Written by 12:37 pm Poems

শিপাৰ খোজ

জোনমণি দাস

এটা এটাকৈ তৰাবোৰে তোমাক

এৰি থৈ যায়,

শিলাখণ্ডত তেজ বঁতিয়ায় যেতিয়া

ঘুমটি যায় ৰাতি-

আনকি তেতিয়াও মই

চকুৰ এন্ধাৰখিনিত চলন্ত সময়ে

বৰণ সলোৱা দেখোঁ।

কালি ৰাতিও সপোনত

হকিঙে হকী খেলি থাকোঁতে

নিউটন নাছিল।

কিন্তু,

মোৰ টোপনিৰ বীথিকাত আছিল

অসংখ্য আপেল গছ…

কোৱাঁচোন টোপনিয়াই থকা তৰাটোক ধৰিবলৈ

কোনে চিটিকা পাতিছিল?

কোনজোপা গছে খোজ কাঢ়ি কাঢ়ি

সৰাপাতত এৰি গৈছিল

শিপাৰ খোজ!

আপেল গছবোৰে মোৰ টোপনি ভাঙিছিল

শ’ল মাছ এটাই খলক দিছিল তেজৰ পলসত- 

কথাটো কাণে কাণে কওঁ শুনা :

মৈথুনো মহৎ শিল্প।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close