Written by 12:37 pm Poems

বুট-জোতা

 দাদুল ভূঞা


সিদিনা ক’লাকোট আৰু এযোৰ দামী বুট-জোতা পিন্ধি
ঘূৰি ফুৰিছিল বগা বঙাল

থুই…

পাৰ হৈছিল এলান্ধুৰ এন্ধাৰে আৱৰা দুশটা বছৰ
পৰিৱৰ্তনৰ মাটি-আখৰাৰে
অহিংসাৰ জয়


মাণিকীয়ে পাহৰা নাছিল তিৰাশীৰ ৰাতি
কেঁকোৰা হৈ বুকু চেপি ধৰা
অজগৰ হাতদুখন

চকুপানী আঁচলত সামৰি খোজকাঢ়ি গৈছিল
আৰু আমি চকু মুদি চাই ৰৈছিলোঁ সময়

ডবা, শংখ বজাই এদিন আমিয়েই
আকৌ এযোৰ বুট-জোতা সিহঁতক কিনি দিছিলোঁ

শতিকাৰ ধূলি-মাকতি লাগি লেতেৰা হোৱাত
জোতাযোৰ এদিন এজন মুচীয়ে নকৈ পলিচ কৰি দিছিল


জোতাযোৰ খোজকাঢ়ি গৈছিল
যাওঁতে ভাঙি গৈছিল
মৰক-মৰককৈ শতিকাৰ শীৰ্ণ কামিহাড়

এনে এযোৰ বুট-জোতাই
এতিয়া প্ৰতিদিনে খেদি ফুৰিছে আমাক

বজাৰত, ডাষ্টবিনত,
জীৱন-যুদ্ধ আৰু প্ৰেমত

থুই… 

*** 


ঠিকনা :

দাদুল ভূঞা
মাগনি, গহপুৰ
বিশ্বনাথ-৭৮৪১৬৮

ভ্ৰাম্যভাষ – ৯৮৫৯২৮৯৩২৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close