দ্বিজেন কুমাৰ দাস
বহু কথা নাজানো
নজনাবোৰ ভয়
বহু প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই
পকি সেন্দুৰীয়া হোৱা পথটোৰে গৈ থাকিও থমকো
বহু কথা অৱগুণ্ঠণ
মোক বিচৰা আন্ধাৰ
মোৰ মাজতে বন্দিনী
অকলশৰীয়া এটি মাটিৰ চাকি
জঁই পৰা জীউলতা
কাঁহীত এৰা কাঁইট
বিষ্ঠাত এৰা কঁঠালগুটি
উল্লাস উচ্চতা
ভাগি যোৱা
কান্দি ৰোৱা
বিদ্ধ লগ্ন
বহু কথা
বহু কথা পুলকিত সুহুৰি
জন্ম -মৃত্যুৰ
অৰ্থৰ অনৰ্থৰ
বহুকথাই নাজানো
নুবুজো
তেনে এটি কথাকেই তোমাকো কওঁ শুনা:
‘মোৰ মূৰৰ ওপৰেদিয়েও চৰাই উৰে
পাখিত জুই ‘!
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025