Written by 10:06 am Articles

কক্ষচ্যুত

 জিণ্টু দত্ত

অমলাৰ মাকে মাটিটুকুৰা বেচিব৷

আচল খবৰটো আনিলে নন্দ উকীলৰ পুতেক বিনয়ে৷  সি বোলে ডাইৰেক্ট বুঢ়ীক সুধি আহিছে৷ গতিকে অবিশ্বাস কৰিবলগীয়া একো নাই৷

আচলতে খবৰটো দুদিনমান কঁদো এটাৰ দৰে ভুনভুনাই ঘুৰি ফুৰিছিল কনিটোত৷ কিন্তু সচাঁ কঁদোৰ ভুনভুননি হয় নে নহয় তাক পৰীক্ষা কৰিবলৈ আগবাঢ়ি যোৱা নাছিল কোনো৷ অমলাৰ মাকৰ ফালৰ পৰা অহা যিকোনো বিষয়ৰ ক্ষেত্ৰত এই কনিৰ মানুহখিনিয়ে বিশেষ সৰ্তকতা অৱলম্বন কৰে৷  অন্ততঃ পূৰ্ব অভিজ্ঞতাবোৰ মনত পেলাই সকলোৱে বুজি পাই যে অমলাৰ মাক বা বুঢ়ীৰ খবৰবোৰ যদি মিছা হয় আৰু তেনে মিছা খবৰ উলিয়াইছে বুলি যদি তেওঁ গম পায়তেতিয়াহলে অন্ততঃ এসপ্তাহমানলৈ এই অঞ্চলৰ মানুহে যে সুখ নাপায় সেইটো নিশ্চিত৷ খাঁওতেহোঁতেঠোঁতেশোওঁতে বুঢ়ীয়ে মন গলেই গুৱাল গালিৰে এই কনিৰ সকলোকে সোঁৱৰাই থাকিব যে তেওঁলোকে আচলতে এটা বৰ মাৰাত্মক ভুল কৰিলে৷

কিন্তু বুঢ়ীয়ে মাটি কিয় বেচিবযি মাটিৰ কাৰণে বুঢ়ীয়ে সাতখন কুৰুক্ষেত্ৰলৈ যাবলৈও সাজু বুলি নিজেই ঘোষণা কৰি থাকে তেনে এজনী মানুহে মাটি বেচিব?

মাটি বেছি নহয়৷ আঢ়ৈকঠামান হব৷ তাৰে এমুৰত বুঢ়ীৰ জুপুৰীটো আৰু এইটো চুকত এয়া বাৰী৷ বাৰী মানে ঘাঁহে-দলনীয়ে পোত গৈ থকা পুখুৰী আৰু সিফালে গেজেপ মৰা বাঁহনি৷ বুঢ়ীৰ ঘৰৰ কেউকাষে নতুন নতুন পকা ঘৰ উঠিছেপ্ৰায়বোৰ ঘৰতে নতুন বোৱাৰী একোজনীহঁতো আছেৰাতি খিৰিকীখন খুলি মুকলি বতাহ অকণ লবলৈও অশান্তিহাবিয়ে বাঁহনিয়ে ৰাতি চাই থাকিবলৈকে ভয়একেবাৰে খাপচাৰা হৈছে বুঢ়ীৰ এই ঘৰ-বাৰী নতুনকৈ বহা এই আনন্দ কলনী’ ত৷ কিন্তু সেইবুলি বুঢ়ীক বাঁহনিখিনিকে অকমাণ কাটিবলৈ কোনোবাই কব পাৰিব নি?

  “কি হকোনজনীক মুকলি বতাহ লাগে মুখখন চাওঁসাধ্য আছেনে তহঁতৰ এনেকুৱা এজোপা বাহঁগছ তুলিবলৈখবৰদাৰকোনেও হাত নিদিবি” – তাৰ পিছত বাঁহৰ উপকাৰিতা আৰু সময়ত বাঁহ এটুকুৰা বিচাৰি যে ওচৰ-পাঁজৰৰ এই সব ডাঙৰ মানুহ তেওঁৰে ভৰিত পৰিবহি লাগিবসেই সম্পৰ্কীয় আখ্যান নাসমাৰলৈকে বুঢ়ী ক্ষান্ত নহয়৷  পৰাপক্ষত কোনেও সহজতে বুঢ়ীক জোকাই নলয়৷

তেনেকুৱা এজনী বুঢ়ীয়ে মাটিটুকুৰা বেচিবআচৰিত কথা৷  আজি কেইমাহমানৰ আগতে বোলে বুঢ়ীৰ সীমাৰ উত্তৰে থকা অমূল্য প্ৰফেচৰ গৈছিল মাটি অলপ পাৰিলে কিনিবলৈ৷ বুঢ়ীৰ বাৰীৰ লগতে থকা তেওঁৰ গেৰেজটো অলপ সৰু৷ গাড়ী এতিয়াৰ খন বাৰু ঠিকেই সোমায় কিন্তু বেংগলোৰত থকা সৰুটোৱে ইনভাখন লৈ আহিলে বৰ অশান্তি হয়৷ আনন্দ প্ৰফেচৰক কিন্তু বুঢ়ীয়ে বৰ শান্তকে কলে তুমিটো বোপাই কলেজত লৰাছোৱালী পঢ়োৱা জ্ঞানী মানুহতুমিনো মোক সা-সম্পত্তি বেচিবলৈ বুদ্ধি দিব লাগেনে বাৰুমানুহে মাটি-বাৰী এটুকুৰা গোটায় নে থকাকণো বেচে তুমিয়ে কোৱাচোনমোৰ লৰালুৰি নাই বুলিয়েই তোমালোক সকলোৱে মোক বাটৰ ভিক্ষাৰী কৰিম বুলি ভাবিছা নি?’  হাতত লৈ থকা তামোলকণ সামৰি সামৰি প্ৰফেচৰ বোলে লাহে লাহে গুচি আহিল৷

    বুঢ়ীৰ বাৰীত আম,কঠাললেতেকু পনিয়লৰো অভাৱ নাই৷  খুজি গলে বুঢ়ীয়ে হেইএইবোৰ মই পাৰিব নোৱাৰোঁ এই বুঢ়া বয়সত’  বুলি নিজেই দলিয়াই খতিয়াই এটা দুটা সৰু লৰা ছোৱালীক দিয়েকিন্তু কনিৰ কোনোবা দুষ্ট অঘাইত‌ঙে যদি কেনেবাকৈ চুৰ কৰাৰ বুদ্ধি কৰে হল আৰু! কেনেকৈ বুঢ়ীয়ে গম পায় সেয়া আচৰিত কিন্তু আম চুৰ কৰাটোৱে আমো খালে আৰু তাৰ চৌধ্য পুৰুষে উদ্ধাৰো পালে যেনিবা বুঢ়ীৰ বাক্যবাণত!

অমলাৰ মাক বা বুঢ়ীৰ আচল নাম সম্পৰ্কে ইতিহাস নিমাত৷  কিন্তু ওচৰৰপাজৰৰ মানুহে জানে এই অঞ্চলৰ সবাতোকৈ পুৰণা মানুহ বুঢ়ীৰ ঘৰেই৷  এইটো কনিৰ সকলোৱে ঘৰ সাজি থাকিবলৈ লোৱাৰ পৰা বুঢ়ী আৰু জীয়েকক দেখি আহিছে৷  বুঢ়ীক কেতিয়াবা গিৰিয়েকৰ কথাও সোধে কোনোবাই৷ বুঢ়ীয়ে একো নকৈ এলান্ধুকলীয়া বেগ এটাৰ পৰা পুৰণা গিৰিয়েকৰ ফটো এখন উলিয়াই চায়৷  ফটোখনত থকা মানুহজনক ভালকৈ ধৰিব নোৱাৰি-কিবা ধোঁৱাৰ মাজত ৰৈ থকা যেন লাগে৷  আহ্ কেনে নিৰ্জু আছিল মানুহজন’ –বুঢ়ীয়ে কেতিয়াবা আপোন পাহৰা হৈ আগৰ কথাবোৰ মনত পেলায়৷ তেখেত থাকোতে এই ঘৰএই বাৰী এনেকুৱা আছিল নেফু মাৰি ভাত খাব পৰা কৰি থৈছিল কৰ্মী মানুহজনে৷ পাচলি এটা কিনাৰ কথা মানুহটোৱে জীৱনত কব নোৱাৰে-সব হাত দিলেই হয় বাৰীখনত৷ এতিয়াও কেতিয়াবা দুপৰীয়া বাঁহৰ জলঙাৰে জুমি চালে বুঢ়ীৰ এনে লাগে যেন সেয়া কোৰখন লৈ মানুহটোৱে টুকটুককৈ কাম কৰি আছে বাৰীখনত৷ মানুহটোৰ জীউ যেন বাৰীখনতে আছে-সেয়ে কোনোবাই পাত এখিলা তুলিলেও খং উঠে বুঢ়ীৰ৷ মৰিবৰ সময়তহে বৰ কষ্ট পালে মানুহজনে৷  ভাল ডাক্তৰক দেখুৱাবলৈ টকাসিকাও নাছিল সেইসময়ত-কথাবোৰ মনত পেলাই বুঢ়ীৰ গৰম লোটক বাগৰি আহে দুইচকুৱেদি৷

সেই বুঢ়ীৰে একমাত্ৰ জীয়েক অমলা আৰু অমলাৰ কাৰণেই বুঢ়ীয়ে এতিয়া মাটি বেচিবলে লৈছে৷

টাংগুটিমাৰ্বলগুটি খেলালৈকে ঠিকেই আছিল কিন্তু আৰু অলপ ডাঙৰ হোৱাৰ পৰাই অমলাই বুজিলে এনেকৈ নহবএনেকৈ মাজে মাজে মাকে বুটলি অনা শাকপাতেৰে সদায় কো-অপাৰেটিভৰ দোকানৰ ভাতগাল টেটুৰ পৰা সিপাৰ নহয়৷ তদুপৰি মাকো তড়িৎ গতিত বুঢ়া হৈ আহিছেকিবা এটা সোনকালে কৰাৰ দৰকাৰ৷  গতিকে এদিন বেচন পিয়াঁজৰ সানি লোৱা পিণ্ড এটা চৰিয়াত লৈ ষ্টভ এটাৰে সৈতে টেবুল এখন ওচৰৰ তিনি আলিটোত পাতি ললে অমলাই৷  গধুলি বজাৰ বহেইটো সিটো মানুহ গোট খায়৷ প্ৰথমে বুঢ়ীয়ে অমলাক গালি পাৰিছিলগাৰ ম‌ঙহ কাটি হলেও গাভৰু জীয়েকক খুৱাব পাৰিব বুলি সদম্ভে সকলোৱে শুনাকৈ চিঞৰিছিলো, কিন্তু পিছলৈ বুঢ়ীকো দেখা গল টেবুলখনৰ ওচৰতে সন্ধিয়া ৰৈ থকাএটকা দুটকাকৈ টেমাটোত গোট খোৱা পইচাবোৰ গণ্টি কৰা৷

আৰু এদিন অমলাৰ গৰম পকৰী আৰু চাহৰ সোৱাদ লবলৈ গধুলি আৱিৰ্ভাৱ হলহি কুমুদৰ৷

পকৰী খাই থাকোতে কুমুদে লক্ষ্য কৰিলে ষ্টভৰ শিখাৰ পোহৰত অমলাৰ মুখখন ৰ‌ঙা পৰিছে৷ ডিঙিয়েদি লাহে লাহে নামি গৈছে ঘামৰ এটা টোপাল৷ হঠাতে কুমুদে বৰ গৰম গৰম যেন অনুভৱ কৰিলে৷

এদিন কুমুদে পইচা নিদিয়াকৈ দুটা পকৰী বেচিকৈ খাই গল৷ পইচা কেতিয়া দিব বুলি বুঢ়ীয়ে সোধোতে অমলাই লাজ লাজকৈ হাঁহি এটা মাৰিলে৷

এদিন কুমুদে কলে তাৰ কেও কিছু নাই৷ তাৰ লাহে লাহে এই চহৰখন আৰু অমলাক ভাল লগা হৈ আহিছে৷

আৰু এদিন কুমুদ বুঢ়ীৰ ঘৰত একেবাৰে থাকিবলৈ গুচি আহিল৷

প্ৰথম অলপদিন ঠিকেই গল৷  সমস্যা হল বুঢ়ীৰ অসুখ আৰম্ভ হোৱাৰ পৰা৷ অলপদিন কাঁহি কাঁহি থাকোতেই অমলাই বুঢ়ীক হস্পিতললৈ লৈ যাব খুজিলে৷ বুঢ়ীয়ে কলে থ থ হেৰএনেয়ে পইচা ভা‌ঙিব নালাগে৷ নিজে নিজেই ঠিক হব৷  কিন্তু অলপদিনৰ পাছত বুঢ়ীৰ বিছনাখনৰ পৰা উঠি যাবলৈ মন নোযোৱা হল৷  লাহে লাহে কাঁহ বেছি হৈ বুঢ়ীয়ে ভালকৈ উশাহেই লব নোৱাৰা হল৷ কোনোবাই গছত উঠি লেতেকুপনিয়ল চিঙে – বুঢ়ীয়ে একো মাত নিদি নিৰ্বিকাৰ হৈ চাই থাকে৷  কাৰোবাৰ ঘৰৰ বোৱাৰীয়ে চুৱা ভাত পানী ছটিয়াই বুঢ়ীৰ বাৰীলৈকে মাৰি পঠিয়াই-বুঢ়ী বিছনাত পৰাতে পৰি থাকে৷ উঠি গৈ কিবা এষাৰ কবলৈ বুঢ়ীয়ে শক্তি নাপায়৷

অমলাই কুমুদে বুঢ়ীক ডাক্তৰৰ ওচৰলৈ লৈ গ’ ল৷  ডাক্তৰে পৰীক্ষা কৰি কলে বুঢ়ীৰ বুকুত বেয়াকৈ কফ বহি গৈছে৷ এসময়ত কেঁচা খৰি ফুৱাই ফুৱাই ভাত বনোৱাৰ ফল৷  ডাক্তৰে টেবলেট দিলে আৰু ভালকৈ বুকুখন দেখুৱাবলৈ গুৱাহাটী নিবলৈ কলে৷

কুমুদে সেই ৰাতি আহি প্ৰস্তাৱ দিলে মাটি অলপ বেচি দিবলৈ৷ বুঢ়ীকো দেখুৱাব পাৰিব আৰু বাকী টকাৰে সি এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব৷  এই চহৰত সি আৰু কিমান লোকৰ দোকানত গোমাস্তা হৈ কাম কৰিব৷ তাৰো নিজৰ ববীয়াকৈ দোকানৰ মালিক হোৱাৰ মন৷ অসুখীয়া দেহাৰেই বুঢ়ীয়ে ফোঁপাই ফোঁপাই কৈ উঠিল-লাগিলে তেওঁ সিপুৰীলৈ যাব, কিন্তু মাটিকণ নেবেচে৷  আজি ইমান বছৰ হল এই ঘৰ-মাটি ৰখি থকাএতিয়া থকাকণো বেচি বুঢ়ীয়ে গাৰ আৰাম নলয়৷  অমলাইও সমানে খেংখেঙাই আহিল- তুমিনো কিহৰ মতাটো যদি পইচা কেইটামানেই ঘটি বেমাৰটো ভাল কৰাব নোৱাৰা’ 

 পিছৰ দিনা ৰাতি কুমুদ মদ খাই আহিল৷ অমলাৰ নিচিনা এজনী ছোৱালীক বিয়া কৰি সি যে বৰ ডাঙৰ মূৰ্খামী কৰিলে-সেই কথাটোকে বলকি বলকি সি ভাত নোখোৱাকৈ শুই থাকিল৷  সেইদিনা বুঢ়ীয়ে টেবলেটবোৰ নাখালে৷ বৰ তিতা লাগে হেনো মুখখন৷

তাৰ পাছৰ দিনাও কুমুদে মদ খাই আহিল৷ সেই ৰাতি সি অমলাক এটা চৰ মাৰিলে৷  সি ইয়াৰ পৰা একেবাৰে গুচি যোৱাৰ কথাও বাৰম্বাৰ কলে৷

 শেহ ৰাতি পিৰালীত বহি বুঢ়ীয়ে অমলাক লাহেকৈ সুধিলে-সি তোক এৰি দিব নি?

 নাৰীৰ মন-সাগৰত হাজাৰ ধুমুহাৰ সৃষ্টি কৰি দিব পৰা প্ৰশ্ন৷  সেই তাহানিৰ পৰা৷

 অমলা নিশ্ছুপ হৈ বহি থাকিল৷

 ৰাতিটো গভীৰ কৰি ঝিলিবোৰে মাতি থাকিল৷

পিছদিনাখন বুঢ়ীয়ে কুমুদক গ্ৰাহক বিচাৰিবলৈ কলে৷  অমূল্য প্ৰফেচৰৰ বাউণ্ডেৰী ৱালৰ পৰা ধৰি দুকঠামান মাটি অমলাৰ মাকে বেচি দিব৷ বুঢ়ীয়ে মাটি বেচিব বুলি খবৰটো ওলোৱাৰ পৰা এক অনাকাঙ্খিত আনন্দৰ ঢৌৱে গোটেই কলনীটোৰ মানুহখিনিক যেন জীপাল কৰি তুলিলে৷  হঠাৎ যেন দলনি পোতাপুখুৰী আৰু বাঁহনিৰ পৰা সকলো ভূত প্ৰেত  লৰ মাৰিলে আৰু সকলোৱে যেন নিজৰ কল্পনাৰ চকুৰে ঠাইখিনিক জুমি চাবলৈ ধৰিলে৷ কাৰোবাৰ গেৰেজৰ কাৰণে ঠাই ওলালকাৰোবাৰ গোসাঁই ঘৰকণ বঢ়াই লবলৈ আনি থোৱা নক্সাটো মেল খালে৷  খিৰিকীবোৰ লাহে লাহে খোল খালে আৰু সকলোৱে কুমুদক লক্ষ্য কৰিবলৈ ধৰিলে৷  এতিয়াটো সকলো কুমুদৰ হাতত৷

সেই ৰাতি বুঢ়ীৰ টোপনি নাহিল৷  শেহ ৰাতি বুঢ়ী লাহেকৈ দুৱাৰখন খুলি ওলাই আহিল৷ টেবলেটবোৰ খোৱাৰ কাৰণেই হবলা বুঢ়ীৰ মুৰ ঘুৰোৱা যেন লাগি আছিল৷  খুটাটোত ধৰি তেওঁ পিৰালীত বহিল আৰু পুখুৰী আৰু বাঁহনিখনলৈ একেথিৰে চাই ৰ’ ল৷ ক’ ৰবাত কুকুৰাই মাতিছিলৰাতিপুৱাবলৈ চাগে বেছি সময় নাই-বুঢ়ীয়ে ভাবিলে৷ এজাক চেচাঁ বতাহে বুঢ়ীৰ সমগ্ৰ সত্তাক চুই গ’ লহি৷

গাঢ় অন্ধকাৰে গিলি থোৱা বাঁহনিখনৰ পিনে চাই চাই সেই নিজম নিস্তব্ধ ৰাতি বুঢ়ীয়ে লাহে লাহে উচুপি উচুপি কান্দিবলৈ ধৰিলে৷

                          —————-

জিন্টু দত্ত

ভাৰতীয় ডাকবিভাগ,

যোৰহাট – ৭৮৫০০১,

ভ্ৰাম্যভাষ  ৭০০২৮১০৩৩১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close