Written by 11:57 am Poems

ৰ’দত কোনে কি কি কৰে

  ০ সঞ্চিতা বৰা

কাঁচিয়লি ৰ’দত ৰচকী পখিলাই মেলি পাখিযুৰি,

ফুলক জোকাই উফৰি ফুৰে ৰংবোৰ কৰি চুৰি।

চৌফলীয়া ৰ’দত কেৰ্কেটুৱাই নেজৰ ছাতি মেলি,

নানা গুটি খায় বাঁহৰ আগৰ জুলনাখনত জুলি।

পকা ৰ’দত কপৌহালিয়ে ওমলেহি চোতালতে,

ভাল পায় খাই দুপৰৰ ভাত দিয়া যদি শাকে-পাতে।

টেৰটেৰীয়া ৰ’দত কাউৰীজনীয়েও থাকে ৰমলিয়াই,

মাটিকলহৰ পানী উলিয়াবলে শিলগুটি বিচাৰি চায়।

জিলমিল ৰ’দত ৰঙা জিঁয়াটিৰ যিহে সাজোন কাচোন,

পাখি দুখনেৰে বা বলাই ফুৰে গাত তত্ নাই দেখোন।

ৰান্ধনিৰ ৰ’দত কুটুৰুক কুটুৰুক মাতে হেঁটুলুকাটোৱে,

পশ্চিমত বেলি লুকাবৰ হ’ল সকলোকে জাননী দিয়ে।

ঠিকনা : 

অধ্যাপিকা, নগাঁও ছোৱালী কলেজ

নগাঁও, ৭৮২০০২

ভ্ৰাম্যভাষ : ৯৪৩৫৩১৬৭০৪

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close