কুমুদ ঘোষ
সকলো কবিৰে একোটা নিলিখা কবিতা থাকে
লিখোঁ লিখোঁ বুলি ভাবিও
কোনো কবিয়েই লিখিব নোৱাৰে
সেই নিলিখা কবিতাটো।
নিলিখা কবিতাটোক সাক্ষী কৰি
কবিতাৰ সমদল আগ বাঢ়ে,
নিলিখা কবিতাটোক বুকুত সাবটি
প্ৰতিজন কবিয়ে প্ৰতি ৰাতি চকু দুটা মুদে।
একেটা কবিতাকে লিখি থাকে
অথচ নিলিখা কবিতাটো লিখিব নোৱাৰে।
সকলো কবিৰে একোটা নিলিখা কবিতা থাকে
লিখোঁ লিখোঁ বুলি ভাবি ভাবিয়েই
প্ৰতিজন কবিয়েই খেৰ-কুটা কঢ়িয়াই,
ভঙা-গঢ়াৰ খেল খেলি খেলি
এদিন নিলিখা কবিতাটোৰ মাজত
কবি হেৰাই যায়।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025