Written by 8:55 pm Poems

স্তৱক

 শিখা গোস্বামী মহন্ত

(১)

গৈ থকাটো যিমান সহজ

ৰৈ দিয়াটো সিমান কঠিন

যাওঁ বুলি গুচি যাব পাৰি

উলটি আহো বোলোতেই

এহেজাৰ অসহজ উশাহ

(২)

খিৰিকিৰে জুমি আছিলোঁ 

জোনাকী ৰাতি চকুত আঁকি

নিয়ৰ হেন হাঁহি এটাৰ কথাৰ সামৰি

নচুৱাই আছোঁ জুনুকা দুভৰি

(৩)

ভ্ৰমৰ আঙুলিৰে লিখি আহিছো

দৈনন্দিন অনুৰাগ…

অনেক যুক্তিহীনতাক সামৰি

নিৰ্ভাৰ অনুশীলনত পুনৰ উমলি আছোঁ

***

ফোন  :  ৮৬৩৮৩১৪২০৮

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close