Written by 2:02 pm Poems

সেতুবন্ধন

অৰ্চনা ঠাকুৰীয়া

এজাক হাতীক ভাং খুৱাই এৰি দিলে কেনে হ’ব

সিহঁতে কান্দিব  নে খৰকৈ দৌৰিব

নে হাঁহিবলৈ ঠাই বিচাৰি ফুৰিব

এদিন চাওখাতৰ লগুৱা বাপিৰামে যুগান্তৰ বিড়ি এটা হুপি 

ফিকা চাহৰ সৌন্দৰ্য বিচৰাত মগন আছিল

তেনেতে, গোপীচন কোঁৱৰ হাজিৰ

জনা আইদেউক নিজৰ কৰি লাগে হেনো

পিছে, উপায় দিব কি

নিজেই বৰলা

যাৰ চকুপানীও ঘোলা

মাথোঁ ক’লে, “হাবাঙত নিমখ সস্তা, দেহৰ বা কি অৱস্থা…।”

মূত্ৰতকৈ বিষ্ঠা বিসৰ্জনৰ সময় তাকৰ

তথাপি, সময় খৰচ হয় পিছৰ বিধতেই

সকলো খেলিমেলি

সেতুবন্ধন কাৰ্যসূচী লোৱা হওক

স্থিৰতা আৰু অস্থিৰতাৰ মাজত

য’ত ‘ডাৰ্কাইম’ৰ আত্মহত্যাৰ থিঅ’ৰিয়েও পাত্তা নাপায়

মাহ-ডলা হাততেই থাকে

কুমলীয়া মনৰ অবুজ গাঁথা

চিনাই চিনে

বুজাই বুজে সেই হাতৰ কাহিনী

স্থিতিয়ে নিৰ্ণয় কৰে পৰিস্থিতি

এসময়ত গজৰাজৰ পালটোৱে ভাঙৰ নিচাৰ পৰা মুক্ত হ’ল

বননিত গজৰাজে এতিয়া ভালপোৱাৰ গল্প পঢ়িছে

মানুহবোৰ বুদ্ধ হ’ল চাগে

                   ***

টোকা : 

বাপিৰাম : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বাপিৰাম’ শীৰ্ষক গল্পৰ মুখ্য চৰিত্ৰ।

গোপীচন- জনা : দুয়ো পতি-পত্নী। অসমীয়া লোক-কবিতা ‘জনাগাভৰুৰ গীত’ ‘জনা’ক লৈয়ে সৃষ্টি হৈছিল।

ডাৰ্কাইম : এগৰাকী সমাজতত্ত্ববিদ। তেখেতৰ  তত্ত্বসমূহৰ ভিতৰত  ‘Theory of suicide’ অন্যতম।

Visited 3 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close