Written by 12:09 pm Poems

শেষ বিশ্বযুদ্ধৰ অশনি সংকেত বতাহত

ৰুদ্ৰ সিংহ মটক

শান্তি শান্তি বিচাৰোঁ আমি

যুদ্ধ নিবিচাৰোঁ কাহানিও

অথচ

এতিয়া তল-ওপৰ বতাহ যুদ্ধৰ দামামা বাজিছে

ৱাৰ ড্ৰীল নিউক্লিয়াৰ ড্ৰীল চলিছে পৃথিৱীৰ

সৰ্বত্ৰ – ৰঙা চীনত ৰাছিয়াত বাইডেনৰ আমেৰিকাত,

মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ নাটো দেশবোৰত

কোনে নাজানে- যুদ্ধ মানেই দু:স্বপ্ন যুদ্ধ মানেই নিনাও মৃত্যু উপত্যকা

যুদ্ধ মানেই ধ্বংস ধ্বংস আৰু ধ্বংস বিধ্বস্ত চহৰ নগৰ উদ্যান জ্বলি যোৱা

শস্যক্ষেত্ৰ

যুদ্ধলৈ আমাৰ বৰ ভয় – যুদ্ধৰ কথা পাতিবলৈকো পেটে পেটে

ভয়, যুদ্ধৰ দুশাৰী কবিতা লিখিবলৈকো

কেতিয়াবা ভাবোঁ যুদ্ধৰ কবিতা লিখিনো কি লাভ?

কলমৰ যোদ্ধা বুলি গৰ্ব কৰিয়েবা কি লাভ?…

জানো কলমৰ চাইটামান শব্দ বা দুটা কবিতাৰে যুদ্ধক বাধা দিব নোৱাৰি কাহানিও

যুদ্ধৰ নামত প্ৰতিবাদী লং মাৰ্চ মানেও হয়তো আন একো

নহয় দুশাৰীমান কবিতাহে

হ’লেও কবিতা লিখোঁ ফেছিষ্ট ৰেডহাউণ্ডহঁতৰ বিৰুদ্ধে ;

কবিতা যে মোৰ অগ্নিস্নাত তেজৰ বিজুলীৰ কৃপাণ

জানো মই –

সাম্ৰাজ্যবাদীহঁতে কবিৰ কবিতা নপঢ়ে

সাম্ৰাজ্যবাদীহঁতে লৰকাৰ কবিতা পঢ়া নাছিল কোনোদিন

সাম্ৰাজ্যবাদীহঁতে লৰকাৰ বুকুৰ নীল ভায়’লিনখন দেখা নাছিল,

শুনা নাছিল জোনাক হৈ বিয়পি পৰা সেউজীয়া সুৰবোৰ

সিহঁতে

মোৰ প্ৰিয় কবি লৰকাক বৰ্বৰভাৱে হত্যা কৰিছিল শেষ ৰাতি

আৰু কবিৰ তেজে ধোৱা দেহটো পেলাই থৈ গৈছিল জলফাই-বনত

পুৱা বেলি নৌ উঠোঁতেই শোকত উচুপি উঠিছিল স্পেইনৰ নীলা

নদীবোৰ, ৰ’দৰ গান গোৱা বুলবুলিবোৰ

উচুপি উঠিছিল নেৰুডা নামৰ মোৰ পৃথিৱীৰ সবাতোকৈ নি:সঙ্গ,

সবাতোকৈ দৰদী কবিজন…

জলফাই-বনত তেওঁ আজিও বিচাৰি ফুৰে লৰকা নামৰ প্ৰেমিকজনক

আৰু লৰকাৰ হাতৰ পুৰণি ভায়’লিনখন…

সাম্ৰাজ্যবাদীহঁত বাৰু মানৱ নে দানৱ ?

সাম্রাজ্যবাদীহঁতে আকাশ আৰু বেলি দেখা নাই

সাম্রাজ্যবাদীহঁতে প্ৰেমৰ জোন আৰু পোহৰ নক্ষত্ৰবোৰ দেখা নাই

সাম্ৰাজ্যবাদীহঁতে বুদ্ধৰ নাম শুনা নাই

সাম্ৰাজ্যবাদীহঁতে যীশু আৰু গলগাথাৰ নাম শুনা নাই

সিহঁতে অশোকৰ বুকুৰ শোকৰ বুৰঞ্জী পাঠ কৰা নাই

কোনোদিন

(তীখাৰ চকুৰে সিহঁতে বাৰু কিদৰে পঢ়িব তেজ আৰু

চকুপানীৰ আখৰবোৰ? )

সাম্রাজ্যবাদীহঁতৰ মগজুৰ চেৰিব্ৰামত পোক; স্মৃতিৰ ৰজ্জুবোৰতো

কোটি কোটি পোক

সাম্ৰাজ্যবাদীহঁতে হিৰোছিমা আৰু নাগাছাকিৰ ইতিহাস পাহৰিলে কাহানিবাই

আমি হ’লে পাহৰা নাই কি পালোঁ প্ৰথম বিশ্বযুদ্ধত

আমি হ’লে পাহৰা নাই কি হেৰুৱালোঁ দ্বিতীয় বিশ্বযুদ্ধত

অথচ কি দিন কি ৰাতি

আকৌ যুদ্ধৰ আখৰাত ব্যস্ত ধুৰন্ধৰ, মতলবী

তেজপিয়া ফেচিষ্ট ঘাতকহঁতৰ দল

কোনে জানে হয়তো আমিয়েই সেই অসহায় দৰ্শক ইতিহাসৰ অন্তিমখন

বিশ্বযুদ্ধৰ- আত্মঘাতী সভ্যতাৰ শেষ ট্ৰেজেদিৰ ? 

নে এই ট্ৰেজেদিৰ শেষ অংক চাবলৈ নৌপাওঁতেই আমি জ্বলি জ্বলি

ছাই হৈ যাম লিটিলবয় ফেটমেনতকৈয়ো ভয়াৱহ অন্য এক

বিধ্বংসী

বিস্ফোৰণত

 ০০০

ঠিকনা :

লাৰিকা, গ্ৰীণভেলী,

আজাৰা, হাটখোৱাপাৰা

গুৱাহাটী, পিন-৭৮১০১৭

ভ্ৰাম্যভাষ : ৭০০২৩০৩৮৮২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close