পংকজ প্ৰতিম বৰদলৈ
চুকাপাইকা৷ নামটো পাঠকৰ বাবে চিনাকি নহয়৷ উৰিষ্যাৰ কটক জিলাৰ এখন নদীৰ নাম হৈছে চুকাপাইকা৷ মহানদীৰ উপনৈ এই চুকাপাইকা নদীখন এখন মৃত নদী৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে অলপতে এই নদীখন ‘পুনৰুজ্জীৱিত’ কৰিবৰ বাবে উৰিষ্যা চৰকাৰক এক নিৰ্দেশ দিছে৷ ছমাহৰ ভিতৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় ধনৰাশিৰ ব্যৱস্থা কৰিবৰ বাবেও নিৰ্দেশ দিছে৷ ১৯৫০ চনত এই নদীখনৰ সম্মুখভাগ বন্ধ কৰি পানীৰ স্বাভাৱিক প্ৰৱাহক বাধা দিয়া হৈছিল৷ প্ৰায় ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীখনৰ সন্মুখভাগ তালাদণ্ডা নলা ব্যৱস্থাৰ নিৰ্মাণৰ সময়ত চুকাপাইকা অৱবাহিকাক বানমুক্ত কৰি ৰাখিবৰ বাবে বন্ধ কৰা হৈছিল৷ নদীখনৰ এই স্বাভাৱিক প্ৰৱাহক বাধা দিয়াৰ ফল অতি সোনকালেই নিকটৱৰ্তী অঞ্চলসমূহত অনুভূত হ’ল৷ এটা বৃহৎ অঞ্চলত ভূ-জলৰ পৰিমাণ কমি গ’ল৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্য আৰু পৰিৱেশতো প্ৰভাৱ পৰিল৷ স্বাভাৱিক জলসিঞ্চন ব্যৱস্থাতো প্ৰভাৱ পৰিল৷ বেদখল আৰু জনসংখ্যা বৃদ্ধিয়ে নদীখনৰ অৱশিষ্ট অংশকো প্ৰায় ধ্বংসৰ গৰাহলৈ লৈ গ’ল৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ এই নদীখন ‘পুনৰুজ্জীৱিত’ কৰিবলৈ দিয়া নিৰ্দেশটোৱে এক অতি গুৰুত্বপূৰ্ণ বাৰ্তা ঘোষণা কৰিছে৷ প্ৰথমতে সমগ্ৰ দেশত এনে ধৰণৰ মৃত নদীৰ বিষয়টোক যথাযোগ্য গুৰুত্ব প্ৰদান কৰা হৈছে৷ লগতে ইয়াৰ লগত জড়িত প্ৰাকৃতিক ভাৰসাম্য আৰু জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণৰ দিশটোকো গুৰুত্ব প্ৰদান কৰা হৈছে৷
যোৱা বৰ্ষকেইটাত আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণত গুৰুত্ব দিয়া হৈছে আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বিষয়ে ব্যাপক ব্যৱস্থা আৰু চিন্তা-চৰ্চা কৰি থকা হৈছে৷ একে সময়তে শুনি আচৰিত লাগিলেও ক’ব পৰা যায় যে ভাৰতবৰ্ষৰ বহু নদী ইতিমধ্যে ‘বিলুপ্ত’ হৈছে আৰু বহু নদী ‘বিলুপ্তি’ৰ পৰ্যায়ত আছে৷ এইসমূহ নদী প্ৰাকৃতিক ব্যৱস্থাটোৰ এক সৱল আৰু সহায়কাৰী অংগ আছিল আৰু বাঢ়ি অহা জনাসংখ্যাৰ লগত জড়িত বিভিন্ন বিষয় যেনে- কৃষি, পৰিৱহন, উদ্যোগ, মনোৰঞ্জন আদি বিভিন্ন দিশত ব্যাপক সহায় আগ বঢ়াইছিল৷ কিন্তু মানৱজাতিৰ ব্যাপক প্ৰকৃতি অসহিষ্ণুতাই নদীসমূহৰ মৃত্যু অৱশ্যম্ভাৱী কৰি তুলিছে৷
পৃথিৱীৰ সকলো মহান সভ্যতাই নদীকেন্দ্ৰিক৷ নদী হৈছে মানৱ সভ্যতাৰ হৃৎপিণ্ড৷ নদী একোখনে একোটা ভূ-খণ্ডৰ ইতিহাস, সংস্কৃতি, তথা ঐতিহ্যক প্ৰকাশ কৰে৷ ইয়াৰ লগতে সমগ্ৰ অঞ্চলটোৰ অন্যান্য ক্ষেত্ৰ যেনে- কৃষি, পৰিৱহন, উদ্যোগ, জলসিঞ্চন আদি বিভিন্ন দিশত এটা সহায়ক ব্যৱস্থা হিচাপে কাম কৰে৷ আমাৰ দেশ ভাৰতবৰ্ষ বহু নদীৰ দেশ৷ এতিয়াও আমাৰ দেশত বহু সংখ্যক লোক পোনপটীয়াকৈ নদীৰ পানীকে সেৱন কৰে৷ সেইবাবে নদীৰ পানী পৰিস্কাৰ হোৱাটোও সমানেই জৰুৰী৷ আকৌ ইমানবোৰ নদী থাকোঁতেও ভাৰতবৰ্ষত আহিবলগা দশককেইটাত অত্যধিক পানীৰ নাটনি হ’ব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ গতিকে নদী ব্যৱস্থাৰ সংৰক্ষণ এক অতি প্ৰয়োজনীয় দিশ৷ তথাপি কিন্তু নদীৰ ‘মৃত্যু’ অব্যাহত আছে৷ নীৰৱে হোৱা নদী একোখনৰ এই মৃত্যু লোকচক্ষুৰ অলক্ষিতেই হয়৷ ৰাইজৰ চকুৰ সম্মুখতে সংঘটিত হয় এনে অঘটন৷ বাৰানসীৰ বিখ্যাত অস্সী ঘাট, পৱিত্ৰ অস্সী নদীৰ ঘাট৷ কিন্তু অতি আচৰিত কথা যে, এই অস্সী এখন ‘মৃত’নদী৷ বেদখল আৰু বিভিন্ন অবৈধ নিৰ্মাণৰ কৱলত এই নদী এতিয়া বিলুপ্তপ্ৰায়৷
আমাৰ ৰাজ্যৰ বৃহত্তম মহানগৰী গুৱাহাটীৰ সোঁমাজত থকা ভৰলু আৰু বাহিনী নৈৰ কোন কাহানিবাতেই মৃত্যু হ’ল৷ খাচীয়া পাহাৰৰ পৰা বৈ অহা ভৰলু নৈ বাহিনী আৰু বশিষ্ঠ নামেৰে দুখন সৰু নৈ হৈ বৈ গৈছে৷ দীপৰ বিল অভিমুখে বশিষ্ঠ নদী আৰু গুৱাহাটী চহৰমুখী হৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ বাহিনী নৈ৷ সমগ্ৰ গুৱাহাটীৰ পানীভাগ প্ৰকৃততে এই বাহিনী নৈয়ে কঢ়িয়াই নি ব্ৰহ্মপুত্ৰত পেলাবগৈ লাগে৷ কিন্তু বৰ্তমান ভৰলু আৰু বাহিনী দুটা বিয়াগোম নলাত পৰিণত হৈছে আৰু অপৰিকল্পিত উন্নয়ন আৰু নগৰীকৰণৰ হেঁচাত এই দুখন নদীয়ে উশাহ সলাব পৰা নাই৷ এই দুখন নদীৰ অস্তিত্বই গুৱাহাটীত এজাক বৰষুণতে হোৱা পানীৰ সমস্যা বহু পৰিমাণে সমাধা কৰিলেহেঁতেন৷ ভৰলু নদীৰ যে কেতিয়াবাই মৃত্যু হ’ল তাৰ উপযুক্ত উদাহৰণ হ’ল নদীখনৰ এছোৱাক এতিয়াও ‘মৰা ভৰলু’ বুলি কয়৷
গুৱাহাটীবাসীৰ ‘বদান্যতাত’ ইতিমধ্যেই ভৰলুৱে দেশৰ ৭১ সংখ্যক প্ৰদূষিত নদীৰ ‘সন্মান’ লাভ কৰিছে৷ ভৰলু আৰু বাহিনী নদীৰ এই ‘অপমৃত্যু’ গুৱাহাটীৰ স্বাভাৱিক প্ৰাকৃতিক ভাৰসাম্যৰ বাবেও এক ভাবুকি৷ একেই দশা নগাঁৱৰ কলং নদীৰ৷ একেই দশা যোৰহাটৰ টোকোলাই বা তৰাজান নদীৰ৷ চহৰীয়া নদীসমূহৰ এনে ‘মৃত্যু’ বৰ্তমান অসমৰ প্ৰায়বোৰ চহৰতে সুলভ৷
বেদখল হৈছে এই নদীসমূহৰ ‘মৃত্যু’ৰ অন্যতম প্ৰধান কাৰণ৷ ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি পাই আহিছে৷ একে সময়তে বৃদ্ধি পাইছে চহৰীকৰণ প্ৰক্ৰিয়া৷ ইয়াৰ ফলত বৃহৎ চহৰসমূহলৈ প্ৰব্ৰজন কৰিছে দূৰ-দূৰণিৰ চহৰ আৰু গাঁৱৰ জনতাই৷ ভাল ব্যৱসায়, ভাল চাকৰিৰ আশাত অহা এনে প্ৰব্ৰজিত লোকসকলে নদীসমূহৰ পাৰত আৰম্ভ কৰিছে বাসস্থান বা বিভিন্ন বেপাৰ-বাণিজ্য৷ এনে অত্যধিক জনসংখ্যাই ধীৰে ধীৰে নদীসমূহৰ পাৰত গঢ়ি তুলিছে স্থায়ী বসতি (বস্তি) আৰু আৰম্ভ হৈছে বেদখল৷ একে সময়তে চলি থকা নগৰীকৰণৰ পৰা উদ্ভূত ব্যাপক আৱৰ্জনা আৰু আন আন ৰাসায়নিক পদাৰ্থই এই নদীসমূহৰ স্বাভাৱিক গতি আৰু বিকাশক বাধা দিছে৷ ফলস্বৰূপে নদীসমূহৰ স্বাভাৱিক বহনক্ষমতা বিঘ্নিত হৈছে৷ ফলস্বৰূপে একোজাক সৰু বৰষুণতো এইসমূহ নদীৰ পাৰ পানীৰে উপচি পৰিছে৷ ভাৰতবৰ্ষত বৈজ্ঞানিক আৰু পদ্ধতিগত আৱৰ্জনা নিষ্কাশন ব্যৱস্থা এটা সুলভ হৈ নুঠিলে আৰু কিমান যে নদী ‘শ্বহীদ’ হ’বগৈ তাৰ সীমা-সংখ্যা নাই৷
আহিবলগা সময়ত ভাৰতৰ চহৰসমূহৰ বাবে নদী ব্যৱস্থাৰ এই ‘পতন’ এক ভাবুকি হৈ ঠিয় দিব৷ বৰ্তমান সময়ত দেখা গৈছে যে ভাৰতৰ যি এক নদী প্ৰদূষণ নিষ্কাশন ব্যৱস্থা সি মূলতঃ ভাৰতৰ মূল নদীসমূহক লৈয়ে চলি আছে৷ গঙ্গা, যমুনা আদিৰ পৰিস্কাৰৰ বাবে প্ৰদূষণ মুক্ত কৰাৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে৷ একে সময়তে কিন্তু সৰু সৰু চহৰৰ সৰু সৰু নদীক লৈ চৰকাৰে একো চিন্তা কৰা নাই৷ স্থানীয় প্ৰশাসনে দুই-এঠাইত অলপ এনে কাম কৰি সফলতা পাইছে যদিও সেয়া যথেষ্ট নহয়। আকৌ জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱে এনে বহু চেষ্টাকো নষ্ট কৰি তুলিছে৷ উত্তৰ প্ৰদেশৰ ফটেহপুৰ জিলাৰ ‘ছচুৰ খাদেৰী’ আৰু পাঞ্জাৱৰ ডোৱাব অঞ্চলৰ ‘কালি বেইন’ নদী দুখনক স্থানীয় প্ৰশাসনে ‘পুনৰুজ্জীৱিত’ কৰি সফলতা লাভ কৰিছে৷ ভাৰতবৰ্ষত আঁচনি গ্ৰহণ আৰু আঁচনিৰ সফল ৰূপায়ণৰ মাজত থকা ব্যাপক বিসংগতি আৰু অপৰিমিত সময় খৰচ কৰাটোৱে নদী সংৰক্ষণৰ দৰে এক অতি প্ৰয়োজনীয় বিষয়কো গুৰুত্বহীন কৰি পেলাইছে৷ নদী সংৰক্ষণৰ এক মূল দিশ হৈছে সময় মতে এই সংৰক্ষণ হোৱাটো৷ সময় পাৰ হৈ যোৱা মানেই এনে নদীৰ আয়ুস আৰু কমি যায়৷
ভাৰতবৰ্ষৰ নদী ব্যৱস্থাটোৰ সংৰক্ষণ আন বহু প্ৰায়োগিক কাৰণৰ বাবেও প্ৰয়োজনীয়৷ নদীসমূহৰ যোগেদিয়ে ভাৰতৰ শক্তিখণ্ডৰ যি দুৰ্বলতা আছে তাক উন্নত কৰিব পৰা যায়৷ ইতিমধ্যে নদীত উপঙি থকা ছ’লাৰ পেনেলৰ পৰা শক্তি উৎপাদন কৰাৰ ব্যৱস্থা কলিকতাৰ ৰাজৰহাট অঞ্চলত কৰা হৈছে৷ আনহাতে উপযুক্ত সংৰক্ষণৰ যোগেদি এই নদীসমূহৰ যোগেদি ব্যৱসায়িক পৰিৱহন আদিৰ ব্যৱস্থা কৰিব পৰা যায়৷ যি চহৰীয়া যান-জঁটৰ পৰাও বহুখিনি মুক্তি দিব পাৰিব৷ একে সময়তে এই নদীসমূহে অঞ্চল একোটাৰ জলবায়ু আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত সহায় কৰাৰ লগতে অঞ্চলভেদে থকা জৈৱ-বৈচিত্ৰ্য আৰু স্থানীয় মৎস্য প্ৰজাতি বা আন জলজ জীৱৰো সংৰক্ষণ কৰিব৷ প্ৰণালীৱদ্ধ উন্নয়ন আঁচনিৰ অংশস্বৰূপে এনে নদী ব্যৱস্থাই চহৰীয়া সৌন্দৰ্যবৰ্ধন আৰু জীৱনশৈলীৰ মানৰ উন্নতিতো সহায় কৰিব৷
প্ৰকৃতিৰ এক অন্যতম প্ৰয়োজনীয় দ্ৰব্য হ’ল পানী৷ পানীৰ অবিহনে এই প্ৰকৃতিৰ ৰূপ-লাৱণ্য অকল্পনীয়৷ লক্ষ লক্ষ জলজ প্ৰাণীৰে পৰা বন্যপ্ৰাণীসমূহৰ জীৱন নিৰ্ভৰশীল নদীৰ ওপৰত। পানীৰ এই গুৰুত্বক নদীৰ বাদে আন কোনে বুজি পাব৷ নদীৰ গতিৰ লগে লগে একো একোটা শক্তিশালী সভ্যতা গঢ় লৈ উঠাৰ কথা ইতিহাসেও কয়। একোখন নদীয়ে নিৰৱধি বৈ গৈ থাকি কেৱল দেশ, ইতিহাস, সমাজ আৰু সভ্যতাৰ কথাকে নকয়; ই জীৱন প্ৰণালী আৰু বৰ্তমানৰ প্ৰয়োজনীয়তাকো দোহাৰে৷ ‘জীৱিত’ ‘সুস্থ-সবল’ নদী এখন এটা সুস্থ সভ্যতাৰো পৰিচায়ক৷ গতিকে চৰকাৰ, আঁচনি নিৰ্মাতা, ৰাইজ সকলোৱে মিলি থকা নদীসমূহৰ প্ৰকৃত সংৰক্ষণ আৰু ‘মৃত’ নদীবোৰৰ সম্ভৱপৰ পুনৰুজ্জীৱনৰ বাবে চেষ্টা কৰা উচিত৷ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত নিশ্চয় তেতিয়াহে সুৰক্ষিত হৈ থাকিব৷ ‘চুকাপাইকা’ এটা আদৰ্শৰ নাম হওক৷ অসমৰ ‘মৃত’নদীবোৰেও কৰ্তৃপক্ষৰ আৰু ৰাইজৰ উপযুক্ত দৃষ্টি লাভ কৰক অনতিপলমে৷