Written by 3:23 am Articles

ৰ’জীৰ দু:খ সুখ (শিশুগল্প)

ভৰত ৰাজখোৱা

অংকন: বৰ্ণিল মহন্ত

ৰ’জীৰ মনটো বেয়া৷ অকণো ভাল লগা নাই৷ কথাষাৰ তাই সৰু ভাইটি, নীলা, মণি, বৰমাক  আৰু বৰদেউতাকক কেইবাবাৰো ক’বলৈ চেষ্টা কৰিছে৷ কিন্তু তেওঁলোকে তাইক অকণো বুজিবলৈ চেষ্টা কৰা নাই৷ বৰকৈ আমনি কৰি থকা বুলি তাইকহে ধমকি দিছে৷

আজি দুপৰীয়া তাই ভাতেই নাখালে৷ নীলাই বহু চেষ্টা কৰিছিল তাইক খুৱাবলৈ৷ কিন্তু তাই নাখাওঁ বুলি এবাৰ যি সিদ্ধান্ত ল’লে, তাৰ পৰা লৰ-চৰকে নকৰিলে৷

“অ’ ৰ’জী খাচোন, দুটামান খা৷ এইডোখৰ মাছ দিছোঁ চা…৷”— নীলাই ফুচুলাইছিল৷

কিন্তু ৰ’জী অলৰ-অচৰ৷ তাই নাখাওঁ বুলি ভাবিছে যেতিয়া নাখায়েই আৰু৷ তাই ভাতৰ ফালে নাচালেই৷

সৰু ভাইটিয়ে বিস্কুট দুটা লৈ তাইক মাতিছিল৷ এটা সি নিজে খাইছিল৷ আনটো তাইক দিছিল৷ বিস্কুট দেখি যেনিবা তাই খালে৷ সৰু ভাইটিৰ বৰ ফূৰ্তি লাগিল৷ তাই সৰু ভাইটিৰ লগত অলপ খেলিলেও৷

তাই আজি দিনটো আটাইৰে ওচৰে-পাঁজৰেই ফুৰিছে৷ কিন্তু কাৰো কাষলৈ আগৰ দৰে অহা নাই৷ কথাটো সৱে‍ই লক্ষ্য কৰিছে৷ বৰমাকে বৰদেউতাকক কেইবাবাৰো কোৱাও শুনিছে তাই৷

“এইজনীৰ কি হৈছে মন কৰিছানে? আঁতৰি আঁতৰি ফুৰিছে যে তাই৷”

“এৰা, এইজনীৰ খং উঠি থকা যেন লাগিছে৷”— বৰদেউতাকে কৈছিল৷

ৰ’জীৰ সঁচাকৈয়ে খং উঠিছে৷ দেখিবলৈ মন নোযোৱা লেতেৰাডালে তাইক ইবাৰ ঠেলিব, সিবাৰ জোকাব, ভাল লাগে নেকি? সৰু ভাইটিৰ লগত তাৰ কি দোস্তি! আৰু নামটোও কেনেকুৱা! শুনি ভাল নলগা৷ ‘ৰ’কী’-এক্কেবাৰে ইংলিছ নাম৷ কোনজন জ্যোতিষীয়ে দিছিল জানো সেইটো নাম? ছিঃ! আমাৰ গাঁৱে-ভূঞে সেইটো নাম খাপ খায় জানো?

তাইৰ নামটোও ইংলিছ নাম৷ হ’লেও শুনি ইমান ভাল লাগে৷

সি এটা মস্ত গুণ্ডা৷

সি নীলাহঁতৰ ঘৰত থাকিবলৈ আহোঁতে ৰ’জীয়ে প্ৰথমে ভালেই পাইছিল, খেলিবলৈ লগ এটা পালে বুলি৷ সৰু ভাইটি, নীলা আৰু মণিয়ে তাইৰ লগত খেলিয়েই থাকে বাৰু৷ তথাপি, নিজৰ বুলিও কথা এটা আছে নহয়৷

সিহঁতকেইটা স্কুললৈ যোৱাৰ পাছত তাই বৰ অকলশৰীয়া অনুভৱ কৰে৷ অকলে অকলে কিমাননো খেলিব৷ ডাঙৰ হ’লে তাইও বাৰু স্কুললৈ যাব৷ নীলাই নিম বুলি কৈছেই৷

কিন্তু ই গুণ্ডাই প্ৰথম দিনাৰ পৰাই তাইৰ লগত কাজিয়া আৰম্ভ কৰিলেই নহয়৷ ৰ’জীৰ প্লেটৰ পৰা থাপ মাৰি মাংস এডোখৰ লৈ গ’ল৷ তাই আপত্তি কৰিলত সিহে আকৌ বেছিকৈ বকিলে৷ তাৰ মুখখন বৰ চোকা৷

সৰু ভাইটিয়ে আক’ তাকহে বেছি পাত্তা দিয়ে৷ দুইটাই জঁপিয়াই জঁপিয়াই খেলি থকা দেখিলে তাইৰ ক’ৰবালৈ গুচি যাবলৈ মন যায়৷ ই আহিয়েই তাইৰ স্বাধীন জীৱনটোত বহুত অশান্তিৰ সৃষ্টি কৰি দিলে৷ চালা … হাৰামী!

গুণ্ডাই কেতিয়াবা তাইক জোৰেৰে মাৰি দিয়ে৷ তাই কান্দিবও নোৱাৰে, হাঁহিবও নোৱাৰে৷ তাইৰ সেই অৱস্থাটো সি খুউব উপভোগ কৰে৷ বৰদেউতাকৰ ওচৰত বহি মিচিক-মাচাককৈ হাঁহি তাইৰ ফালে চাই থাকে৷ তেনেকুৱা সময়ত তাৰ মূৰটো চোবাই চোবাই খাবলৈ মন যায় তাইৰ৷

এইবোৰকে ভাবি ভাবি তাই কেতিয়া চোতাল পাৰ হৈ পদূলি পালেগৈ গমকে নাপালে৷ সিহঁতৰ ঘৰৰ কাষৰে ৰাণুৰ বাপেকে কিহবালৈ মাৰি পঠিওৱা ফৰ্মূটি এটা লাগিলহি নহয় তাইৰ মূৰত৷ তাই বৰ দুখ পালে৷ কপালখন ফাটিয়েই গ’ল নেকি? তাই চিঞৰি চিঞৰি ঘৰ পালেহি৷ ফৰ্মূটি লগা ঠাইডোখৰ উখহি আহিল৷

“গৈছিলি নহয় ওলাই৷ পালি এতিয়া মজাটো?”— বৰদেউতাকে আকৌ তাইকহে গালি পাৰিলে৷ তাইৰ চকুপানী ওলাই আহিল৷

তাইৰ চিঞৰ শুনি গুণ্ডাটো ওলালহি৷ সি এতিয়া কম লাজ দিবনে তাইক? তাৰ মুখলৈ নাচাওঁ বুলি ৰ’জীয়ে চকু দুটা মুদি দিলে৷

কিন্তু তাইক আচৰিত কৰি গুণ্ডাটোৱে তাইৰ কাষতে বহি লৈ তাইৰ দুখ পোৱা ঠাইডোখৰ শুঙি শুঙি বিচাৰি লৈ চেলেকিবলৈ ধৰিলে৷ তাইৰ ডিঙিয়েদি নিজে গম নোপোৱাকৈয়ে ‘কুঁই কুইঁ’ শব্দ এটা ওলাই আহিল৷

“হেৰা, আমাৰ কুকুৰপোৱালিহালে দোস্তি কৰিলে হে— চোৱাঁহি আহাঁ৷”— বৰদেউতাকে বৰমাকক কোৱা ৰ’জীৰ কাণত পৰিল৷ তাই চকু দুটা জোৰকৈ মুদি দিলে৷ তাই চকু মেলিলেই কিজানি গুণ্ডাটো আঁতৰি যায়, সেই ভয়ত৷

ঠিকনা : 

কদম, লখিমপুৰ 

ফ’ন : ৯৬৭৮১৭৩৭৯০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 25, 2025
Close Search Window
Close