Written by 6:13 am Articles

বচা বকুল

 ৰমানন্দন বৰা

(যোৱা সংখ্যাৰ পিছৰ পৰা)

বাইছ

এদিন দুদিনকৈ এসপ্তাহ বাগৰিল৷ নতুন চাপৰিৰ পৰা মানুহবোৰে আঁতৰি যোৱাৰ কোনো লক্ষণ নেদেখুৱালে৷ প্ৰথম দুদিন সিহঁতে কাম কৰা নাছিল৷ তাৰ পাছৰ পৰা কাম কৰিবলৈও আৰম্ভ কৰিলে৷

বকুল চাপৰিত দিনে দিনে উত্তেজনা বাঢ়িবলৈ ধৰিলে৷ মোলোকা, ভোগাইহঁত খঙত টিঙিৰি তুলা হৈ উঠিছে৷ নতুন মানুহখিনিয়ে সিহঁতক বুঢ়া আঙুলি দেখুৱালে৷ সিহঁতক বাটৰ ভতুৱা কুকুৰ হেন ভাবিলে৷ বকুল চাপৰিৰ মানুহৰ মান-সন্মান সিহঁতে মাটিৰ লগত মিলাইছে৷ সিহঁতে গম পোৱা নাই কাৰ লগত খেলিছে৷ জুইৰ লগত খেলিছে, জুইৰ লগত৷

জুইকুৰা সহজে নুনুমায় বুলি বেণুৱে অনুভৱ কৰিলে৷ এইকুৰা জুই নুমুৱাবলৈ তাৰ শক্তি নাই৷ কেতিয়াবা জুই নুমুৱাবলৈ যোৱাজনো দগ্ধ হ’ব লগা হয়৷ কিন্তু বাকী ল’ৰাবোৰে আলচ কৰাৰ দৰে সি সেই মানুহখিনিক মৰা-কটা কৰিবলৈ এৰি দিব নোৱাৰে৷ ল’ৰাহঁতেও নেৰে৷ সিহঁতৰ কাৰণে ধৰ্ম-চৰ্ম ডাঙৰ কথা নহয়, মাটিহে ডাঙৰ কথা৷ মাটি থাকিলেহে ধৰ্ম থাকিব, জাতি থাকিব৷ কোনো কাৰণতে সিহঁতে আনক মাটি এৰি নিদিয়ে৷ আজি বকুল চাপৰিত ঠাই আছে৷ কাইলৈ মানুহ বাঢ়িব, ঠাইৰ নাটনি হ’ব। তেতিয়া? বকুল চাপৰিৰ মানুহকে নতুন চাপৰিটো লাগিব৷

“তহঁতে চা, এই মানুহকেইটাক মাৰ-পিট কৰি খেদোৱাটো ডাঙৰ কথা নহয়৷ সিহঁতক খেদাম৷ তাৰ পাছত?” – বেণুৱে বুজাবলৈ যত্ন কৰে৷

“তাৰ পাছত মানে? আমাৰ মাটি আমাৰ হৈ থাকিব৷”

“নাথাকে৷ আমাৰ মাটি বুলি ক’ৰবাত মাটি আছে নেকি? আজি আমি বকুল চাপৰিত আছোঁ৷ আমাৰ আগতে ইয়াত কোন আছিল? এই চাপৰিটো আগতে আছিল নে? সদায় থাকিবনে? নাথাকে৷ আমিও সদায় নাথাকোঁ৷ খেতি কৰিব পৰা মাটি এনেয়ে পৰি নাথাকে৷ কোনোবা নহয় কোনোবা খেতিয়কে আহি মাটি চহাবহি৷ তাত বাধা দিব নোৱাৰ৷ এবাৰ পাৰিবি, দুবাৰ পাৰিবি। সেইবুলি সদায় নোৱাৰ৷”

“তেনেহ’লে সিহঁতক নতুন চাপৰিটো এৰি দিম নেকি?”

“নেৰোঁ, এই কাৰণেই নেৰোঁ যে এই মানুহখিনিয়ে নিজৰ কাৰণে খেতি কৰিবলৈ অহা নাই৷ কোনোবা মহাজনৰ ভঁৰাল ভৰাবলৈ আহিছে৷ এই খেতি কৰা মানুহবোৰৰ নিজৰ ভঁৰাল এটা কোনো দিনেই নাথাকে৷ আজি ইহঁতক খেদাম, কাইলৈ আন এদল মানুহ আহিব৷ নিজে আহিব৷ নহ’লে মহাজন এটাই আনিব, নহ’লে চৰকাৰে আনিব৷ মাটি ছন পৰি নাথাকে৷”

বেণুৱে নতুন চিন্তাৰ খোৰাক এটা সিহঁতক দিলে৷ “দখল কৰ, নিজৰ নামত মাটি লগাই ল’৷ মণ্ডলৰ ওচৰলৈ যা৷ বছৰি খাজনা দে, খেতি কৰ৷ তেতিয়াহে মাটি ৰ’ব৷”

ল’ৰাখিনিয়ে গম পাইছে যে নতুন চাপৰিত মাটি ৰখা মানে বাঁহৰ খুঁটা কেইটামানেৰে ঢাপ মাৰি থোৱা নহয়৷ খেতি কৰিব লাগিব৷ দখল তেতিয়াহে হ’ব৷ খাজনা দিব লাগিব৷ কিন্তু খেতি কৰিবৰ বাবে বকুল চাপৰিৰ মাটিয়েই যথেষ্ট৷ এতিয়া থকা মাটিত খেতি কৰিবলৈকে মানুহৰ নাটনি, ধনৰ নাটনি৷ নতুন চাপৰিত নতুন মাটিত কি কৰিব? কেনেকৈ কৰিব?

এতিয়া আটাইৰে কাম হ’ল মহাজনৰ শুংসূত্ৰ উলিওৱা আৰু মানুহখিনিক ভয় খুৱাই খেদা৷ মাটি দখলৰ কথা পাছত হ’ব৷ এতিয়া অন্ততঃ মাটিখিনি মুকলি হৈ থাকক৷

বেণুৱে সঁকিয়ালে, “পানী তলত কাঁইট আছে৷ সাৱধানে খোজ দিব লাগিব৷ কি সাহসত মানুহখিনিয়ে আকৌ কামত ধৰিছেহি? কোনোবাই ৰখি নাথাকিলে সিহঁতে কামত ধৰিব বুলি মোৰ মনে নকয়৷ আকৌ যদি তালৈ যাব লাগে, অতি সাৱধান৷ বিপদ ক’ত লুকাই থাকে ক’ব নোৱাৰি৷ কাৰণ ইন্দ্ৰজিতৰ নিচিনা মেঘৰ আঁৰৰ পৰা যুঁজ কৰি আছে মহাজনে৷”

মহাজন কোন?

*      *      *

তেইছ

সম্ভেদ পাবলৈ বৰ বেছি দিন ৰ’ব লগা নহ’ল৷ 

সপ্তাহ চাৰেকৰ পাছৰ এদিন দুপৰীয়া, টিখাং খাং ৰ’দ৷ মানুহেই নহয়, গছ-লতা, পশু-পক্ষীয়েও নিঃপালি দি জিৰাইছে৷ শিমলুডৰাৰ সিপাৰে এৰালৰ গৰুকেইজনীক পানী খুৱাই, ছাঁত বান্ধি বেণুৱেও বননিতে বহি আকাশ-পাতাল ভাবি আছে৷ তাৰ সাংসাৰিক জীৱন পূৰ্ণ৷ পাহিতা আৰু কেঁচুৱাটোৱে ঘৰত থকা সময়খিনি তাক মোহাৱিষ্ট কৰি ৰাখে৷ সি সম্পূৰ্ণ সুখী মানুহ বুলি অনুভৱ কৰা এনেকুৱা দিনবোৰতে কিন্তু নতুন চাপৰিৰ ঘটনাবোৰে তাক ভিতৰি ভিতৰি বৰ অশান্ত কৰি ৰাখিছে৷ এই মানুহখিনি তাত থকা মানে বকুল চাপৰিৰ নিৰাপত্তা নোহোৱাৰ দৰে৷ ইহঁতৰ লগ লৈ দলে বলে আৰু মানুহ আহিব৷ হয়তো মহাজনেই আনিব৷ গোটেই চাপৰিটো ভৰাই তুলিব৷ কোনো দিন হৈ-হুলস্থুল নোহোৱা, চোৰ-ডকাইতি নোহোৱা বকুল চাপৰিৰ মানুহবোৰে হয়তো সুখৰ দিনবোৰ চিৰকাললৈহেৰুৱাব৷

মোহনো ক’ৰবাৰ পৰা আহি বেণুৰ কাষতে বহিলহি৷ দুয়োটাৰে কথাৰ বিষয় একেটাই৷ হঠাতে এটা শব্দ ভাহি আহিল৷ দূৰণিৰ পৰা আহিছে৷ নতুন চাপৰিৰ ফালৰ পৰা৷

এটা যান্ত্ৰিক শব্দ – ধক্‌ ধপ্‌ ধক্‌ ধপ্‌ গুম গুম…৷ একেৰাহে আহিছে৷ এটা সুৰত বন্ধা৷ অলপ ডাঙৰ আকৌ অলপ সৰুকৈ, অলপ ডাঙৰকৈ অলপ সৰুকৈ… একেৰাহে৷

“কিহৰ শব্দ?” মোহনৰ মুখৰ পৰা ওলাই আহিল৷

বেণুৱে লগে লগে উত্তৰ নিদিলে৷ সি কিবা এটা অনুমান কৰি ক’লে৷

“ব’লচোন চাওঁগৈ৷” শিমলুডৰা পাৰ হৈ আটাইতকৈ ওখ চতিয়নাজাপাৰ গুৰিতে দুয়োটা ৰ’ল৷

“বগাব পাৰিবিনে?” বাঘে ধৰাৰ পাছৰ পৰা পিঠি আৰু বুকুত জোৰ পৰা কাম নকৰিবলৈ বেণুক পাহিতাই শপত দি থৈছে৷

“পাৰিম৷”

“ওপৰলৈ উঠি চাচোন৷ এইছোৱা একেবাৰে মুকলি নহয় জানো৷”

পিন্ধি থকা ধূতিখন কোঁচাই ভালদৰে তলপোন্ধ মাৰি, কমৰত গামোচাখনেৰে বান্ধ এটা দি মোহনে চতিয়না জোপাত বগাবলৈ ধৰিলে৷ এইজোপাই আটাইতকৈ ওখ গছ৷ ইয়াৰ পৰা নতুন চাপৰিৰ এফাল দেখি৷

গছজোপাৰ একেবাৰে ওপৰৰ ফেৰেঙনি এটাত বহি মোহনে ডিঙি মেলি শব্দটো অনুসৰণ কৰিবলৈ যত্ন কৰিলে৷

“কিবা মনিছনে?”

ভালদৰে চাই মোহনে ওপৰৰ পৰা ৰিঙিয়ালে –

“ঐ কিবা বগা ধোঁৱা-ধূলিৰ দৰে উৰিছে৷ কিবা এখন ঘূৰি আছে৷ মাটি চহাইছে নেকি?”

“নামি আহ৷”

মোহনে নামি আহি যি বৰ্ণনা কৰিলে তাৰ পৰা বেণুৰ অনুমানটো ফটফটীয়া হ’ল – ট্ৰেক্টৰ৷ ক’লাই মহাজনৰ ঘৰত থকাখনৰ নিচিনা নহয়৷ তাতকৈ ডাঙৰ৷ মানুহটো উঠি লৈ হাল বাব লাগে৷ ক’লাই মহাজনৰখন হেনো ট্ৰেক্টাৰ নহয়, পাৱাৰ টিলাৰ নে কিবাহে৷ ট্ৰেক্টৰেৰে বহুত মাটি একেদিনে চহাব পাৰি৷ কম্পাউণ্ডাৰ বৰা ডাক্টৰৰ মুখেৰে শুনি বেণুৱে যন্ত্ৰটোৰ বিষয়ে এটা অনুমান কৰিছিল৷ কিন্তু আজি এনেকৈ নতুন চাপৰিত সেইটো যন্ত্ৰৰ অৱিৰ্ভাৱ ঘটিব বুলি সি সপোনতো ভবা নাছিল৷

“চাই আহোঁগৈ ব’ল৷” নতুন বস্তুটো চাবলৈ বেণুৱে তাৰ হেঁপাহ দমাব নোৱাৰিলে৷

“তালৈ জধে-মধে যোৱাটো ভাল নহয় বুলি তয়েই কৈছিলি৷”

“আমি চোৰ নে ডকাইত যে ভয় কৰি সোমাই থাকিম৷ ব’ল, মোৰ ম’হ এজনী হেৰাইছে বিচাৰি আহিছোঁ বুলি ক’ম৷ আন কাৰোবাক অনিষ্ট কৰিবলৈ অহা নাই নহয়৷”

তাৰ কথাৰ ইংগিত মোহনে বুজিলে৷ দুয়োটা নতুন চাপৰিৰ সেই নিৰ্দিষ্ট ঠাইলৈ ৰাওনা হ’ল৷ ঝাও, বিৰিণা, বৰতাই মানুহটো ঢাকি ধৰা হাবিবোৰৰ মাজে মাজে৷ খান্দা দুটা পাৰ হৈ সিহঁত ৰ’ল৷

শব্দটো অধিক স্পষ্ট হৈ অহাৰ লগতে বিৰিণা জোপাবোৰৰ আঁৰে আঁৰে দেখিবলৈ পোৱা গৈছে৷ হাল বোৱা ট্ৰেক্টৰ নামৰ এই যন্ত্ৰটোতকৈ সি বেছি আচৰিত হ’ল টেপুক দেখি৷

টেপু কেনেকৈ ইয়াত আছেহি? সি তৎক্ষণাৎ বুজি পালে ইমান দিনে জানিবলৈ যত্ন কৰি থকা কথাটো৷ টেপু হ’ল জন্মি মহাজনৰ সোঁহাত৷ নহ’লেই নোহোৱা মানুহ৷ তাৰ মানে জন্মি মহাজনৰ ফন্দি এইবোৰ৷ এটা এটাকৈ আটাইবোৰ কথা তাৰ চকুৰ আগত জলজল-পটপট হৈ উঠিল৷ জন্মেজয় শইকীয়াৰ গাত লাগিছে মাটিৰ ভূত৷ তেৱেঁই নগাঁৱৰ পৰা মানুহ আনিছে, ইয়াত বহুৱাইছে, ৰচদ-পাতি দি ৰাখিছে৷ মহাজনেই অভয় দি, বোধকৰোঁ পহৰা দিও ৰাখিছে৷ নতুন চাপৰিটো জন্মেজয় শইকীয়াই নিজৰ নামত লিখাই ল’ব৷

“ৱেল কাম ব্ৰাদাৰ, ৱেল কাম৷” কেতিয়ানো বেণু গৈ সেই ঠাই পালেগৈ গমেই নাপালে৷ টেপুৱে কথাই কথাই কিখননো কয় বেণুৱে বুজিবই নোৱাৰে৷ ল’ৰাটো তাতকৈ বয়সত সৰু৷ দুশ্ৰেণীমান নগৰৰ ফালেই পঢ়িছিল হ’বলা৷ কি স্বৰূপতনো আহি জন্মি মহাজনৰ ঘৰত সোমালহি সেইটো কোনেও নাজানে৷

“কিটোনো কাম আৰু, ম’হ এজনী হেৰাইছে৷ আমি দুটাই বিচাৰি ফুৰিছোঁ৷ পিছে তই?”

“আৰে ব্ৰাদাৰ, মহাজনৰ নতুন প্ৰজেক্ট৷ মই নাচালে কোনে চাব?”

“এইখন?” – ট্ৰেক্টৰখনলৈ আঙুলিয়াই বেণুৱে সুধিলে৷

“ট্ৰেক্টৰ, ব্ৰেণ্ড নিউ৷ নতুন কিনিছে৷ নহ’লে কি এই ব্লাডি মিঞা কেইটাৰে চব কাম হ’ব নেকি? লুক্‌! কি জবৰদস্ত কাম৷ মাটি ফাঁহ ফাঁহ কৰি দিছে৷ ইউ লাইক ইট? ভাল দেখিছানে?”

বেণুৰ মগজুটোৱে কথাবোৰ চিন্তা কৰিব নোৱাৰা হৈ আহিছে৷ সি মনোযোগেৰে ট্ৰেক্টৰখন চোৱা দেখি টেপুৱে নিজৰ মূৰত পিন্ধি থকা চাহাবী টুপিটো বাওঁহাতেৰে সামান্য ঠিক কৰি ক’লে –

“ইউ ড্ৰাইভ পাৱাৰ টিলাৰ? ইয়’ৰ ফাদাৰ ইন ল হাউছ৷ তুমি তোমাৰ ফাদাৰ ইন  ল মানে শহুৰৰ ঘৰত পাৱাৰ টিলাৰ চলাইছিলা৷ এইখন ড্ৰাইভ কৰা টান৷ অৱশ্যে পাৰিবা, শিকিলে পাৰিবা৷ ইউ কেন, ইউ কেন৷”

টেপুৰ কেনকেননি তাৰ কাণত সোমোৱা নাই৷ কথা চহকী টেপুৰ পৰা সি যিমান পাৰে কথা উলিয়াই ল’ব লাগিব৷ ইয়াতকৈ ভাল সুবিধা আৰু নাপাব৷ গামোচোত বান্ধি নিয়া টেমিটোৰ পৰা তামোল এখন উলিয়াই টেপুক যাঁচিলে৷

“বিটল নাট, ভেৰি গুদ৷ দিয়াঁ তামোল এখনকে দিয়াঁ৷”

শিমলুজোপাৰ ছাঁত তিনিওটা বহিল৷ নগঞা মিঞা মানুহকেইটাই উলুৱনি কাটি মাটি মোকলাইছে৷ আগতে মুকলি কৰা মাটি ট্ৰেক্টৰখনে লুটিয়াই গৈছে৷ বগলী এজাকে গাড়ীখনৰ পিছে পিছে পোক-পৰুৱা বিচাৰি ফুৰিছে৷

“জন্মি মহাজনে কি খেতি কৰিব?”

“মেনি কাল্‌টিভেচন৷ বহুত খেতি৷ ভেৰাইটি৷ বেলেগ বেলেগ৷”

“কিমান মাটি চহোৱা হ’ব?”

“যিমান পাৰি৷ এজ মাচ এজ আই কেন৷ অল লেণ্ড হিয়েৰ৷ গভৰ্‌মেণ্ট পাৰমিছন৷ গোটেই চাপৰিটো ল’ব পাৰো৷ চৰকাৰে পাৰমিছন দিছে৷”

“হয় নেকি?”

“ফ্লাডত মহাজনৰ মাটি স্পইল৷ গ’ টু গভৰমেন৷ গিভ পাৰমিছন৷ মহাজনছ লেণ্ড অল ছেন্দ৷ ভোগদৈ ফ্লাড৷”

“আনবিলাকৰো মাটিত বালি পেলাইছে৷ চবকে মাটি দিছে নেকি?”

“নট, নট অল৷ বাট ইউ থিংক অল৷ চবকে দিছেও না.ো দিয়া৷”

“মানে?”

“ব্ৰাদাৰ তুমি কি বুজিবা৷ ইউ নট আন্দাৰষ্টেণ্ড৷ কমিটি৷ ফ্লাড ভিক্টিম ৰিহালিবেচন কমিটি৷ ইয়’ৰ ফাদাৰ ইন ল ক’লাই শইকীয়া, চেয়াৰ৷ কমিটিক দিছে৷ তোমাৰ শহুৰ চেয়াৰ, মানে সভাপতি৷ চৰকাৰে চব দিব৷ ছীড, মেনিয়ৰ চব৷ ডেয়াৰ লেণ্ড স্পইল্ড৷ হিয়েৰ নিউ লেণ্ড কাল্টিভেটৰ জীয়াই থাকিব লাগিবতো৷ ইউ ন’৷ তাত মাটি নাই, ইয়াত খেতি কৰাঁ৷ বচ৷”

তাৰ মানে জন্মি মহাজন আৰু ক’লাই মহাজনে শঠামিতিৰালি কৰি এইখন কাণ্ড কৰিছে৷ সাপ-নেউল একেলগ হ’ল৷ শেনৰ এজাত৷

“ডিছ ট্ৰেক্টৰ, দুই মহাজন৷ ফিফ্‌টি ফিফ্‌টি কষ্টিং৷ ডিছ মিঞা কষ্টিং ফিফ্‌টি ফিফ্‌টি৷ চব খৰচ দুই মহাজনে সমানে কৰিছে৷ তুমিতো ক’লাই মহাজনৰ ছান ইন ল’৷ ছান মানেই পুতেক৷ জোঁৱাই ভেৰি গুড৷ টেল হিম৷ ইউ গেট লেণ্ড৷ তুমি তেওঁক কোৱাঁ, মাটি তুমিও পাবা৷ ইউ ষ্টে’ হিয়েৰ৷ মেনি হেল্‌প টু আছ৷ আই ছেল টেল হিম৷”

“বাৰু বাৰু হ’ব৷ তুমি কামত লাগাঁ৷ আমি ম’হ বিচৰা মানুহ৷ দেৰি হ’ব৷”

“ৱেল ৱেল, কাম এগেইন৷”

টেপুৰ পৰা উৰহী গছৰ ওৰটো জানি বেণু আৰু মোহনে খৰখেদাকৈ ঘৰলৈ ঘূৰিল৷ বাটত আন কথা-বাৰ্তা নাই৷ মাত্ৰ প্ৰচণ্ড ক্ৰোধত বেণুৰ মুখৰ পৰা ওলাল “দেখিলিতো মোহন, খেলখন বেলেগকৈ খেলিব লাগিব৷”

(আগলৈ)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close