Written by 4:35 pm Poems

ৰাজপথ বুৰঞ্জীৰ নতুন আধাৰ

ধ্ৰুৱজ্যোতি দাস

ৰাজপথবোৰে একোটা বিশুদ্ধ বাক্য গাঁঠনিৰ

বাবে জিদ ধৰিছে

যাৰ অভাৱত যোগাযোগ হেৰাই গৈছে

আকাশ আৰু মাটিৰ

আন্দোলনৰ শ্লোগানবোৰ হৈ পৰিছে

বিক্ষিপ্ত আৰু চোকহীন

এটা শৃংখলাৰ বাবে ৰাজপথবোৰৰ

মানুহৰ ওচৰত পুৰণিকলীয়া আৰ্তি

ৰাজপথে

তাৰ ওপৰেৰে চলাচল কৰা

গাড়ী-মটৰৰ কৰ্কশ শব্দবোৰৰ

অৰ্থোদ্ধাৰৰ প্ৰয়াস কৰিছে

গতিৰ দুৰ্গতি গতিৰোধকৰ

বলি হৈছে আত্মতঞ্চকিৰ

আমি পাহৰিয়েই থাকোঁচোন

ৰাজপথৰ গতি অৰ্বাচীন

পদে পদে শব্দৰ অনন্ত মিচিল

ৰাজপথ এখন ভাষাৰ নদী

ৰাজপথ সংস্কৃতিৰ এডাল কামিহাড়

ৰাজপথ বুৰঞ্জীৰ নতুন আধাৰ!

 ***

ঠিকনা :

সহযোগী অধ্যাপক

ইংৰাজী বিভাগ

কটন বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ: ৯৪৩৫০৭৭৪২১/৯৩৬৫০৪৮৪৬৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close