Written by 3:57 am Articles

ৰন্ধন-কলা

তৰু চেতিয়া ফুকন

শৰৎ সমাগত। অথচ আগৰ দৰে মানুহৰ মনত পূজা বুলি কোনো উৎসাহ-উদ্দীপনা নাই। কাৰণ, কৰ’নাৰ সংহাৰী ৰূপে আমাক দৈহিক, মানসিক আৰু অৰ্থনৈতিকভাৱে জুৰুলা কৰি পেলাইছে। আমি নাৰী হোৱাৰ লগতে এগৰাকী মাতৃও। বৰ্তমানৰ পৰিস্থি‍তি বুজি পূজা বুলি সন্তানক বাহিৰৰ খাদ্য খাবলৈ দিয়াতকৈ ঘৰতে স্বাস্থ্যকৰ আৰু  কম উপকৰণেৰে‍‍ প্ৰস্তুত কৰিব পৰা মিঠাই তৈয়াৰ কৰি খুৱাওঁ আহক৷

বাটাৰফ্লাই পি মিল্ক পুডিং

উপকৰণ
গাখীৰ২ কাপ
চেনিআধা কাপ
জিলেটিন ১চাহ চামুচ
কৰ্নফ্ল’ৰ১ চামুচ
অপৰাজিতা ফুল২০ পাহমান
(সিজাই ৰস বনোৱা পানী ১/৪ কাপ)
ঘিউ২ চামুচ

প্ৰণালী: পেনত ঘিউ দি পানী আৰু চেনি দিয়ক। কম জুইত চেনি গলাই  লওক। এতিয়া নাৰিকলৰ গুড়ি আৰু পাউদাৰ গাখীৰ দি পেনৰ পৰা এৰালৈকে ৫/৬ মিনিট ভাজি গেছ অফ কৰি লৰাই থাকক। হাতেৰে চুব পৰা হ’লে লাড়ু কৰক বা নিজৰ মতে আকাৰ-আকৃতি‍ দিয়ক। ওপৰত নাৰিকলৰ গুড়িৰ লগত কম পৰিমাণৰ পাউদাৰ গাখীৰ মিলাই লাড়ুকেইটা লেটিয়াই দিয়ক। অতি সুস্বাদু হয়। ঘৰুৱা অনুষ্ঠানবিলাকত জুই ব্যৱহাৰ নকৰাকৈও অকল মিল্ক্‌মেইড  আৰু সামান্য ঘিউ সানি এইবিধ মিঠাই মিনিটতে তৈয়াৰ কৰিব পাৰি।

কালাকান্দ

উপকৰণ
ৰেডিমেইড পনীৰ৩০০
ডাঠ গাখীৰ২ টেবুল-চামুচ
মিল্ক মেইড বা আমূল মিঠাই মেইট ২০০
ইলাচি গুড়ি (সুগন্ধৰ বাবে)এচিকুট (ঐচ্ছিক)

প্ৰণালী:পনীৰখিনি হাতেৰে ভাঙি ল’ব। মিক্সি‍ৰ জাৰত ভাঙি লোৱা পনীৰ, গাখীৰ দি পিহি পেষ্ট তৈয়াৰ কৰক। কম জুইত নন্‌ষ্টিক পেন এখন পাতি তাতে পনীৰৰ পেষ্ট্‌খিনি‍ দি ১ মিনিটমান ভাজক। এতিয়া মিল্ক্‌মে‍ইড বা আমূল মিঠাই মেইট দি একেলেথাৰিয়ে লৰাই থাকিব। লাহে লাহে‍ ঘন হৈ আহি যেতিয়া হেতাৰে গোট খুৱালে পেনৰ পৰা সহজে এৰি আহিব, তেতিয়া  গেছ অফ কৰি ইলাচি বা আন যিকোনো সুগন্ধি দি ভালদৰে মিলাই দিব। তাৰ পাছত এখন প্লেটত অলপ ঘিউ মোহাৰি মিশ্ৰণটো নিজৰ জোখত মেলি দিয়ক আৰু ওপৰৰ ফালে মিহিকৈ অলপ মিলাই দিব। ঠাণ্ডা হোৱাৰ পাছত খাজ খাবৰ বাবে‍ ১ ঘণ্টামান সময় ফ্ৰীজত‍ ৰাখিব পাৰে নাইবা কোঠাৰ সাধাৰণ উষ্ণতাতে‍ দুঘণ্টামান ৰাখি‍ পাছত কাটি পৰিৱে‍শন কৰিব পাৰে‍। কালাকান্দ ভিন্ন পদ্ধতিত সহজতে ঘৰতে তৈয়াৰ কৰিব পাৰি।

ক’ক’নাট মিঠাই

উপকৰণ
শুকান নাৰিকল১ কাপ
চেনি৩ চামুচ
পানী ১ টেবুল চামুচ
পাউদাৰ গাখীৰ১ চামুচ
ঘিউ১/২ চামুচ
হালধীয়া ফুড কালাৰ২ টোপাল (ঐচ্ছিক)

প্ৰণালী: পেনত ঘিউ দি পানী আৰু চেনি দিয়ক। কম জুইত চেনি গলাই  লওক। এতিয়া নাৰিকলৰ গুড়ি আৰু পাউদাৰ গাখীৰ দি পেনৰ পৰা এৰালৈকে ৫/৬ মিনিট ভাজি গেছ অফ কৰি লৰাই থাকক। হাতেৰে চুব পৰা হ’লে লাড়ু কৰক বা নিজৰ মতে আকাৰ-আকৃতি‍ দিয়ক। ওপৰত নাৰিকলৰ গুড়িৰ লগত কম পৰিমাণৰ পাউদাৰ গাখীৰ মিলাই লাড়ুকেইটা লেটিয়াই দিয়ক। অতি সুস্বাদু হয়। ঘৰুৱা অনুষ্ঠানবিলাকত জুই ব্যৱহাৰ নকৰাকৈও অকল মিল্ক্‌মেইড  আৰু সামান্য ঘিউ সানি এইবিধ মিঠাই মিনিটতে তৈয়াৰ কৰিব পাৰি।

তৰু চেতিয়া ফুকন
সেউজপুৰ, ডিব্ৰুগড়-৭৮৬০০১
ভ্ৰাম্যভাষ–৭০০২১৭৭৩৪৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 25, 2025
Close Search Window
Close