Written by 3:07 am Poems

হালধি

অত্ৰেয়ী গোস্বামী

এটেমা হালধি বগা মাৰ্বলৰ মজিয়াত পৰি আছে

হালধীয়া গোন্ধ এটা বতাহত উটি-ভাহি

শোৱনি কোঠালৈ সোমাই গ’ল,

তাত মানুহ এগৰাকী উচপ খাই উঠিল৷

মাইকী মানুহবোৰ হালধি হালধি গোন্ধায়

বহুতে ঘিণ কৰে,

বহুতে ভাল পায়,

বহুতে আকৌ গোন্ধটোকে নিজৰ কৰি থয়৷

সেই হালধি টেমাটোৰ দোষ নাছিল

বহু পুৰণি টেমা,

তিনিটা পুৰুষ বাগৰিছে

সাঁফৰৰ নামত সৰু ষ্টীলৰ বাটি এটাহে ৰৈছে৷

বিপদত বুদ্ধি হৰণ

হালধি মাটিত পৰিল,

ইস্‌ ইস্‌ কৰিবলৈ তাত

নৰ-মনিচ  কোনো নাছিল৷

মজিয়াৰ হালধিখিনিয়ে ফিচিঙাফিচিঙি কৰিলে

সেইখিনি সময়ত সিহঁতে আপোনা পাহৰা হৈ

কথা পাতিলে,

এচিকুট এচিকুট হালধিৰো গোপন কথা আছিল

সকলো বাহিৰ হ’ল,

সিহঁতক বোলে নতুন ঠাই লাগে

মানুহবোৰে দেখোন পুৰণি ঘৰবোৰ নতুনকৈ সাজে!

সিহঁতৰহে একোডাল নহ’ল

আবুৰ বুলিবলৈও একো নাই৷

এয়া কেনে জীৱন?

মাটিৰ তলতেই ভাল আছিল

নিজৰ দুনীয়া, স্বজাতিৰ মাজত নিৰ্ভয় জীৱন৷

মাটিৰ ওপৰত ইমান যাতনা!

টেমাত সোমোৱালৈ নিজৰ নমুনাই সলনি হয়৷

মানুহগৰাকীয়ে এমুঠি এমুঠিকৈ হালধিখিনি ভৰাবলৈ ল’লে

সিহঁতে নগুৰনাকতি কৰিলে,

বাৰে বাৰে আঙুলিৰ ফাঁকেৰে সৰকি যায়

তেওঁ আমোদ পালে৷

অৱশিষ্ট গুড়িখিনি সোঁতাৰ আগত গ’ল

জীৱনৰ কি পৰিহাস!

মানুহগৰাকীৰ হাতখনত গোন্ধ এটা ৰৈ গ’ল

মজিয়াত ৰৈ গ’ল  এটা দাগ—

হালধিৰ হালধীয়া দাগ৷

সূৰ্যৰ তাপেহে ধুব পাৰে হালধিৰ ৰং

বাকী সকলো কোৱাভাতুৰী৷

— 

ঠিকনা :

তিতাবৰ

যোৰহাট-৭৮৫৬৩০

ভ্ৰাম্যভাষ : ৯১০১৫৩৫৭৭৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close