Written by 9:06 pm Poems

ৱেলকাম নৱবৰ্ষ

 অনুভৱ তুলসী

ব্ৰডস্কি আৰু ৱালকটৰ কবিতাৰে

মন-মগজু ধোওঁতে

মুঠিয়ে মুঠিয়ে চুলি সৰিলত

বছৰটো সাং হʼল

নখ কটা কটাৰীৰ

চেতনাৰ উপৰিতলত

কঠুৱা খৰমৰ খোজ

হয়, ফুলৰ মাজত পাৰিজাত

পতঙ্গৰ মাজত পখিলা

মোৰ যোৱাবেলিৰ প্ৰেমাষ্পদ

মৰুৰ বালি বদলিত নিহিত

নতুন বছৰ আগমনী বতৰা

মাইক্ৰৱেভত তপতোৱা

আশাৰ কটা আঙুলিৰ লেটা

মোৰ সবাতোকৈ প্ৰিয়

তোক ভাল পাওঁ তোক ভাল পাওঁ

শিপাৰ পোতন পাতালপুৰীক জনাওঁ

জীৱন মানে তোৰ হাতবাউল

তোৰ আৱাহন মোৰ মৰণ মুদ্ৰা

প্ৰথম প্ৰেমৰ প্ৰথম চুমাৰ

স্মৃতি তমোময়

ফুটছাই খচকি বাগৰে সময়

তোৰ পৰশ উপলা সুৰসুৰণি

তাহানিৰ মোক খা মোক খা যন্ত্ৰণা

আজি তই গুচি যা

নতুন বছৰত নতুন ঘৰলৈ যাম

সলাম সপোনৰ ঠিকনা

সিও যে টকাৰ সিটো পিঠিত

তই লেছবিয়ান তই গেʼ

তই অ-লিঙ্গ তই ক-লিঙ্গ

যিয়েই নহৱ

মৈথুন যদিহে তোৰ প্ৰিয়

নৱবৰ্ষ

ৱেলকাম

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close