Written by 6:15 am Articles

বেটবাৰ্ড – বাই’মিমেটিকছ – ইক’ল’কেশ্ব্যন

ড° ভাৰত বৰুৱা

    বেট বা বাদুলি দেখাত চৰাইৰ দৰে যদিও ই প্ৰকৃততে চৰাই নহয়। ই এবিধ স্তন্যপায়ী, গতিকে চৰাইৰ সদৃশ কণী নাপাৰে, পোৱালিহে দিয়ে। স্তন্যপায়ী বাবেই ইহঁতে নিজৰ পোৱালিক পিয়াহ খুৱাই ডাঙৰ কৰে। লোকপৰম্পৰাত বাদুলি হৈছে তেনেই এলাগী জীৱ, বৰং চলি অহা লোকগাঁথা মতে ই এবিধ জলাতঙ্ক বিয়পোৱা ত্ৰাস, ৰক্তপিপাসু আৰু মইবৰ ভাবৰ অতিশাব্দিক শক্তি থকা স্তন্যপায়ী। যদিও বাদুলি এবিধ অতি বৈচিত্ৰ্যময় আৰু অনন্য গোটৰ স্তন্যপায়ী জীৱ, সেয়েহে ই জনমানসত সদায়েই এক আতংকৰ প্ৰতিচ্ছবি হিচাপেই ৰৈ গৈছে। বাকী স্তন্যপায়ী জীৱৰ তুলনাত এইবিধ বেলেগ কিয়নো এইবিধৰ আগ-ঠেং বিৱৰ্তন হৈ ডেউকাৰ আকাৰ লৈছে আৰু সেইবাবেই ই একমাত্ৰ উৰণক্ষম স্তন্যপায়ী। ই এই জীৱজগতত সাংখ্যিক হিচাপত দ্বিতীয় বৃহৎ গোটৰ স্তন্যপায়ী আৰু ই মুঠ স্তন্যপায়ীৰ ২০%। অবিশ্বাস্য খাদ্যাভাস (কেৱল ৰক্ত নহয়), সামাজিক আচৰণ আৰু শৰীৰতত্ত্বৰ ফালৰ পৰা বাদুলি কেৱল গতানুগতিক হাল’উইনৰ সাজ-সজ্জাতকৈ নিশ্চয়কৈ উচ্চমানৰ। বাদুলিৰ প্ৰতি থকা শংকাক সচৰাচৰ কৃ’প্ত’ফ’বিয়া বোলা হয়, কিন্তু এই ফ’বিয়াৰ মূল কাৰণ হয়তো এই অভাৱনীয় প্ৰাণীবিধক ভুল বুজাৰ বাবেই সৃষ্টি হৈছে। পিছে এই জনপৰম্পৰাক যদি আমি বৰং এটি ইংগিত হিচাপে লওঁ, তেন্তে বাদুলি যে আতংকতকৈ বেছি প্ৰতিশ্ৰুতিপূৰ্ণ সামাজিক সংকেত হ’ব পাৰে সেই কথা এবাৰ ভাবি চোৱা দৰকাৰ। কিন্তু কিয়? ইয়াৰ এই প্ৰতিশ্ৰুতিপূৰ্ণতাৰ কোনো বৈজ্ঞানিক ব্যাখ্যা আছে নে? নিশ্চয় আছে, পিছে তাৰ আগতে বাদুলি বা বেটৰ কেইটামান পৰম্পৰাগত দিশ প্ৰথমে আওৰাই ল’ব বিচাৰিছোঁ।
ৰূপ সলাব পৰা ড্ৰাকুলা :    এই ৰূপ সলাব পৰা ড্ৰাকুলাৰ লোমহৰ্ষক কাহিনীৰ সূত্ৰপাত হৈছিল ১৮৯৭ চনত প্ৰকাশ হোৱা ব্ৰেম ষ্ট’কাৰৰ “ড্ৰাকুলা” নামৰ উপন্যাসৰ পৰা। এই উপন্যাসত ষ্ট’কাৰে বাদুলি সদৃশ এক মানুষ্যৰ চৰিত্ৰ বৰ্ণনা দিছে যি ইচ্ছা মতে বাদুলিৰ ৰূপো ল’ব পাৰে। ইউৰোপৰ জনমানসত বাদুলিৰ এক পৈশাচিক ধাৰণা ইতিমধ্যে বিৰাজমান আছিল আৰু ষ্ট’কাৰে তাৰ আলমতেই এই ৰক্তপায়ী ড্ৰাকুলাৰ চৰিত্ৰৰ অংকণ কৰিছিল। পৃথিৱীৰ বিভিন্ন ঠাইৰ লোকগাঁথাত ৰক্তপায়ী আৰু বহুৰূপীৰ সান-মিহলি দেখা যায়। লোকগাঁথাৰ বুৰঞ্জীবিদ সকলে বিশ্বাস কৰে যে এই ধৰণৰ কাহিনীবোৰ এটা উমৈহতীয়া সংযোগ আছে আৰু সেয়া হৈছে – জিনিয় বিসংগতি যেনে অকালবাৰ্ধক্য আৰু হাইপাৰট্ৰাইক’চিছ যিটো বিসংগতি অতিমাত্ৰা চুলি বা নোম গজাৰ বাবে দায়ী। গতিকে যি জীৱই গতানুগতিক আচাৰ উলংঘা কৰে অথবা অতিমাত্ৰাৰ ক্ষুধা প্ৰদৰ্শন কৰে তাক বহুৰূপী বা ৰূপ সলনি কৰা পিঁশাচ হিচাপে গণ্য কৰা হয়। নিশাচৰ বাদুলিৰ খাদ্য তালিকাত আন্যান্য খাদ্যৰ লগতে অন্য জীৱৰ তেজও এবিধ, গতিকে ইহঁত জনমানসত ৰক্তপায়ী বহুৰূপী পিশাচৰ প্ৰতীক হৈ পৰিছে।বাকাৰ্ডি ল’গ’ :    আনহাতে আকৌ কোনো ব্ৰেণ্ডৰ ল’গ’ৰ উহো বিস্ময়কৰ হ’ব পাৰে। উদাহৰণ স্বৰূপে “বাকাৰ্ডি” নামৰ একপ্ৰকাৰ মদৰ বাদুলি-বিষয়বস্তুৰ ল’গ’টোৰ এটা গাম্ভীৰ্যপূৰ্ণ আৰাম্ভণি আছে। এই বাকাৰ্ডি নামৰ কিউবান মদবিধৰ প্ৰথম ডিষ্টিলেৰিটোৰ যেতিয়া সংস্থাপন কৰা হৈছিল ১৮৬২ চনত ছানটিয়েগ’ ডি কিউবা নামৰ ঠাইত তাৰ ওচৰে-পাজৰে থকা কিউবান বেটবিলাকে আহি ভিৰ কৰিছিলহি। ইয়াত বিশেষ আচৰিত হ’ব লগা নাই, কিয়নো বাকাৰ্ডিৰ এই মদবিধ কুঁহিয়াৰৰ ৰসৰ পৰা প্ৰস্তুত কৰা হৈছিল আৰু অন্যান্য পোক-পৰুৱাৰ দৰে বাদুলিও কুঁহিয়াৰৰ মিঠা ৰসৰ প্ৰতি আকৰ্ষিত হৈছিল। আনহাতে বাকাৰ্ডি কোম্পানীৰ প্ৰতিষ্ঠাতাৰ পত্নী ড’না এমিলিয়া বাকাৰ্ডিয়ে এই বাদুলিবোৰক তেওঁলোকৰ প্ৰতিষ্ঠানৰ বাবে সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰিছিল। আনহাতে বাদুলিয়ে কুঁহিয়াৰৰ পৰাগ-সংযোগতো সহায়ক হৈছিল। মুঠতে বাকাৰ্ডি পৰিয়ালে বাদুলিক তেওঁলোকৰ ব্ৰেণ্ডৰ উন্নতিৰ চাবিকাঠি বুলি ধৰি লৈছিল, গতিকে বাদুলিকেই ল’গ’ হিচাপে ব্যৱহাৰ কৰিছিল। লগতে এটা কথা লক্ষ্যণীয় যে বাদুলিৰ বৈশিষ্টপূৰ্ণ ল’গ’টো অন্য ব্ৰেণ্ডৰ ল’গ’তকৈ বেছি স্মৰণীয়।বেটমেন :    বাদুলি সদৃশ বেটমেন নামৰ চৰিত্ৰটোৰ ৰচিয়তা হ’ল ব’ব কেন আৰু বিল ফিংগাৰ। ১৯৩৯ চনত পোন প্ৰথমবাৰৰ বাবে এই চৰিত্ৰটো বজাৰলৈ আহিছিল ডি চি ক’মিকছ চিৰিজৰ দ্বাৰা। বেটমেন হৈছে দ্বৈত-পৰিচয়ৰ চৰিত্ৰ। ইয়াৰ আগতে যে এই ধৰণৰ চৰিত্ৰ নাছিল তেনে নহয়। পিছে বেটমেনৰ চৰিত্ৰটো ভিন্ন। বাদুলি সদৃশ মুখাৰ পিছফালৰ মানুহজন হ’ল ব্ৰুচ ৱাইন, এজন ধনী উদ্যোগপতি, ফিলান্থ্ৰ’পিষ্ট্। তেওঁৰ বাল্যকালতেই পিতৃ-মাতৃক গুপ্তঘাতকে তেওঁ চকুৰ আগতেই হত্যা কৰিছিল গ’থাম চহৰৰ মাজ-মজিয়াত। বাল্যকালতে সোমোৱা মনৰ এই বিভিষিকা দূৰ কৰিবৰ বাবে আৰু গ’থাম চহৰৰ নিৰীহ জনতাক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতিৰে ব্ৰুচে নিজকে বহু বছৰ ধৰি শাৰীৰিক আৰু মানসিকভাৱে প্ৰশিক্ষণ দিছিল যাতে নিজাকৈ অন্যায়ৰ বিৰুদ্ধে যুঁজিব পাৰে । লগতে কাৰুকলাৰে বহুতো গেজেট তৈয়াৰ কৰি নিজকে এটা বেট-সদৃশ ৰূপ দি প্ৰত্যেক ৰাতি গ’থাম চহৰত পহৰাদাৰ হৈ থিয় দিছিল। ব’ব কেনে লিওনাৰ্ড’ ডা ভিঞ্চিৰ “অৰনিথ’প্টাৰ”-ৰ আৰ্হিত বেটমেনৰ পিঠিৰ ফালে থকা এক পাখিসদৃশ কাপোৰ অংকণ কৰিছিল, আৰু সেইখন চৰিত্ৰ আৰু কিতাপখনৰ থিমৰ লগত বাৰুকৈয়েই খাপ খাই পৰিছিল। পাছলৈ এই চৰিত্ৰটোক লৈ হলিউডত বহুকেইখন কথাছবিৰ লগতে এনিমেটেড টিভি চিৰিজৰ সৃষ্টি হয়।হ’টেল ট্ৰেনছিলভেনিয়া :    এইখন এখন “ছ’নি পিক্সাৰ এনিমেছন”ৰ গেণ্ডি টাৰটাক’ভস্কিৰ দ্বাৰা পৰিচালিত এনিমেটেড কথাছবি। ২০১২ চনৰ পৰা আজিলৈকে এই ছিৰিজৰ মুঠ চাৰিখন কথাছবি ইতিমধ্যে প্ৰদৰ্শিত হৈছে। এই কাহিনীৰ সৃষ্টিকৰ্তা হ’ল ব্যংগ লেখক ট’ড ডাৰহাম। এই কাহিনীৰ মূল চৰিত্ৰও ৰক্তপায়ী পিঁশাচ ড্ৰকুলা। পিছে ইয়াত ড্ৰাকুলা আৰু অন্যান্য পিঁশাচবোৰক ভয়াবহ ৰূপত অংকণ নকৰি বৰং হাস্যৰসপূৰ্ণ ব্যংগ চৰিত্ৰ হিচাপেহে দেখুউৱা হৈছে। ড্ৰাকুলা নিজে এগৰাকী কন্যাৰ পিতৃ আৰু  নিজ কন্যাক কেনেকৈ মনুষ্যৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি তাতে তেওঁ নিমৰ্জিত। তেওঁ এখন আটকধুনীয়া ফাইভ ষ্টাৰ হ’টেল তৈয়াৰ কৰি লৈছে যাতে নিজ কন্যাৰ লগতে অন্যান পিঁশাচবোৰো মনুষ্যৰ পৰা সুৰক্ষিত থাকিব পাৰে। হ’টেলৰ চাৰিওফালে এখন মৰিশালি য’ত জীৱন্ত মৰাশবোৰে ঘূৰা-ফিৰা কৰে আৰু লগতে ৪০০ গজৰ জয়াল অৰণ্য যাতে মনুষ্যই সেই ফালে আহিবলৈ সাহস নকৰে। যি কি নহওক এই চৰিত্ৰত বাদুলিৰ প্ৰদৰ্শন ধনাত্মক লগতে ব্যংগাত্মক।ক’ভিড-১৯-অৰ পৰিব্যাপ্তি :    শেহতীয়াকৈ বেটৰ শৰীৰৰ পৰা অহা ক’ৰ’না ভাইৰাছৰ জৰিয়তেই সমগ্ৰ বিশ্বতেই ক’ভিড-১৯ অতিমাৰী বিয়পাত জনমানসত বেটৰ ছবি পূৰ্বতকৈও যে অৱনমিত হ’ল তাত কোনো সন্দেহ নাই। 
পৰিস্থিতিবিজ্ঞানৰ গৱেষকসকলে ইতিমধ্যে ঠিৰাং কৰিব পাৰিছে যে অকল পৰিস্থিতিৰ ভাৰসাম্য ৰক্ষাতেই বাদুলিৰ অৱদান নাই, বৰং ইহঁতে অৰ্থনীতিতো বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। আনহাতে আকৌ বাদুলিৰ পৰা শিকিবলগীয়া প্ৰযুক্তিৰ দ্বাৰা বহু বাদুলি-সংযোজিত মহামাৰীৰ পৰা হাত সাৰিব পৰা যাব তাৰো কিছু আভাস পোৱা গৈছে।ইক’ল’জিত বেট বা বাদুলিৰ প্ৰভাৱ :    এণ্টাৰ্কটিকাৰ বাহিৰে পৃথিৱী আন আটাইকেইখন মহাদেশতেই বাদুলি বিৰাজমান। ইহঁত বৰ্ষাৰণ্যতো বৰ্তিব পাৰে আৰু মৰুভূমিতো বৰ্তিব পাৰে। ইহঁতে একাণপতীয়াভাৱে ইক’ল’জিকেল ভূমিকা পালন কৰি ইক’ল’জিৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰি আহিছে। বাদুলিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হৈছে কেইবাশ উদ্ভিদ প্ৰজাতিৰ পৰাগ-সংযোগ কৰা আৰু বীজ সিঁচৰতি কৰা। উদাহৰণস্বৰূপে বহুকেইবিধ ৰাতি ফুলা কেকটাছৰ ফুল বাদুলি থকা ঠাইতহে ফুলে। আনহাতে বাদুলিয়ে প্ৰভূত পৰিমাণৰ পোক-পৰুৱা ভক্ষণ কৰে। আশ্চৰ্যজনকভাৱে বাদুলিয়ে একে ৰাতিতেই ইয়াৰ শৰীৰৰ ওজনৰ সম-পৰিমাণৰ পোক-পৰুৱা ভোজন কৰিব পাৰে।বাদুলিৰ অৰ্থনৈতিক অৱদান :    যিহেতু বাদুলিয়ে বহুতো উদ্ভিদ প্ৰজাতিৰ পৰাগ-সংযোগত সহায়ক হয় তাৰ ভিতৰত কেইবাবিধো বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদো আছে, যেনে কল, আম, আৰু মধুৰি। লগতে এই কেইবিধ ফলৰ গছত থকা কীট-পতংগবোৰ ভক্ষণ কৰি বাদুলিয়ে কীটনাশকৰ প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে। “ছায়েঞ্চ” পত্ৰিকাই ২০২১ চনত কৰা সমীক্ষা অনুসৰি বাদুলিয়ে কীট-পতংগ ভোজন কৰাৰ ফলস্বৰূপে কেৱল আমেৰিকাৰ কৃষি উদ্যোগেই প্ৰতি বছৰে কীটনাশকৰ খৰচ প্ৰায় ২৩ বিলিয়ন ডলাৰ কম কৰিব পাৰিছে।  নেশ্ব্যনেল ছায়েঞ্চ ফাউণ্ডেশ্ব্যনে কৰা আন এক সমীক্ষাৰ মতে ব্ৰাজিলৰ ফ্ৰি-টেইল বেটক কপাহ খেতিৰ পথাৰত কীটনাশক হিচাপে ব্যৱহাৰ কৰাৰ ফলত টেক্সাছে বাৰ্ষিক ৭০০ হাজাৰ ডলাৰতকৈও বেছি সঞ্চয় কৰিবলৈ সক্ষম হৈছে।বেট বাই’মিমেটিকছ – উন্নত-প্ৰযুক্তি উদ্ভাৱনৰ অনুপ্ৰেৰণা :    বাই’মিমেটিকছ হৈছে আধুনিক বিজ্ঞানৰ এনে এক বিভাগ য’ত বিজ্ঞানে প্ৰকৃতিৰ পৰা আৰ্হি সংগ্ৰহ কৰি নতুন নতুন প্ৰযুক্তি উদ্ভাৱন কৰে। সৰ্বোপৰি আমি ব্যৱহাৰ কৰা ছ’নাৰ আৰু আল্ট্ৰাছাউণ্ড প্ৰযুক্তিৰ মূলতে বাদুলিৰ “ইক’ল’কেশ্ব্যন” পৰাই অনুপ্ৰাণিত। এই  ইক’ল’কেশ্ব্যন এটি নেভিগেশ্ব্যন প্ৰক্ৰিয়া যাৰ দ্বাৰা বাদুলিয়ে ৰাতিৰ আন্ধাৰত উৰন্ত অৱস্থাৰ পৰাই দ্ৰুতগতিত গৈ থকা চিকাৰৰ স্থান নিৰ্ণয় কৰিব পাৰে আৰু একে সময়তে নিজেও গছ, ভৱন বা আন আন বাধাত খুন্দা নমৰাকৈ থাকিব পাৰে। বাদুলিয়ে  ইক’ল’কেশ্ব্যনৰ বাবে নিজৰ দেহৰ পৰা এক সংৰচিত উচ্চ-কম্পনৰ শব্দ নিৰ্গত কৰে, এই শব্দ-কম্পনাংক মনুষ্যৰ শ্ৰৱণ শক্তিৰ বাহিৰত, এই শাব্দিক কম্পনাংক চিকাৰৰ গাত খুণ্ডা মাৰি প্ৰতিধ্বনি হিচাপে বাদুলিলৈ ঘুৰি আহে। ঘুৰি অহা প্ৰতিধ্বনিৰ বিলম্ব আৰু সংৰচনা বাদুলিয়ে নিৰ্গত কম্পনাংকৰ লগত তুলনা কৰি ই চিকাৰৰ পৰা নিজৰ দুৰত্ব, চিকাৰৰ আকাৰ আৰু আকৃতি গণনা কৰিব পাৰে। সঁচা অৰ্থত এই ইক’ল’কেশ্ব্যনৰ সহায়ত বাদুলিয়ে নিজৰ মগজুত চাৰিওফালৰ পৰিৱেশৰ এক থ্ৰী ডী মানচিত্ৰ তৈয়াৰ কৰিব পাৰে। এনে ধৰণৰ উচ্চ-প্ৰযুক্তিৰ শাব্দিক মায়াজাল সৃষ্টি কৰিব পৰা ক্ষমতা অন্য কোনো প্ৰাণীৰে নাই। ইফালে বাদুলিৰ মগজুৰ আকাৰ মাত্ৰ এটা বাদামৰ সমানহে। কিন্তু ইয়াৰ  ইক’ল’কেশ্ব্যন ইমানেই স্পৰ্শকাতৰ যে ঘণ্টাত ২৫ মাইল বেগত উৰি যোৱা বাদুলিয়ে অন্ধকাৰতেই এখিলা পাতৰ তলত বগাই থকা এটি পতংগক চিনাক্ত কৰিব পাৰে। এতিয়া প্ৰশ্ন হৈছে, বাদুলিয়ে কিভাৱে চিকাৰৰ পৰা অহা ছ’নাৰ প্ৰতিধ্বনিত অভিকেন্দ্ৰিত কৰিব পাৰে, য’ত একে সময়তে চাৰিওফালৰ পৰিৱেশৰ পৰা অভিভূত কৰিব পৰা নানান প্ৰতিধ্বনি হৈ থাকিব পাৰে? বাদুলিয়ে প্ৰথমে নিম্ন-কম্পনাংকৰ লহৰ নিৰ্গত কৰে। চাৰিওফালৰ বৃহৎ আকৃতিৰ বস্তুবোৰে প্ৰতিফলিত কৰা প্ৰতিধ্বনি সাধাৰণতে তীব্ৰ হয়। কিন্তু সূক্ষ্ম আকাৰৰ চিকাৰহে বাদুলিৰ লক্ষ্য। যেতিয়াই ই সূক্ষ্ম বস্তুৰ পৰা প্ৰতিফলিত নিম্ন তীব্ৰতাৰ প্ৰতিধ্বনি সংগ্ৰহ কৰে তেতিয়া পুনৰ এক উচ্চ কম্পনাংকৰ লহৰ নিৰ্গত কৰে। যেতিয়া উচ্চ আৰু নিম্ন কম্পনাংকৰ প্ৰতিধ্বনি লক্ষ্যৰ পৰা ঘুৰি আহে তেতিয়া ই অপ্ৰয়োজনীয় নিম্ন-কম্পনাংকৰ ধ্বনি যিবোৰ চাৰিকাষৰ গছ বা শিলৰ পৰা আহে সেই বোৰক আওকাণ কৰি কেৱল লক্ষ্যৰ পৰা অহা উচ্চ কম্পনাংকৰ ধ্বনিত মন দিয়ে আৰু লক্ষ্যৰ ওপৰত জঁপিয়াই পৰে। আনহাতে লক্ষ্য কোন দিশত আছে তাৰ নিৰ্ণয়ৰ বাবে বাদুলিয়ে পুনৰ দুইখন কাণ প্ৰয়োগ কৰে। যদি ধ্বনি সোঁ কাণৰ ফালৰ পৰা আহে তেন্তে সেই ধ্বনি সোঁ কাণে বাওঁ কাণতকৈ আগত শুনিব। দুইখন কাণত ধ্বনি আহি পোৱাৰ সময়ৰ ভিন্নতা গণনা আৰু ভাষান্তৰ কৰি বাদুলিয়ে নিজকে সেই চিকাৰৰ ফালে ধাৱিত কৰে।    বাদুলিৰ আন এক মহত্ত্ব হ’ল ই উৰণ ক্ষমতা থকা এক মাত্ৰ স্তন্যপায়ী। লগতে বাদুলিয়ে মাত্ৰ তিনিবাৰ ডেউকা কোবাই উৰন্ত অৱস্থাতেই ১৮০ ডিগ্ৰী দিশ সলনি কৰিব পাৰে আৰু এইটোৱে যিকোনো ফাইটাৰ পাইলটকেই ঈৰ্ষান্বিত কৰাৰ কাৰণ। বাদুলিৰ ইমান ক্ষিপ্ৰ গতিৰ উৰণ ক্ষমতাৰ মূলতেই হৈছে ইয়াৰ সক্ষম ডেউকা। বাদুলিৰ ডেউকা পতংগ বা চৰাইৰ ডেউকাতকৈ একেবাৰেই ভিন্ন। বাদুলিৰ ডেউকাৰ সংৰচনা এনে যে ই মানুহৰ হাত জাপ খোৱাৰ দৰে জাপ খায়। লগতে ডেউকা বহলাব পৰাকৈ ছালযুক্ত আৰু এই ছালবোৰ এক উৎকৃষ্ট পেশীৰ দ্বাৰা সংযুক্ত। ইতিমধ্যে বাদুলিৰ ডেউকাৰ সংৰচনাৰ আৰু উৰণৰ বলবিজ্ঞানৰ ওপৰত হৈ থকা গৱেষণাৰ ফলস্বৰূপে অনতিপলমে উৰাজাহাজৰ উন্নত কাৱাজ প্ৰযুক্তিৰ উদ্ভাৱনৰ ভৰপূৰ সম্ভাৱনা আছে।বাদুলিৰ মহামাৰী :    বাদুলিৰ বহুমুখী উপযোগিতালৈ চাই ইতিমধ্যেই এক দুখজনক বাৰ্তা যে ২০০৬-২০০৭ চনৰ পৰাই উত্তৰ আমেৰিকাত থকা বাদুলিৰ প্ৰজাতিবোৰে এক মাৰাত্মক মহামাৰীত ভুগিছে। বাদুলিৰ দেহত হোৱা ভেঁকুৰজনিত ৰোগক কোৱা হয় – হোৱাইট ন’জ ছিণ্ড্ৰ’ম। আৰু তেতিয়াৰ পৰা আজিলৈকে প্ৰায় ৫ মিলিয়ন বাদুলি এই ব্যাধিৰ চিকাৰ হৈছে। বিজ্ঞানীসকলে ধাৰণা কৰিছে যে এই হাৰত যদি হোৱাইট ন’জ ছিণ্ড্ৰ’ম বিয়পি থাকে তেন্তে ইয়াৰ দ্বাৰা কেইবাটাও বাদুলিৰ প্ৰজাতি বিলুপ্ত হ’ব কিয়নো এতিয়াও এই ৰোগৰ নিৰাময়ৰ কোনো উপায় আৱিষ্কাৰ হোৱা নাই। এই ৰোগত মূলতে শীতনিদ্ৰাত থকা বাদুলিৰ ডেউকাৰ ছালবোৰ ঘূণীয়া হয়। ইয়াক ফলত জীৱবিধৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে, ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য নোহোৱা হয়, শৰীৰত তাপ ধৰি ৰাখিৰ পৰা ক্ষমতা কম হয় আৰু শেষত ক্ষুধা আৰু পানীৰ অভাৱত মৃত্যুৰ মুখত পৰে। সংক্ৰমিত বাদুলিবোৰে বাহ্যিক উদ্বেগৰ প্ৰতি প্ৰতুক্তি দিব নোৱৰা হয় আৰু শীতনিদ্ৰা শেষ নোহোৱাকৈয়েই মুকলিলৈ ওলাই আহে। আমেৰিকান বাদুলিলৈ সংক্ৰমিত হোৱাৰ আগতে এই ভেঁকুৰবিধ ইউৰোপৰ এক বাদুলিৰ প্ৰজাতিতহে দেখা গৈছিল। কিন্তু বিজ্ঞানীসকলৰ মতে ইউৰোপিয়ান বাদুলি এই ভেঁকুৰৰ পৰা জিনিয়ভাৱে সুৰক্ষিত। বিজ্ঞানীসকলৰ সন্দেহ যে গুহা পৰিভ্ৰমণ কৰা পৰ্যটকৰ কাপোৰ অথবা ফটো তোলাৰ যন্ত্ৰপাতিৰ লগত কেনেবাকৈ আহি এই ভেঁকুৰ উত্তৰ-আমেৰিকা আহি পাইছেহি। এক সমীক্ষা মতে জানিব পৰা গৈছে যে এই ভেঁকুৰে উত্তৰ-আমেৰিকাৰ ৬ টা প্ৰজাতিকহে আক্ৰান্ত কৰে আৰু তাৰ ভিতৰত ৪ বিধহে গুৰুতৰভাৱে আক্ৰান্ত হয়। ইউনিভাৰ্ছিটি অ’ফ কেলিফ’ৰ্নিয়া, ছান্তাক্ৰজৰ গৱেষকসকলৰ মতে কেইটামান প্ৰজাতিৰ বাদুলি হোৱাইট ন’জ ছিণ্ড্ৰ’মৰ ভেঁকুৰৰ দ্বাৰা সিমানকৈ আক্ৰান্ত নহয় কিয়নো ইহঁতৰ ছালত এক ধৰণৰ এণ্টি-ফাংগেল ধৰ্ম থকা বেক্টেৰিয়া থাকে আৰু এইবিধে বাদুলিক ভেঁকুৰৰ পৰা বচাই ৰাখে।    হোৱাইট ন’জ ছিণ্ড্ৰ’মৰ বাবে ইক’ছিষ্টেমত কি ধৰণৰ প্ৰভাৱ পৰিছে, কীট-পতংগৰ জনসংখ্যাত কি ধৰণৰ পৰিৱৰ্তন হৈছে তাৰ বাবে বিজ্ঞানীসকলক ২০০৬ আগৰ কেইবা বছৰৰ তথ্যৰ লগতে এই ৰোগ আৰম্ভ হোৱাৰ বহু বছৰৰ পাছৰ তথ্যৰ দৰকাৰ হয়। পিছে এই মহামাৰী যিহেতু আপেক্ষিকভাৱে নতুন আৰু ই খুউব সোনকালে বিয়পিলে, বিজ্ঞানীসকলৰ হাতত এই কথা নিশ্চতভাৱে ঠিৰাং কৰাৰ প্ৰৰ্যাপ্ত তথ্য নাই যে বাদুলিৰ অবিহনে  ইক’ছিষ্টেমত কিমান বিৰূপ পৰিণাম হ’ব পাৰে।অন্যান্য শংকা :    বাদুলিৰ তিষ্ঠি থকাৰ আন শংকাবোৰ হ’ল পেষ্টিছাইড আৰু ইনচেক্টিছাইডৰ অতিমাত্ৰা ব্যৱহাৰ, বাসস্থান হেৰুওৱা, আৰু বাদুলিৰ চিকাৰ। সম্পূৰ্ণকৈ বুজি নোপোৱা কাৰকৰ ভিতৰত হৈছে যে বাদুলি জাতীয় জীৱ আৰু অন্য পৰিভ্ৰমী চৰাই উইণ্ড টাৰ্বাইনৰ প্ৰতি আসক্ত হয়; বিগত কেইটামান বছৰত এক বিৰাট সংখ্যক বাদুলি উইণ্ড ফাৰ্মত নিহত হৈছে।    বাদুলিৰ অৰ্থনৈতিক আৰু ইক’ল’জিকেল গুৰুত্ব থকা সত্তেও ই এবিধ উপেক্ষিত প্ৰাণী আৰু ইহঁতৰ সংৰক্ষণ বাধ্যতামূলক হোৱা উচিত। শেষত ইমানেই আশা ৰাখিছোঁ যে এই নিমাখিত নিশাচৰ, দ্ৰুত-উৰণ ক্ষমতাসম্পন্ন আৰু নিভৃত প্ৰাণীবিধৰ প্ৰতি বৰ্ধিত সচেতনতাই সমন্বয় গঠন কৰিব পাৰিব। আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক জ্ঞান, সংৰক্ষণৰ অগ্ৰাধিকাৰ আৰু স্থানীয় সাংস্কৃতিক মান, আৰু এই কেইটাই সন্মিলিতভাৱে প্ৰচাৰ কৰিব পাৰিব বাদুলিয়ে ইক’ছিষ্টেমৰ প্ৰতি আগবঢ়োৱা সেৱা।তথ্যসুত্ৰ : নেশ্ব্যনেল ছায়েঞ্চ ফাউণ্ডেশ্ব্যন

***
Bharat Baruah, Ph. D.
Associate Professor
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close