Written by 7:39 pm Poems

হাঁহিচম্পা

অৰ্চনা ঠাকুৰীয়া

আজিৰ সন্ধিয়াটো চিত্ৰকল্পৰে ভৰা

কোনো বগী গাভৰুৰ গালৰ বিয়াগোম মাহটোৰ দৰে 

জোনৰ মুখতো দুখৰ দাগ

আমি কেইগৰাকীমান লগ হ’লেই খুব কথা পাতোঁ

ৰাজনীতি, সমাজনীতি, প্ৰেমনীতি আৰু বহুতো…

মাজে মাজে পানীবিধেৰে ডিঙি তিয়াই

হেকেটি বিহুও গাওঁ 

কথাৰ যুদ্ধই মানুহৰ বাবে সৌৰভ কঢ়িয়ায় নে গৌৰৱ

অনৰ্থক টিপ্পনিবোৰে মূৰটো গৰম কৰি তোলে

ইমানেই অশান্তিনে মানুহৰ…

মোৰতো শান্তিয়েই শান্তি

কাৰোবাক লাগে যদি ধাৰলৈও দিব পাৰোঁ

কথাবোৰ খেলিমেলি লাগে

কচুৰ পেঁপাহেন ক্ষীণ ইণ্টাৰেষ্ট খুৰাৰ টিকণিডালে

আটাইবোৰ কথা টানি টানি বান্ধে

অলপতে নাটক এখন চাইছিলোঁ

নাটকৰ সাৰাংশটো সংক্ষেপে আছিল এনে ধৰণৰ-

কৃষ্ণই হেনো আজিকালি বাঁহী নবজায় 

সেয়ে গোপ-গোপীৰ দুখেই দুখ, অশান্তিয়েই অশান্তি…

সেয়ে ‘বেল-বুং-ৰাম চেঙেলীয়া’ আলিৰ বাঁহৰ বেঞ্চিখনত বহি পৰিকল্পনা কৰিলোঁ এখন নতুন নাটকৰ

নাম ‘দুখীৰামৰ সুখী সংসাৰ’

নায়িকা- বগী গাভৰু

তাইৰ গালৰ মাহটো চূণ-নিমখ-কলাখাৰেৰে ছাৰ্জাৰী কৰি উভালি মাটিৰ লেপন দি চিকচিকিয়া কৰা হ’ল

জোনৰ মুখত এতিয়া ডালিমগুটিয়া হাঁহি

আৰু সন্ধিয়াটো- হাঁহিচম্পা

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close