প্ৰয়াগ শইকীয়া
হাৰ্ট
প্ৰেমৰ পৃথিৱীত
সৃষ্টিৰ সৰ্বোত্তম আৰ্ট
সকলোৱে কয়
হেড অভাৰ হাৰ্ট
ইজিপ্টীয় মামীত
সম্পূৰ্ণ ওলোটা সংলাপ
মামীৰ দেহত
হেড উকা
কিন্তু হাৰ্টৰ নিখুঁট বহা
মৃত ইজিপ্টৰ প্ৰধান বাসিন্দা অচাইৰিচৰ
সভাতো
পাপ- পুণ্যৰ ভাৰ
পোৱা যায়
হাৰ্টৰ ওজনৰহে কৃপাত
হাৰ্ট স্তব্ধ
মানে ব্ৰেইন স্তব্ধ
সকলো নিস্তব্ধ
ৱৰ্ল্ড হাৰ্ট ডে’ত
বুকুখনত হাতফুৰাই ক’লোঁ
ভালে থাক আজীৱন মোৰ
প্ৰেমৰ দোৱাত
তোৰ অবিহনে
শুকান কলম
মগজু অসাৰ
লাব্ ডুপ জীৱন চলি আছে
তোৰেই কৃপাত
প্ৰেমৰ কবিতাতো হ’বই
তোৰেই গৰিমাত
***
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025