Written by 5:42 am Poems

নিজাৰ পৰা জীৱন

 মানসী গোস্বামী

এজাৰ নিজাৰ পৰে

পকি পকি সৰে ডালিম

তেজা শালিকা হয়

তুলা আহে

একেই থাকে পাছবাৰীৰ তাঁতশাল

একেই থাকে আগবাৰীৰ ইন্দ্ৰজিত মালতী

মাথোঁ সূতা ছিগি আউলী- বাউলী

ব তোলোঁতে সৰি পৰে ব-চুঙা

কেটেলাৰ কাঁইটে খোঁচে

ৰাঁচত বুলোৱা তুলাৰ আঙুলি

বঙহৰ মঙহেৰে তুলা মৰে

তেজাও মৰে

এইবাৰ আহে কমলা-কুঁৱৰী

পেটত প্ৰাণ এটি সামৰি

কমলায়ো বুৰ দিয়ে

অথাউনি পানীত

মৰিবলৈ ওলাওঁতেও কমলাই

ৰজাকে মাতে ইনাই- বিনাই

কমলা- কুঁৱৰী বুৰ যোৱা পুখুৰীৰ পাৰত

এজোপা জৰাটেঙা হৈ

তেজীমলা গজে, ফলে

জৰা বিচাৰি গৰখীয়া আহে

ফল নালাগিলে কিহৰ তিৰোতা

গৰখীয়াৰ চিঞৰত মাহীমাকে সাৰ পাই

তেজীমলাক কাটে, উটাই দিয়ে

নৈৰ জাঁজৰিত লাগি তেজীমলা আকৌ ফুলে

ফুলিবইতো লাগিব

নুফুলিলে, নফলিলে কিহৰ তিৰোতা

নুবুৰিলে, নমৰিলে কিহৰ কমলা, কিহৰ তেজা- তুলা

সাউদনী মাহীমাক হয়, তুলাৰ মাকো মাহীমাক

সাউদ কিয় কেতিয়াও সতীয়া বাপেক নহয়

কথাটো কোনেও নোসোধে

চম্পাৱতীয়ে সুধিব নেকি

নোসোধে—একেই যে মাহীমাকৰ কাহিনী

সোণ- ৰূপ- হীৰাৰ ভৰত চম্পাৱতীৰ চকুত জিলিঙনি

জিলিঙনিত অজগৰ এটাই সকলো প্ৰশ্ন গিলি থয়

নেপুৰৰ পৰা গলপতালৈ সকলো শিকলি

শিকলিৰ বান্ধোন বৰ টান অ’ ঔ-কুঁৱৰী

তোৰ ঔ-বাকনি পুৰি পেলাওঁতে

তইনো কেনেকৈ আছিলি

সুধিছিল নেকি চিলনীৰ জীয়েকে

চিলনীৰ জীয়েক বৰ কাজী

পিছে কাজী হ’লেই যেনিবা

সাউদৰ সৰু ঘৈণীহে তাই

ছজনী সতিনীৰে ভগোৱা মৰম

ঘূৰি পকি কথাবোৰ একে

কোনেও নোসোধে

এজাৰ নিজাৰ পৰিলে

ৰজাই আকৌ কিয়

দোলা লৈ ন- কইনা আনে

চুলিৰ জোখ চায়েই

সাউদে কিয় বেহাবলৈ গৈ

চিলনীৰ জীয়েকক লৈ আনে

চম্পাৱতী কিয় পাটিত পৰে অজগৰৰ

সাধুবোৰ অকল মাহীমাক আৰু সতিনীৰ কিয়

সতীয়া বাপেক বা সতীয়া গিৰিয়েকৰ নহয় কিয়

কিয় অকল কমলা- কুঁৱৰী ডুবে

ৰজা নুডুবে

কিয় ৰজাক কোনেও নোসোধে— ৰাজপাট ডাঙৰনে গা-ভাৰী কমলা-কুঁৱৰী ডাঙৰ

সততাৰ এৱাঁ সূতা বগাই

সাউদে কিয় দিব লগা নহয় পৰীক্ষা

নোসোধা প্ৰশ্নবোৰেৰে কথাবোৰ

কোনে ক’ব

কোনে লিখিব

কোনে শুনাব সেই সাধু

নিজাৰ পৰা এজেৰুৱা জীৱনৰ!!ইমেইল – goswami.manoshi@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close