প্ৰয়াগ শইকীয়া
উৰণীয়া মনে দিলে এটা পাখি
ক’লে কলম কৰি কিবা এটা লিখিবা সখী
পাখিটি চুই দিওঁতেই এজুপি বিৰিখ হ’ল
আৰু অনুভৱ দিলে
মই যে ভূমি
একাঁজলি ৰ’দত
উদ্ভাসিত জীৱন বন্দনাৰে
সুপ্ৰভাত সখী
কুশলে থাকিবা সদায়
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 4 times, 1 visit(s) today
Last modified: May 12, 2025