Written by 9:34 am Poems

সোণালী আৰু কমলা এই শতিকাৰ প্রিয়তম ৰং

নিয়ৰকণা কাশ্যপ

সোণালী আৰু কমলা এই শতিকাৰ প্রিয়তম ৰং,বুজিছা
সেয়ে নৈ পুতি বিৰিখ ঢাকি বাঢ়ি আহিল মৰুভূমি

তেওঁৰ মাতত আছিল উচুপনিত সেমেকা ভগা-ছিগা উশাহ
হৰিৎহীনতাত ভুগি ৰঙচুৱা হোৱা অৰণ্যানিত
এয়া,মোৰ সোঁকান্ধত মূৰ থৈ এজন জঁই পৰা পুৰুষ
ববচা বনৰ দৰে ঘনকৈ বঢ়া লোভ আৰু ৰাজনীতিত
ভেঁকুৰতকৈও শুকুলা ভাইৰাছতকৈও পাতল মানুহবোৰে
মৰণশীল পৃথিৱীত অমৰ হ’ব খোজা মানুহবোৰে
আকাশ আজুৰি পাৰি আনিবলৈ হেঁপাহ কৰিলে বেলি
জঁই পৰা পুৰুষজনে
আবুৰত ৰৈ যোৱা শেষকণ অভিমানো উজাৰি দি ক’লে
মই নামানিলোঁ—

তাতে কি! প্ৰতিটো শতিকাই দেখে বিপর্যয়
আৰু হৰলুকি
প্ৰতিটো শতিকাৰ স্মৃতিজুৰি বৈ থাকে
যুদ্ধ অথবা প্রকৃতি-মানুহৰ যুগলবন্দী
সন্তান জন্ম দি মাকবোৰে কৰা আকুল প্রার্থনাত
পৃথিৱীৰ বাবেও থাকে কুশল কামনা

দুচকুত আন্ধাৰ এছাটি বিয়পাই
তেওঁ আকৌ সৰৱ হ’ল—

পাছে কুশলে থাকেনে পৃথিৱী
কুশলে আছেনে বসুমতী
মহামাৰীৰ শোকত
ফৰিংজাপ দি গুচি যোৱা শব্দক নিজলৈ উভতাবলৈ
কবিৰ টোপনি হেৰায়
মানুহেই মানুহৰ বাবে দর্শকহীন মঞ্চ সজায়
ছেৰজাত শূন্য শূন্য যেন লগা সুৰ এটা ওলমাই
মৃত্যু যাতনাত কাতৰ হৈ পৰা শালবনলৈ গুচি যায়
স্বয়ং ধ্রুপদী সঙ্গীত

হতাশ হ’ব নজনা মই শংখমাতেৰে পোন হওঁ
কওঁ—
মহাকাশত ওপঙি উঠা চকল চকল পৃথিৱী সামৰি
আকৌ গঢ়িম ব্রহ্মাণ্ড
ডাৱৰ আৰু পানীত যাৰ সহজ চলাচল
বহির্জগতৰ জোনমৰা আন্ধাৰতো যি সদায় সচল
সেই মানুহে তুলি নধৰিবনে ক্ষয়িষ্ণু ধৰিত্ৰী
মানুহ সঁচাই বেলিময়,জানা

তাপ-পোহৰ-অপাৰ সম্ভাৱনাৰে
হাৰি হাৰি জিকি যায় মানুহ
পোতাশালত পুতি থ’লেও পাৰিজাত হৈ গজি উঠে মানুহ

শেঁতা দুচকুৰে তেওঁ মোলৈ চায়—
নিমখীয়া মৰুভূমিত গজে কোন
পাৰিজাত,নে স্পর্ধা

সৰোবৰ তলিৰ হিমচেঁচা শিল হৈ
তেওঁ মোৰ কপালত অর্ধমৃত তৰা এটি আঁকে

ভঙা-ছিঙা উশাহৰ হাওলি পৰা সেই পুৰুষৰ দুহাত
চেনেহেৰে চুই চাওঁ
সহস্ৰ চাকিৰ বিজুলী হৈ উজলি উঠে তেওঁৰ বাহুৰ কেয়ুৰ
আৰু মুঠিৰ পাঞ্চজন্য
তেনেই ধীৰগতিৰে ঘূৰোঁ নুঘূৰোঁকৈ ঘূৰে সুদর্শন  
দধি-ভাতৰ টোপোলা লৈ
বৃন্দাবনলৈ ওভতা সপোন এটা দেখি তেওঁ লীলা সামৰে
আৰু তপত বালিত বহি থকা মোৰ ওঁঠেৰে আশ্বর্য নিগৰে
ছেহ! মৰুভূমিলৈ ঈশ্বৰেও ভয় কৰে?

ভ্ৰাম্যভাষ: ৯৬১৩১৪০১৫৩ঠিকনা: ঊষা নগৰ

,জি এন আৰ চি হস্পিতালৰ ওচৰত

,ছুপাৰ মার্কেট

, দিছপুৰ

, গুৱাহাটী

— ৬

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 5 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close