Written by 12:32 pm Articles

হয়তো আজিৰ পৰাই মোৰ ছুটী

 মূল বাংলা : চাব্ৰিনা ৰুবিন (বাংলাদেশ)

অনুবাদ : উৎপল দত্ত

(বাংলাদেশৰ কবি ডাঃ চাব্ৰিনা ৰুবিনে ইংৰাজী আৰু বাংলা উভয় ভাষাতে কবিতা ৰচনা কৰে। দেশ-বিদেশৰ বিভিন্ন সাহিত্যানুষ্ঠানত অংশগ্ৰহণ কৰা অভিজ্ঞতাৰে পুষ্ট চাব্ৰিনা ৰুবিনে ’নিষিদ্ধ নিৰ্বাসন’ গ্ৰন্থখনেৰে লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰে।)এতিয়া আৰু সকলো সময়তে তুমি
ভাবি থাকিব নালাগিব চতুৰালি
আকাশচুম্বী সম্পৰ্কৰ প্ৰাচীৰ আৰু
মুষ্টিবদ্ধ আলাপৰ তৰংগ ভেদ কৰি
অসময়তো মোৰ বাবে
ভাবিব নালাগিব সুগন্ধি কল্প-কাহিনী৷
মই কথা নক’লেও
এই বসন্তত কুলিয়ে গান গাব
শুকান শিমলু গছত 
ৰঙা ৰঙা ফুল ফুলিব৷
দোকানীয়ে খুলিব দোকান
বস্তুৰ বাঢ়িব দাম
ভিক্ষাৰীয়ে ভিক্ষা খুজিব৷
জীৱাণুৰ স’তে হোৱা যুদ্ধৰ শেষত
অৱৰুদ্ধ মানুহ বাটলৈ ওলাব৷
মই কথা নক’লেও 
পৃথিৱী ঘূৰিব তাৰ আপোন কক্ষতে
আকাশত বজ্ৰপাত হ’ব
সোণালী প্ৰজ্জ্বালন ঘটিব
প্ৰেমিকাই স্পৰ্শ কৰিব প্ৰেমিকৰ ওঁঠ৷ 
পুলিচে ঘোচ খাব
ডাক্টৰে বেমাৰী চাব
খাদ্যবস্তুত মাখি পৰিব
আখলত জুই জ্বলিব
টিভিত টক্ শ্ব’ হ’ব
কবিয়ে কবিতা লিখিব
ধনীয়ে হিচাপ কৰিব টকা
কেঁচুৱাই কান্দিব
মই কথা নক’লে 
কষ্ট হ’ব মোৰ
আৰু অপেক্ষা শেষ কৰি
আকৌ তুমি…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close