Written by 8:10 am Poems

হাইকুৰ দৰে কেইটামান কবিতা

পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ

           (১)

নিজানৰ নৈ;

বালিচন্দা সাবটি ৰৈ আছে

নিয়ৰ উৰালৈ৷

            (২)

এবাৰো নাচালা

শেৱালিজোপাত ওৰেনিশা তিতি থাকিল

হেমন্তৰ বিষাদ৷

            (৩)

বগা চাদৰখন 

তোমাৰ গাত দিওঁতেই শুকাল

চকুপানীৰ বাট৷

             (৪)

বাৰিষাৰ জোন;

উজানৰ পানীত নাচি ফুৰিছে

প্ৰতিমাৰ সপোন৷

             (৫)

মেঘবোৰৰ হৈ-চৈ;

সৰাপাতত সেমেকি উঠিছে

শীতৰ নৈ৷

             (৬)

ভৰা নদীৰ ঘাট;

বতাহজাকে সুহুৰিয়ালে বাজে

বাঁহীটোৰ মাত৷

              (৭)

গাভৰু জোনবাই;

গাত ৰং সানি গুচি গ’ল

জাৰৰ দিনৰ মাত৷

             (৮)

পানীমেটেকা;

ওপঙি আছে জীৱন আৰু

পিতাৰ মৃত সপোন৷

(বিশেষ দ্ৰষ্টব্য : জাপানী কাব্যপৰম্পৰাৰ হাইকুৰ দৰে কেইটামান অসীময়া কবিতা৷ একোটা হাইকু তিনিশাৰীত সোতৰটা “syllable”-ত ৫ + ৭ + ৫ এই পদ্ধতিৰে বান্ধ খাই থাকে৷ সময়ে কিছু সলনি কৰিছে জাপানীসকলৰ নিয়ম৷ ইংৰাজীত লিখিবলৈ ভাল পাইছিলোঁ যদিও অসমীয়াত কঠোৰ নীতিৰে সোতৰটা syllable-অত বান্ধিবলৈ লওঁতে আকৰ্ষণ হেৰোৱাৰ উপক্ৰম হ’ল৷ সেয়ে syllable-অৰ বান্ধোন কিঞ্চিৎ শিথিল কৰিলোঁ৷ দুই-এটাত হাইকুৰ syllable-অৰ বান্ধোন আছে, কিছুমানত সামান্য ইফাল-সিফাল হৈছে৷ সেয়ে এই কবিতাকেইটা হাইকুৰ দৰেহে, আক্ষৰিক অৰ্থত হাইকু নহয়৷)

  ভ্ৰাম্যভাষ – ৭০০২১৭১৮১২

rajkumar.partha@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close