মূল : বনফুল (বাংলা)
অসমীয়া অনুবাদ : বাসুদেব দাস
(অভিনয় কাণ্ড)সীতাক বনবাসলৈ পঠাই ৰাম পত্নীশোকত উন্মাদৰ নিচিনা হৈ পৰিছে। তেওঁ কেৱল ভাবি থাকিল – ‘মই বৰ অবিচাৰ কৰিছোঁ।’ কুলগুৰু বশিষ্ঠক তেওঁ ক’লে— ‘গুৰুদেৱ, অবিচাৰ! এয়া ঘোৰ অবিচাৰ; সীতাৰ কোনো অপৰাধ নাই- তেওঁ নিৰপৰাধিনী, দেৱী। মোৰ কোনো অধিকাৰ নাই তেওঁক শাস্তি দিয়াৰ! মই মহাপাপ কৰিছোঁ… মই…!’ তেওঁক বাধা দি গুৰু বশিষ্ঠই ক’লে- ‘বৎস, সত্যৰক্ষা কৰাই ক্ষত্রিয়ৰ ধর্ম। তুমি সত্যাশ্রয়ী। সত্যধর্ম পালন কৰি তুমি প্রকৃ্ত ক্ষত্রিয়ৰ কামকে কৰিছা।’
ৰামে ক’লে- ‘এয়া সত্য নহয়, এয়া যে মিথ্যা। এয়া যে অবিচাৰ গুৰুদেৱ- এয়া যে মিথ্যাচাৰ- গুৰুদেৱ!’
গুৰুদেৱে কলে – ‘অস্থিৰ নহ’বা বৎস, ৰাজধর্ম সচাকৈ বৰ কঠিন।’
ৰামচন্দ্রই নুশুনিলে। তেওঁ অস্থিৰ হৈ উঠিল।– ‘মই ৰাজ্য নিবিচাৰোঁ, ঐশ্বর্য নিবিচাৰোঁ- প্রজাসকলৰ মতামত গ্রাহ্য নকৰোঁ মই- মই কেৱল সীতাক বিচাৰোঁ! মোৰ দেৱীক বিচাৰোঁ!-ৰাজ্য যাওক- মান-সম্মান যাওক ।’ ৰাম যেন বলিয়া হৈ গ’ল।(দুই)অভিনেতা নকুড় মাইতিয়ে ৰামৰ অভিনয় শেষ কৰি যেতিয়া শেষৰাতি ঘৰলৈ উভতিলে তেতিয়া তেওঁৰ ভৰি কঁপি আছিল- মদৰ নিচাত ভালদৰে থিয় হ’বই পৰা নাছিল তেওঁ। ঠেলাঠেলিৰ পাছত ঘৈণীয়েক হৰিমতীয়ে দুৱাৰখন খুলি দিলে।
নকুড়বাবুৱে ক’লে- ‘হাৰামজাদি, আধাঘণ্টা ধৰি দুৱাৰখন ঠেলি আছোঁ, শুনা নাই?’
হৰিমতীয়ে ক’লে- ‘টোপনি ধৰিছিল।’
নকুড় মাইতিয়ে ক’লে- ‘আকৌ কথাৰ ওপৰত কথা ক’বলৈ আহিছ !’
কথাষাৰ কৈ প্রচণ্ড জোৰেৰে হৰিমতীক এটা গোৰ মাৰি দিলে তেওঁ।—
লেখক পৰিচিতি : বলাইচাঁদ মুখোপাধ্যায় ‘বনফুল’ ছদ্মনামেৰে অধিক পৰিচিত।১৮৯৯ চনত তেখেতৰ জন্ম আৰু ১৯৭৯ চনত মৃত্যু। বাংলা সাহিত্যৰ এজন বিখ্যাত কথা সাহিত্যিক আৰু নাট্যকাৰ। চুটিগল্পক লৈ তেখেতে বহুতো পৰীক্ষা-নিৰীক্ষা কৰিছে।এজন প্রথম শ্রেণীৰ ঔপন্যাসিক হিচাপেও পৰিচিত।—
অনুবাদকৰ ফোন : ৯৭৪৮৪২১৩৪১
| ReplyForwardAdd reaction |