Written by 5:55 am Poems

গোলাপৰ দিনৰ দুটা কবিতা

ৰঙা গোলাপ ক’লা গোলাপ

হৰেকৃষ্ণ ডেকা
ৰঙা গোলাপ

“Love thou the rose, yet leave it on its stem.’’
 Edward G. Bulwer-Lytton.

যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷
কি বিচাৰিছিলোঁ নাজানিছিলোঁ ৷
তেতিয়াই আকাশত জিলিকি উঠিল ৰামধেনু ৷
কলোঁ, বৰষুণে লৈ আহক এই সাতো ৰং৷
দেখাই নাছিলোঁ পাতৰ আঁৰত ৰৈ আছিল গোলাপ ৷
তাই পোহৰৰ পৰা ল’লে সেই সাতোৰং
আৰু মোৰ চকুলৈ ছটিয়াই দিলে কেৱল এফাকু ৰঙা ৷
ক’বই নোৱাৰিলোঁ কেতিয়া তেজত সোমাল ৷
মোৰ তেজৰ সোঁতত তেতিয়াৰ পৰাই ঘূৰি আছে
ৰঙা গোলাপৰ হাঁহি
তেজৰ কণিকাৰ স’তে।

আৰু আজি
সেই হাঁহি দেখোন কৃষ্ণচূড়াতো মিলে
বহাগে বহাগে
কবিৰ চকুৰ বাবে ৷

ক’লা গোলাপ

আপুনি ক’লা গোলাপ ভাল পায়নে?
ক’লী ছোৱালীজনীয়ে সুধিলে।
তেওঁ থমকি ৰ’ল। কোনেও চকু নিদিয়া
অকলশৰীয়া ক’লী ছোৱালীজনী।
তেওঁ ক’লে, মই ক’লা গোলাপ ভাল পাওঁ।
কিয় জানানে?
ক’লা গোলাপ বৰ আপুৰুগীয়া।
তাইৰ মুখত এটা উজ্জ্বল আভা ফুটি উঠিল,
যেন ৰঙা গোলাপৰ ৰং।
মনলৈ অহা উপমাটো ভুল । তেওঁ তৎক্ষণাত বুজি পালে।
ক’লী ছোৱালীজনী!
এপাহ উপমাবিহীন ক’লা গোলাপ।
কোনেও চকু নিদিয়া অপৰূপা।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close