Written by 12:09 pm Poems

৩১ ডিচেম্বৰ

হৰেকৃষ্ণ ডেকা


কাইলৈ ফেঁহুজালি ফালি
উভতি আহিলে
বেলিটো বেলেগ হৈ আহিব নেকি ?
দোকমোকালি বেলিটো ওলালে কওঁ
এটা নতুন দিন ৷
কাইলৈ ক’ম নতুন বছৰ ৷
এটা পুৰণি বেলি
এটা পুৰণি জোন
এখন পুৰণি পৃথিৱী ৷
কিন্তু প্রতিটো দিনেই নতুন দিন ৷
প্রতিটো বছৰেই নতুন বছৰ ৷
যদিও কেৱল নির্ভৰ ভৰ,
নহ’লে সকলো শূন্য,

ক’ৰবাত এটা ঈশ্বৰ-কণাই
কিবা কৌতুক কৰি আছে ৷ আৰু সেয়েই
পৃথিৱী ঘূৰি আছে,
পুৰণি হৈও নতুন হৈ আছে ৷

টোকা: ভৰ- mass
          ঈশ্বৰ-কণা- Higgs-Boson particle, যি অন্য কণাক ভৰ দিয়ে। ভৰ নাথাকিলে পদাৰ্থৰ সৃষ্টি  নহ’লহেতেন।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close