দেখাৰ অধিকাৰ থাকেনে? থাকে। য়ুছৰা আৰু ছাৰা ইয়াৰ উদাহৰণ। নানান দুৰ্যোগৰ পাছত জাৰ্মান প্ৰশিক্ষক ছুৱেনৰ তত্বাৱধানত জাৰ্মানীত য়ুছৰাৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল আৰু ৰেফিউজী দলৰ হৈ ৰিঅ’ অলিম্পিকত য়ুছৰাই যোগদান কৰি পদক পাইছিল। ছাৰাইও সাঁতুৰিছিল যদিও য়ুছৰাৰ দৰে সাঁতোৰেই তাইৰ জীৱন নাছিল। ছাৰা গুচি গৈছিল কোনোবা সংস্থাৰ হৈ আন ৰেফিউজীক সহায় কৰিবলৈ ( বাস্তৱত ৰেফিউজীক সীমা পাৰ কৰোৱাই তাই কাৰাগাৰতো থাকিব লগা হৈছিল।)। ১৩৪ মিনিট দৈৰ্ঘ্যৰ ইংৰাজী-আৰৱী ভাষাৰ দ্য ছুইমাৰছ্ কেৱল এখন চিনেমা নহয় বৰঞ্চ ৰাজনীতি, খেল, দেশপ্ৰেম, বিচ্ছেদ, যন্ত্ৰণা, ভাতৃত্ববোধৰ কাহিনী, য’ৰ অভ্যন্তৰত বৈ আছে সেই সুৰ – মানুহক গৃহহীন কৰিব পাৰি, সকলো কাঢ়ি ৰং চাব পাৰি, কিন্তু ভাঙিব নোৱাৰি। সাগৰত প্ৰাণ বচোৱাৰ সংগ্ৰামৰ পাছত লেচব’ছত উপস্থিত হোৱা দলটোক মানুহৰ সলনি ভোক-পিয়াহ-ভাগৰত লেবেজান হোৱা জম্বিৰ দল এটাৰ দৰেই অস্বাভাৱিক দেখাইছিল। এই দৃশ্যৰ পৰিকল্পনাৰ বাবে পৰিচালক প্ৰশংসাৰ পাত্ৰ। ছবিখনৰ চিত্ৰনাট্য পৰিচালক শ্বেলী এল হোছেইনী আৰু বৃটিছ নাট্যকাৰ, প্ৰযোজক, চিত্ৰনাট্যকাৰ জেক থৰ্নৰ। উপভোগ্য চলচ্চিত্ৰীয় ভাষাৰ লগতে এডিলিক, তুৰ্কী আৰু লেছব’ছৰ মাজৰ অতি বিপদসংকুল নৌকা যাত্ৰা, দুখন দেশৰ সীমাৰ কাঁটাতাঁৰ পাৰ কৰাৰ দুঃসাহসৰ সময়ত, লেছব’ছৰ পৰা ৰেলৰ ট্ৰেকেৰে খোজেৰে যোৱা ইত্যাদিকে ধৰি গোটেই সময়খিনিত ৰেফিউজী দলটোৰ মাজত ইজনে সিজনৰ প্ৰতি দেখুওৱা স্নেহ-শ্ৰদ্ধা-ভাতৃত্ববোধৰ ছবিখন অতুলনীয়। দ্য ছুইমাৰছৰ সংলাপৰ কথাও উল্লেখ কৰিবই লাগিব। বিধ্বস্ত মনবোৰক জীপ দি থাকিব পৰাকৈ বহুখিনি সংলাপ আমাৰ বাবেও প্ৰেৰণাৰ আঁকৰ। ছবিখনে অহৰহ কৈ থাকে – দুঃসহ যন্ত্ৰণাৰ পাছতো জীৱনক দলিয়াই নেপেলাবা, যুঁজ দিয়া, বেলি উদয় হ’বই।

ইতিমধ্যে বিখ্যাত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ চলচ্চিত্ৰ ৰসিক, সমালোচকৰ মাজত আলোচিত হৈ থকা ছবিখন ৰেফিউজী অলিম্পিয়ান সাঁতোৰবিদ য়ুছৰা মাৰ্ডিনি আৰু তাইৰ বায়েক ছাৰা মাৰ্ডিনিৰ জীৱন আধাৰিত। দ্য ছুইমাৰছত য়ুছৰা আৰু ছাৰাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী দুগৰাকী Nathalie Issa আৰু Manal Issa বাস্তৱৰো বায়েক-ভনীয়েক। পৰৱৰ্তী সময়ত ছবিখনে যে শ্বেলী এল হোছেইনীলৈ অনেক সন্মান আৰু প্ৰশংসা কঢ়িয়াই আনিব সেয়া নিশ্চিত।

লেখিকাৰ ইমেইল :

               Email–cinemakhokuwa83@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close