Written by 11:46 am Poems

হাত

 জয়ন্ত দত্ত

পানীত থাকিও পানীলৈ পানী ছটিয়াইছিলে হাতখনে

 আৰু দহৰ ঘেকেটনিত ডিঙিলৈকে পোত খাইছিল

এদিন হাতখন নোহোৱা হ’ল

একো উৱাদিহ নাই…

আৰু এদিন টি. ভি.-ত দেখি আচৰিত

পানীত থকা হাতখন দেখোন পাৰত

পাথৰ দলিয়াই আছে আইনাৰ ঘৰবোৰলৈ

কি অব্যৰ্থ নিচান…

ৰাতি ৰাতি ট্ৰাকবোৰ যায়

আন্ধাৰ বুকু চিৰাচিৰ কৰি উটি আহে

চিকচিকীয়া তীক্ষ্ণ কিৰিলি…

কিৰিলিৰ পম খেদি   

শত্ৰুক হানিবলৈ হাতখনে যত কৌশল শিকিছিল

সকলো প্ৰয়োগ কৰিছে হাবিখনত….

চাৰিওফালে শলখ, পলাশ, তিতাচঁপাৰ তেজ…

তেতিয়াও জী থকা

ন-গাভৰু পলাশ এজোপাক দেখি মই হেৰুৱাই পেলালোঁ ভৰিৰ তলৰ মাটি…

যেতিয়াই ভোমোৰাটো উৰি যায় তেতিয়াই তাই

যোনীয়েদি সুমুয়াই দিয়ে এডাল বিহলতা

তাই শেষজোপা গছ হ’ব বিচাৰে

ঠিকনা :

দগাঁও নলনি খাত

ডাক : গৰখীয়া দ”ল

যোৰহাট – ৭৮৫০১৫

ভ্ৰাম্যভাষ – ৯৩৬৫৪৫৭৭৫১

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close