Written by 10:06 am Poems

অন্যকথা

 দিগন্ত শইকীয়া



বেলেগ কিছুমান কথা
বেলেগ কিছুমান চিন্তা
চোপ লৈ আছে

বেলেগ কিছুমান বুৰঞ্জী
বেলেগ কিছুমান বেলাড
বেলেগ কিছুনমান বিলাপ

বেলেগ বাগধাৰা

বেলেগ কিছুমান ভেঁকুৰ
বেলেগ কিছুমান ভাইৰাছ

বেলেগ কিছুমান মুখ
বেলেগ কিছুমান বিলোচনা
বেলেগ কিছুমান প্ৰসংগৰে নীলা

বেলেগ কিছুমান বিষ্ঠা
বেলেগ কিছুমান পৃষ্ঠা

এদিন আমি অন্ধ হৈ গ’লো
এদিন বধিৰ
এদিন বোবা
বৰ সহজে। কোনোবা এদিন।

মধুমেহ

হৃদয় যকৃত বৃক্ক বিকল
ধুঁৱলি নজৰ
অস্থিচৰ্মসাৰ

আমাৰে মঙহৰ ব্যঞ্জন
সোণৰ চামোচ শুৱাই
বেলেগ কিছুমান মুখৰ মৰ্গলৈ…

ক’লা/বগা
বাইনেৰীৰ খেল

এজাক উলংগ শিশুৰ পেটৰ কলকলনি
বাদামী সিহঁতৰ দেহ
মাটিৰ মুখ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close