Written by 3:54 pm Poems

সোণালী চৰাই

খনিন্দ্র ভূষণ মহন্ত

চেপা যন্ত্রণাৰ ৰু-ৰুৱনি এটাক চকুলোৰে ধাৰণ কৰি

শিকলি পিন্ধি শুই আছে সোণালী চৰাই

ধূমায়িত চহৰখন অস্থিৰ কৰি

দেৱালত সৌৱা কঁপি থকা ঋতুৰ পয়োভৰ

মোৰ মেলেকা মাতত মৌ বিচাৰি

বিধ্বস্ত বুৰঞ্জীক সিপাৰলৈ ঠেলি

সোণালী চৰায়ে চকু মেলি একেথৰে মোলৈ চালে

কথনক কলা কৰি তুলিবলৈ

মই কোনো কালান্তৰৰ কথক নহয়

কবিতাৰ কালিকাক নমন কৰি

অর্ঘ্য দিওঁ বুৰুলি-বুকুৰ ছায়া

অনাহূত সিৰসিৰণিবোৰ চুই চাব পৰাহ’লে

মেৰেককৈ ভাঙিলোহেঁতেন কিলবিলনিৰ মৰলীয়া আঙুলি

(সোণালী চৰাইয়ে এই কথা জানে)

মই প্রার্থনাৰ হাতখন আগ বঢ়াই দিওঁতে

তেওঁ মোক উত্তাপৰ ৰামধেনু এখন দিলে আৰু

ডাৱৰ-ডাৱৰ ভাবনা এখিনিৰে ওপচাই দিলে ভিতৰ-বাহিৰ

(আজিও লৈ ফুৰিছোঁ সেই প্রশান্তিময় পৰশ)

সনাতন সময়ৰ প্রসাৰিত দুহাতে যেতিয়া শিকলি ছিঙিব

সোণালী চৰায়ে আকৌ ডেউকা কোবাব

আৰু আমি বনফৰিং হৈ তৰাফুলা আকাশৰ কথা পাতিম

ভ্ৰাম্যভাষ নং- ৯১০১৯৮৬১৪০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close