Written by 5:36 am Poems

চাৰিওটা বেলেগ

ধন দাস

১) বেটুপাত এটাত বৰশী বাই আছে এটা ৰঙা জিঞাঁই

ওপঙি থকা পুঙাটোৰ উৎকণ্ঠাত সাৰে আছে কবি 

এইমাত্ৰ উজাই আহিব কবিতা

আৰু অপমৃত্যু ঘটিব!

২) ছাগলী খেদা বৰষুণজাক পিঠিত লৈ 

ধূলিত পোত গৈ থকা চাৰিআলিটোৰ ছাটি-ফুটি আলোচনা 

বেলিটো বাৰু নামি আহিছে নেকি জুই হৈ

ইমান গেলেপা লগা গৰম!

৩) আগ নদা বাঁহ এটাৰ সুখ 

অন্ততঃ সি হাউলি নপৰে আকাশ চুবলৈ গৈ 

অথচ নদা হোৱাটো বাঁহৰ জাতবিৰোধী

৪) বিমল পাণ মছালা

“কন্‌-কন্‌ মে’ কেশৰ কা গুণ”

ৱাহ্‌ দেৱগণ অভিনয়ৰ কি নিৰ্মম দৰ্শন 

খাই থাকাঁ 

পিকৰঙী চহৰখনত স্বচ্ছ ভাৰত অভিযানৰ অংশীদাৰ হোৱাঁ!!

ভ্ৰাম্যভাষ: ৯৬৭৮০৯০০৩৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 6 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close