বিপুল কুমাৰ দিহিঙীয়া
গছ বাঢ়ে
আকাশ ওখ হয়। ক্ৰমাৎ
তথাপি সীমা এটা নথকা নহয়।
(গছে যে আকাশ কাহানিও ঢুকি নাপায়গৈ)
ক্ৰমশঃ শব্দ কমে
সাগৰৰ ইটি পাৰ নোচোৱে
মাজপথাৰত ওলমি ৰয়
চং। শব্দ কিম্বা
জোৱাৰত থৰকাচুটি হেৰুৱা
মৰা শামুকত আমাৰ জীৱন
এই জীৱন কি যে দুৰ্ভিক্ষ ৰহস্য!
অন্যথা জেঠৰ নামি অহা সূৰ্যৰ মুখত
ফ’ছিল হ’ব ৰজঃস্বলা পথাৰ
আৰু এজাক বৰষুণ প্ৰয়োজন
নিস্ফল হোৱা জীয়া মাছৰ বাসন্তী উৎসৱ
এই যে বতৰ উজানৰ
কাঁহৰ বাটি বজাই
বৰষুণ অনাৰ কি এক অদম্য হেঁপাহ
সাধু শুনা নাতিহঁতৰ মাটিৰ বিশ্বাস
এতিয়া পপীয়া তৰা লেখা বতৰ
এই। এই পপীয়া তৰা খহিব
ক’ত ক’ত!
ককাই কয়
পপীয়া তৰা চাব নাপায়।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025