মনজিৎ সিং
বালিত মুখ গুজি পৰি আছে স্থবিৰ সময়
হঠাৎ দিনবোৰ সলনি হৈ গ’ল
পাহাৰৰ চূড়াৰ পৰা অহংকাৰী দিনবোৰ নামি আহি
কোনোবা দুৰৈৰ ছন পৰা পথাৰলৈ গুচি গ’ল
আকাস্মিকভাৱে পৰিৱেশটো অচিনাকি হৈ পৰিল
বিষাদৰ বাঁহীয়ে উৰুঙা কৰে হৃদয়
স্মৃতিৰ সফুৰা খুলি দেখিলো
প্ৰেমৰ সেউজীয়া শব্দবোৰ হালধীয়া হ’ল
ভৰিৰ তলৰ মাটি হেৰায়
সকলোৱে পৰস্পৰলৈ তৰ্জনী টোঁওৱাত অভ্যস্ত
ইজন সিজনৰ বাবে কেঁকোৰাৰ ত্ৰাস
এতিয়াও কাকলিৰে আকাশেদি উৰি যায় চৰাই
অথচ আকাশখন উদাস উদাস লাগে
যেন অনন্ত ধূসৰ শূন্যতা
ৰাতিৰ সীমা চেৰাই যোৱা মেকুৰীৰ চকুত
ওলমি ৰয় আমাৰ ভূত-ভৱিষ্যত
তথাপি
মানুহবোৰৰ জীয়াই থাকিবলৈ নিৰন্তৰ প্ৰয়াস
আকুল বিকুলকৈ বিচাৰি ফুৰে হেৰোৱা সপোনবোৰ
Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025