উদয় কুমাৰ বৰুৱা
দেওদুপৰীয়া চেনিপুঠি এটাই
দলঙৰ তলেৰে বৈ থকা
গড়খাৱৈৰ নিৰ্জনতা ভাঙে
নাহৰপাতৰ মাজেৰে সৰকি অহা
হেলনীয়া বেলিৰ ৰং মোৰ সেমেকা চকুত বিয়পি পৰে
কচুপাতৰ থোলাত আমৰলি টোপ লৈ
বৰশী টোপাই থকা ল’ৰাটো ময়েই
ফ’ৰলেনত যোৱা বুঢ়া চতিয়নাজোপাৰ হুমুনিয়াহ এটা বুকুত
সংগোপনে কঢ়িয়াই ফুৰোঁ
সৰু পাহাৰটোৰ সিটোপাৰে অচিনাকি
চৰাই এটাই ইমান কাতৰকৈ মাতে যে
তাৰ মাতটোৱে কলিজাত
হেৰোৱা নীড়ৰ কলাজ এখন আঁকে
ক্ৰমে ৰূপকথা হয়
সেউজীয়া উপত্যকাৰ কাহিনীবোৰ
পাতসৰা গছৰ লঠঙা ডালত
ৰিক্ত ঋতুৰ পতাকা উৰে
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025