Written by 10:35 am Poems

সৰাপাতক সোধোঁ যদি

অনুভৱ তুলসী

সৰাপাতবোৰে বিচাৰিছে সেউজীয়া বাট এটা –

কথাটো বাৰু সঁচানে –  আমাৰ কবিক সোধকচোন

আপুনি নিজকো সুধি চাব পাৰে সেই একেটা কথা

পাতক পাত পাতে বোলা নাই বুলিছে আপুনি

নামহীনভাৱেই পাত বৰ্তি আছে সানন্দে

বিশেষ নে নিৰ্বিশেষ স্থায়ী নে স্থানু শুদ্ধ অশুদ্ধ

এইবোৰ ভাব আহিছেনে কেতিয়াবা পাতৰ মনলৈ

পাতৰ আকৌ মন – আকৌ এক অবাঞ্ছিত পকনীয়া

গছজোপা আছে – থকাটো সঁচা নে নথকাটো

গছত চৰাই পৰিছে – গছৰ অনুমতি নোহোৱাকৈ

মই গছৰ কথা,  চৰাইৰ কথা কৈছোঁ –

এয়া নহয়নে বাৰু আপোনাৰ দৃষ্টিত বৃত্তি কুম্ভীলক

আৰু প্ৰশ্ন – গছে চৰাইক চৰাই বুলিছেনে 

চৰাই নে পোক-পৰুৱাৰ গান – গছে গান শুনিছেনে

গছজোপা গৈ আছে নে ৰৈ আছে – গছৰ বাবে

তাৰ কিবা অৰ্থ আছেনে – গছৰ শিপা

মাটিৰ গভীৰলৈ গৈ গৈ পাতাল পাইছেগৈ

মাটি কিম্বা পাতাল – শিপাৰ সৃষ্টি নেকি

গছজোপা তিস্থি থাকিব লাগে – আছে

গছজোপা বিলৰ পাৰত আছে – 

বিলৰ পানীত গছৰ ছাঁ পৰিছে – ছাঁক গছে চিনি পাবৰ নহয়

ছাঁৰ কথা ক’লে ৰ’দৰ কথা বেলিৰ কথা ওলাব – ওলাবই

গছে কাকো চিনি-জানি নাপায় – নিজকো

বিলৰ কথা ওলাইছেই যেতিয়া

বিলৰ পাৰ বিলৰ বুকুৰ কথা ওলোৱাটো স্বাভাৱিক

যদিও বিলে নাজানে কাক কয় পাৰ

বুকুৱেই বা কি বস্তু

পানীৰ কথাও বিলে নাজানে

পানীয়ে নাজানে পানী গোটা গেছীয় নে তৰল

পানীৰ পিঠিত বতাহৰ বুলনিত উঠে লহৰ

পানীয়ে বতাহকো নাজানে নাজানে লহৰ

হে সভাসদ সুধী হে সুহৃদ আপোনাক জানে নেকি

গছে কিম্বা পানীয়ে – মোক জনাব নালাগে

সময় আছে যদি নিজক নিজে সোধকচোন

সৰাপাতে নিজকে নাজানে নাজানে সেউজীয়া নাজানে বাট

নিজক জনাৰ লেখীয়া বাতুলতাও নাই সৰাপাতৰ

(তুমি তোমাক কবি বুলি জানানে, যশোৱন্ত)

তেনেস্থলত হে কবি তোমাৰ এই গোটা গেছীয় তৰল

ভাব-চিন্তা ভাষালৈ কিয় বাকি আছা নিৰন্তৰ

সকলো কথা সকলো কামৰে

কিবা নহয় কিবা এটা অৰ্থ থাকে –

সেই কিবা নহয় কিবাটোৰ 

নে অৰ্থটোৰ বাবে

কোনটোৰ বাবে বুজাই কোৱাঁচোন 

কোৱানা হে কবি

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close