Written by 11:18 am Poems

স্বাধীনতা

মূল : লেংষ্টন হিউজ

অনুবাদ : মৌচুম বৰুৱা
ভয়, শংকা অথবা দমনৰ মাধ্যমেৰে
আহিব পাৰে জানো স্বাধীনতা?
ওহোঁ নাহে,
আজি নাহে,
কাইলৈ নাহে,
অথবা কোনো দিনেই নাহে৷

আমাৰোতো তোমাৰ দৰেই অধিকাৰ আছে
এগজ মাটিৰ ওপৰত
আকাশ চাব পৰাকৈ
দুভৰিত থিয় দি থকাৰ৷

কিন্তু আমি শুনি শুনি ক্লান্ত হৈ পৰিছোঁ—
‘‘সময়ত আমাৰ বাবেও আহিব
এটা নতুন দিন৷’’

কিন্তু মৃত্যুৰ পাছত জানো
স্বাধীনতাৰ কিবা অৰ্থ আছে?
পাৰি জানো পূৰাব অনাগত দিনৰ ৰুটীৰে
আজিৰ দুৰ্বাৰ ক্ষুধা?

স্বাধীনতা
এটা শক্তিশালী বীজপ্ৰৱাহ প্ৰোথিত,
আমিও ইয়াতেই থাকোঁ
আৰু
স্বাধীনতা আমাৰ প্ৰয়োজন
যিদৰে তোমাৰো৷

(টোকা : লেংষ্টন হিউজ, বিগত শতিকাৰ অত্যন্ত প্ৰভাৱশালী আমেৰিকান কৃষ্ণাঙ্গ কবি, ঔপন্যাসিক, নাট্যকাৰ আৰু সমাজকৰ্মী আছিল৷ তেখেতে আজীৱন আমেৰিকান কৃষ্ণাঙ্গসকলৰ অধিকাৰৰ বাবে যুঁজ দি গৈছিল৷ তেখেতৰ দুখনমান উল্লেখযোগ্য কাব্য গ্ৰন্থ হ’ল— ‘‘The Weary Blues’’ [1926], ‘‘Fine Clothes to the Jew’’ [1927], ‘‘The Negro Mother and Other Poetic Recitations’’ [1931], ‘‘A New Song’’ [1938], ‘‘Freedom’s Plow’’ [1943], ‘‘As Your Mama’’ [1961] আদি৷ এইজনা স্বনামধন্য ব্যক্তিৰ জন্ম হৈছিল ১ ফেব্ৰুৱাৰি, ১৯০১ আৰু মৃত্যু হৈছিল ২২, মে’, ১৯৬৭ চনত৷

ঠিকনা :

মৌচুম বৰুৱা

জ্যোতিবন

ৰূপনগৰ, দূৰদৰ্শন কেন্দ্ৰৰ সমীপত

ডিব্ৰুগড় – ৭৮৬০০৩

ভ্ৰাম্যভাষ – ৯৯৫৪৪৮০০৫৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close