Written by 3:10 am Articles

ৰং ৰং ৰং— মাথোঁ ৰং

 সঞ্জীৱ সভাপণ্ডিত

ৰং আহে পাখি মেলি৷

এই কথাটো যেতিয়াই শুনিছিলোঁ তেতিয়াই মোৰ মনলৈ এটা বহল বহল ভাব আহিছিল৷

সৰুতে বহল ঠাই মানে পথাৰখনকে বুজিছিলোঁ৷ ঘৰখন বা গাঁওখন হাবি-বনেৰে আৱৰি আছিল৷ বহুত ঠাইত এন্ধাৰেই আছিল৷ ৰ’দো নপৰিছিল৷

ঘৰৰ সমুখৰ দিখৌখন দীঘলীয়াকৈ বহল আছিল৷ নৈত গা ধোওঁতে ওপৰলৈ চাইছিলোঁ৷ কেতিয়াবা ৰামধেনু ওলাইছিল৷ সেয়াই বহল, বিশাল বুলি যি বুজোঁ বুজিছিলোঁ৷

ৰং বুলিবলৈ বনৰীয়া ফুল কিছুমান য’তে-ত’তে আছিল— গৰু বিচাৰি আনিবলৈ যাওঁতে মাথাউৰিৰ দাঁতিৰ পৰা ছিঙিছিলোঁ আৰু কিয় জানো পাহ পাহকৈ এৰুৱাই পেলাইছিলোঁ৷

অন্য ৰং মানে জবাফুল, শেৱালিফুল, ঘণ্টাকৰ্ণফুল, বিছাফুল, নাৰ্জিফুল, দোৰোণফুল, গোলাপফুল, শিমলুফুল, পলাশফুল, মদাৰফুল, কপৌফুল, লিলিফুল, ভেঁটফুল, পদুমফুল, নাহৰফুল, তগৰফুল, খৰিকাজাঁইফুল, চম্পাফুল, যুতিফুল, কাঞ্চনফুল, স্থলপদ্মফুল, কেতেকীফুল, বকুলফুল, বগৰীফুল, চজিনাফুল, সৰিয়হফুল, অপৰাজিতাফুল, বগেনভিলিয়াফুল আদি দেখিছিলোঁ৷

কিন্তু এই ৰংবিলাক কেতিয়াও আকাশলৈ উৰি যোৱা দেখা নাছিলোঁ৷ বগলী, ভাটৌ, হাইঠা, দহিকতৰা, ঘনচিৰিকা, কাউৰী, শগুণ, চিলনী, ফেঁচা উৰিছিল৷ কিন্তু সেইবোৰ উৰি অহা ৰং নাছিল৷ 

আকাশৰ ৰঙো দেখিছিলোঁ –নীলা, বগা, কজলা, ধোঁৱা বৰণীয়া, ৰঙচুৱা, হেঙুল বৰণীয়া, হালধীয়া বা এন্ধাৰ ৰঙৰ৷  এই ৰংবিলাকো উৰি অহা নাছিল৷ ভাঁহিছিলহে৷ ওচৰলৈ অহা নাছিল৷

ৰংবিলাকৰ কথা তেনেকৈ বিশেষকৈ পতাও নাছিলোঁ৷ ফুলবোৰ ভাল লাগিছিল৷ ঘৰত তেনেকৈ ফুলনিও কৰা নাছিলোঁ৷ ফুলগছবোৰ যেন এনেয়ে হোৱা বস্তু, নিজে নিজে হৈছিল৷

গতিকে বৰকৈ চকু  দিয়া নাছিলোঁ৷ সচেতনভাৱে যে ফুলক লৈ কিবা ভাবিছিলোঁ মনত নাই৷

পিছত হিন্দী চিনেমাত ফুলনিৰ মাজে মাজে নাচি নাচি, দৌৰি দৌৰি, বাগৰি বাগৰি নায়ক-নায়িকাই গান গাই থাকোঁতে খুউব ভাল লাগিছিল৷ লগৰ ল’ৰাৰ লগত গোপনে পতা ফুলশয্যাৰ কথা ভাবিছিলোঁ৷ তেতিয়াও এই ঘৰুৱা বা বনৰীয়া ফুলবিলাকৰ কথা মনলৈ অহা নাছিল৷ চিনেমাৰ ফুলবিলাকৰ কথাহে ভাবিছিলোঁ৷

মই মেট্ৰিক পাছ কৰালৈকে ৰজনীগন্ধা ফুল দেখাই নাছিলোঁ৷ কটন কলেজত পঢ়িবলৈ আহি গুৱাহাটীত যেতিয়া দোকানত দেখিলোঁ, তেতিয়াহে প্ৰথম মই ফুলৰ খেতিৰ কথাও একেলগে শুনিলোঁ৷

তাৰ আগতে নাজিৰাৰ অসম কোম্পানীৰ চৌহদত বগা চাহাবৰ বাংল’ত দূৰৈৰ পৰা শাৰী শাৰীকৈ ৰোৱা ফুলবোৰ দেখিছিলোঁ৷ কিন্তু ফুল যে এটা খেতি, এবাৰো মোৰ মনলৈ অহা নাছিল৷ অসমৰ বাহিৰলৈ যাওঁতেও দিল্লীৰ মোগল গাৰ্ডেন বা মহীশূৰৰ বৃন্দাবন গাৰ্ডেন বা ওটিৰ বাগিচাসমূহ দেখিছিলোঁ৷

তেতিয়াও মই ‘ফুল ফুলনিৰহে বস্তু’ ধৰণৰ এক সীমিত ধাৰণাৰ মাজতে জীয়াই আছিলোঁ৷ কাকো ফুল যচাৰ কাৰণ-সুযোগ-সুবিধা কেতিয়াও হোৱা নাছিল৷

সৰুতে মাহঁতে কোৱা সাধুবোৰত লংকাৰ ৰজা ৰাৱণে ১০৮ পাহ নীলা পদুম লৈ পূজা কৰিছিল বুলি শুনোতেও মোৰ ফুলৰ বিষয়ে একো ধাৰণা হোৱা নাছিল৷

তেজীমলাৰ সাধুত থকা লাওজোপাত ফুলা লাওফুলবিলাকো আমাৰ ঘৰতো ফুলা ফুলৰ নিচিনা বুলি ভাবি থৈ দিছিলোঁ৷

স্বৰ্গৰ নন্দন কাননত ফুলা পাৰিজাত ফুল, এই মৰ্ত্যত ক’তো ফুলা  দেখা নাছিলোঁ৷

এবাৰ ৰাজস্থানৰ ফালে যাওঁতে, বহু দূৰলৈকে বিস্তৃত হৈ ফুলা বেলি ফুল (সূৰ্যমুখী ফুল) কেইডৰামান দেখিছিলোঁ৷ পিছে সেইবোৰ Sunflower oil উলিয়াবৰ কাৰণে কৰা খেতি বুলি কোনোবাই কৈছিল৷ সিমানেই বুজি থৈ দিছিলোঁ৷

পাছত বিদেশলৈ যাওঁতেহে মই ফুলৰ চমৎকাৰিত্ব দেখি তবধ মানিলোঁ৷ ফুলে দেখোন মানুহক খুৱাই আছে৷ ফুল দেখোন মানুহে বিবিধ বিবিধ ধৰণে সজায়৷ ফুলৰ সজ্জা দেখোন এটা কলা৷ ফুল দেখোন এটা বিৰাট ব্যৱসায়৷ ফুল দেখোন নিজেই এখন পৃথিৱী৷

তেতিয়াহে যেন মোৰ চকু মেল খালে৷ ফুলৰ ৰং দেখোন পাখি মেলি উৰি আহে৷ এক বিচিত্ৰ জগত মোৰ মাজত উদ্ভাসিত হ’ল৷ ফুল ব্যঞ্জনা হৈ পৰিল— ফুল বাস্তৱ হৈ পৰিল— ফুল ৰং হৈ পৰিল— ফুল তুলিকা হৈ পৰিল; ফুল সম্পদ হৈ পৰিল— ফুল ঐশ্বৰ্য হৈ পৰিল; ফুল ফুলনি হৈ পৰিল— ফুল ব্যৱসায় হৈ পৰিল৷ ফুল সম্ভাৱনা হৈ পৰিল৷ লগে লগে ফুলৰ সুবাস মোৰ নাকত লাগিবলৈ ধৰিলে৷

ৰং নোহোৱা পৃথিৱী এখন ভাবি ভয় লাগিবলৈ ধৰিলে৷ ৰংবিলাকক মৰমেৰে চাবলৈ মন গ’ল৷ ৰং মিলি সৃষ্টি কৰা অৱয়ববিলাকলৈ একান্তমনে চাবলৈ মন গ’ল৷ এটা অৱয়বত এটা ৰং সলাই অন্য ৰং দিবলৈ মন গ’ল৷

ৰঙে মোৰ লগত কথা পাতিবলৈ ল’লে৷ মই ৰঙৰ লগত কথা পাতিবলৈ ধৰিলোঁ৷

লাহে লাহে দেখিলোঁ কেৱল ফুলৰ ৰঙেই একমাত্ৰ ৰং নহয়৷ মাটিৰো ৰং আছে, ধানৰো ৰং আছে, চৰাইৰো ৰং আছে৷

দুখৰো ৰং আছে— সুখৰো ৰং আছে৷

কামৰো ৰং আছে— কথাৰো ৰং আছে৷

গালিৰো ৰং আছে— আশীৰ্বাদৰো ৰং আছে৷

অতীতৰো ৰং আছে— বৰ্তমানৰো ৰং আছে৷

ভৱিষ্যতৰো ৰং আছে— ইতিহাসৰো ৰং আছে৷

সীমাবদ্ধতাৰো ৰং আছে— অসীমৰো ৰং আছে৷

সফলতাৰো ৰং আছে— বিফলতাৰো ৰং আছে৷

জীৱনৰো ৰং আছে— মৃত্যুৰো ৰং আছে৷

পৃথিৱীখন মোৰ বাবে ৰঙীন হৈ উঠিল৷ কিতাপ-কবিতা সকলোতে মই ৰং দেখিবলৈ ল’লোঁ৷ মোৰ মন ৰঙেৰে ৰঞ্জিত হৈ উঠিল৷

এক সাংঘাতিক ব্যঞ্জনাময় অনুপ্ৰেৰণাই মোৰ গাত পাখি গজাই দিলে৷ সকলোতে মোৰ ভাল লাগিবলৈ ধৰিলে৷ মই পৃথিৱীখন নতুন ৰূপত দেখিবলৈ ল’লোঁ৷

মোৰ কথা কৈ ভাল লাগে, কথা শুনি ভাল লাগে, মোৰ কাম কৰি ভাল লাগে, মোৰ কাম সৃষ্টি কৰি ভাল লাগে৷

মই এতিয়াহে বুজি উঠিলোঁ যে ৰং কেনেকৈ পাখি মেলি উৰি আহে৷ ৰৈ থাকিলেও ৰং উৰি থাকে৷ গোন্ধ নাথাকিলেও ৰঙৰ সুবাস থাকে৷

কলমটো হাতত লৈ উকা কাগজখনত সৰুতে শিকা অ, আ, ক, খ কেইটাক বাৰম্বাৰ লগাই বিভিন্ন শব্দ সৃষ্টি কৰি যাওঁতে মোৰ এই ৰং লগা পাখিকেইখনে ডেউকা কোবাই মোক লৈ যায়— ৬২/৬৪ বছৰীয়া জীৱনটোৰ অভিজ্ঞতাৰ ভাবজগতখনক বাক্যময় কৰিবলৈ বা বাঙ্ময় কৰিবলৈ৷ শব্দবোৰ ওচৰ চাপি আহি থাকে আৰু মোৰ ‘মনটো’ কৈ যায়৷

সেই নৈৰ পাৰৰ অনাদৃত গোন্ধহীন ফুলৰ পৰা এইৰ’প্লেনত উঠি কোটিটকীয়া প্ৰাসাদত শুভংকৰ সুৰভি বিলাবলৈ যোৱা সৌন্দৰ্যৰ ৰাণীৰ কি যে এক বিশাল পৰিক্ৰমা!

জন্মদিনৰ উছাহকণ ৰঙীন দেহবল্লৰীৰ মাজতে দোলনাত বহুৱাই দিয়াৰ আনন্দকণ চিৰন্তন৷

বিবাহৰ মধুক্ষণ— মনৰ প্ৰতিমাখন— ফুলৰ থোপাতেই আত্মবিকাশ— সমজুৱাৰ মাজত— আদৰৰ আলিংগন— ৰঙৰ পোহাৰকণ৷

এই ৰংকণ আমাক লাগে৷ গাঁৱৰ গৰুৰ খোজত জমা হোৱা পানীকণত আকাশখন জিলিকি থকাৰ নিচিনাকৈ খেতিৰ পথাৰৰ বোকাকণৰ ৰং ভৰিত লাগি থাকক৷ ফুলপাহ লৈ অনা হাঁহিৰ ৰংকণো মোলৈ উৰি আহক৷ প্ৰবাসৰ পৰা ঘৰমুৱা চকুযুৰিৰ হেঁপাহৰ ৰংকণো মোলৈ উৰি আহক৷

এই ৰং মোৰ পিতৃয়ে দি গৈছে৷ এই ৰং মোৰ মাতৃয়ে দি গৈছে৷ এই ৰং মোৰ পৰিয়ালে দি গৈছে৷ এই ৰং মোৰ সমাজে দি গৈছে৷ এই ৰং মোৰ দেশলৈ, মোৰ পৃথিৱীলৈ উৰি যাওক৷

এই ৰং মোৰ বৰ আকাংক্ষাৰ, হেঁপাহৰ এমুঠি অন্ন, যাক খাই মই আনন্দেৰে জীয়াই আছোঁ৷

এই ৰং সকলোৱে দেখক, এই ৰং সকলোৱে চিনক৷ এই ৰং সলনি হৈ থাকিব৷ থাকক৷ কিন্তু সি ৰঙেই হৈ থাকক৷

মহাশূন্য গভীৰ ঘন এন্ধাৰ৷ তাত মৃত্যুহে জীয়াই থাকে৷ তাত মই জীয়াই নাথাকো৷ মই জীয়াই থাকিম এই ৰঙৰ পোহৰত— কলপতীয়াৰ বোকোচাত উঠি থকা ৰঙৰ ডেউকাত৷ ৰং আহি মোক লৈ যাব ৰঙৰ কোলালৈ৷ মই ৰঙক লৈ আনিম মোৰ কোলালৈ৷

মই আৰু ৰং ইটোৱে সিটোক লৈ ওমলিম৷

মোৰ জীৱন এইটোৱেই হওক৷

এদিন শিল্পী দিলীপ তামুলীয়ে কৈছিল— পৃথিৱীৰ বস্তুবিলাক ৰং নাইকিয়া কৰি চাওকচোন৷ মই অলপ পৰ তভক মাৰি ৰ’লোঁ আৰু চকু মেলি-চকু মুদি চাবলৈ চেষ্টা কৰিলোঁ৷ মই ভয় খাই গ’লোঁ৷ ভীষণ ভয় খালোঁ অসম্ভৱ৷ নোৱাৰি৷ হ’বলৈও দিব নোৱাৰি৷

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close