স্মৃতিৰেখা দেৱী
(যোৱা সংখ্যাৰ পাছৰ অংশ৷)
মলুৱাই তিনি দিন ধৰি কুলভূষণকে বিচাৰি ফুৰিলে৷ কিন্তু অঘাইটং ল’ৰাটো যেন বতাহতহে মিলি গ’ল৷ কুলভূষণ যে ক’ত লুকাল কোনেও গমকে নাপালে৷
মহাৰাজে ঘটনাটোৰ বিচাৰো কৰিলে৷ বিচাৰত মলুৱাই যি ক’লে তাৰ পৰা আটায়ে বুজিলে যে কুলভূষণৰ দুষ্টবুদ্ধি আৰু অঁকৰা মলুৱাৰ লোভৰ কাৰণেই অঘটনটো ঘটিল৷ তদুপৰি হিতৰাম সেইদিনা ঘৰত নথকা কাৰণেও কুলভূষণে অঘটনটো ঘটাবলৈ সাহস পালে বুলি মহাৰাজ নিশ্চিত হ’ল৷
আচলতে মলুৱাই কি খাই ভাল পাব সেইটো চিন্তা নকৰাকৈয়ে কুলভূষণে ঘৰতে থকা তিনি দিনৰ পুৰণি পহুৰ পিৰা এটা আনি মলুৱালৈ বুলি লুকুৱাই থৈছিল৷ ইপিনে মলুৱাই মনতে ভাবি থৈছিল যে কুলভূষণে তালৈ কল, আপেল, নাচপতি আদিৰ দৰে খাদ্য আনিছে৷
পিছে তিনিদিনীয়া গেলা মঙহৰ গোন্ধত মলুৱাৰ বমি ওলাওঁ ওলাওঁ হ’ল যেতিয়া, তেতিয়াই সি নাকত সোপা দি বৰতলৰ পিনে ভিৰাই লৰ ধৰিছিল৷ কিন্তু তেতিয়ালৈ কুলভূষণে গোটেইখন গোলমাল লগাই পেলাইছিল৷
সেনাপতি হিতৰামৰ ঘৰলৈ গৈ মলুৱাই তেখেতক লগ পাব খুজিও পোৱা নাছিল৷ মহাৰাজে আকৌ তেখেতক পঠাইছিল জুৰণি চাপৰিত হোৱা প্ৰজাবিদ্ৰোহৰ খবৰ কৰিবলৈ৷
সেউজপুৰৰ একেবাৰে পূব ফালৰ সীমা চুই বৈ গৈছে জুৰণি নামৰ সৰু নৈখন৷ সৰু হ’লে কি হ’ব, নৈখন খৰ সোঁতৰ৷ তাতে ভালেখিনি দ৷ সেয়ে ঘঁৰিয়ালৰ পৰা চিতল মাছলৈকে প্ৰায় সকলো জলচৰ জীৱ তাত বাস কৰিছে৷ বাৰিষা নৈখনে পাৰৰ ভালেখিনি অঞ্চল বুৰাই পেলায়৷ পানী শুকোৱাৰ পাছত অৱশ্যে সেইবোৰ ঠাইত নতুনকৈ বিৰিণা আদি বিভিন্ন ঘাঁহ গজে৷ সেই নতুন ঘাঁহৰ কোঁহবোৰ খাই পহুসকলে বৰ ভাল পায়৷ তেনেকৈ চৰিবলৈ যোৱা পহু দুজনমানেই মহাৰাজক খবৰ দিছিলহি, বোলে জুৰণি নৈৰ ৰাইজে কিবা বিদ্ৰোহ কৰিছে৷ বিদ্ৰোহত বোলে নৈখন একেবাৰে খলক লাগি আছে৷
প্ৰজাবিদ্ৰোহ! সেউজপুৰত নোহোৱা-নোপজা কথা৷ তাতে বিদেশী অতিথিৰ বৰ্তমানত?
গতিকে ছট্ছটীকো জুৰণিপাৰলৈ পঠালে মহাৰাজে৷ তায়ো একেটা খবৰকে আনিলেগৈ৷ এতেকে উপায়ান্তৰ হৈ সেনাপতি হিতৰামকে পঠাই দিলে পৰিস্থিতিৰ বুজ ল’বলৈ৷ আচলতে পঠাব লাগিছিল মহামন্ত্ৰী বৃকোদৰকহে৷ কিন্তু বিদেশী অতিথিকেইজনৰ আলপৈচানৰ কামত ৰাজকীয় বিষয়ববীয়া লোক এজন থাকিব লাগে৷ হিতৰাম বাঘ কাৰণে তেওঁৰ লগত বিদেশী গাহৰি দুজনে সহজ বোধ নকৰে বুলি মহাৰাজে গম পাইছে৷ গতিকেই বৃকোদৰক জুৰণিপাৰলৈ নপঠাই হিতৰামকে পঠোৱা হ’ল৷ লগত অৱশ্যেই ছট্ছটীও গ’ল৷
অৱশ্যে হিতৰামে জুৰণিবাসী ৰাইজক সমস্যাটোৰ সমাধান দিব নোৱাৰিলে৷ গতিকে আকৌ ছট্ছটী আহি মহাৰাজৰ ওচৰ পালেহি৷ তাই প্ৰয়োজনতকৈ ডাঙৰ মাতষাৰেৰে ক’লেহি— ‘‘মহাৰাজৰ জয় হওক৷ সেনাপতি ডাঙৰীয়াই জুৰণিবাসী ৰাইজৰ সমস্যাটোৰ সমাধান উলিয়াব পৰা নাই৷’’
— ‘‘হেৰ’ সমস্যাটোনো কি নক’লে মইনো কেনেকৈ জানিম?’’
— ‘‘অ’ হয়তো৷ ক্ষমা কৰিব মহাৰাজ৷ মানে জুৰণিবাসীসকলে নিজকে প্ৰবঞ্চিত হোৱা বুলি অনুভৱ কৰিছে৷’’
— ‘‘কি! মোৰ ৰাজ্যত কোনো প্ৰজাক কাহানিও প্ৰবঞ্চনা কৰা হোৱা নাই৷ কোনে তেওঁলোকক প্ৰবঞ্চনা কৰিছে?’’
— ‘‘তেওঁলোকৰ অসুবিধা কিছুমান আছে মহাৰাজ৷’’
— ‘‘কচোন বাৰু কি অসুবিধাত ভুগিছে তেওঁলোক৷ কিবা এটা কৰিব লাগিব তেওঁলোকৰ কাৰণে৷’’
‘‘মানে মহাৰাজ, আমাৰ নিচিনাকৈ তেওঁলোকতো পানীৰ পৰা বামলৈ উঠিব নোৱাৰে৷ কেতিয়াবা ঘঁৰিয়াল আদি কোনোবা কোনোবাই অকণমান সময়লৈ বামলৈ উঠিলেও আকৌ পানীত বুৰ নামাৰিলে তেওঁলোক জীয়ায়েই নাথাকে হেনো৷ কাছসকল আহিব পাৰে যদিও তেওঁলোক আহি পাবলৈকে কেইবাদিনো লাগে৷ তেনে অৱস্থাত বৰতলৰ পাঠশালালৈ তেওঁলোক আহিব পৰা নাই৷ গতিকে তেওঁলোকে বিদেশী শিক্ষকৰ পাঠ ল’ব পৰা নাই৷’’
ছট্ছটীৰ কথা শুনি মহাৰাজৰ মনটো তেনেই সেমেকি উঠিল৷ ‘‘হয়তো, জুৰণিবাসীৰ সা-সুবিধাৰ কথা চিন্তাই কৰা নহ’ল৷ ছেঃ, বৰ বেয়া হ’ল কথাটো৷’’ — মহাৰাজে চকুহাল মুদি ভাবি থাকিল৷
মহাৰাজৰ কাষতে থকা বাটলুৱেও পৰিস্থিতিটো বুজিবলৈ যত্ন কৰি সমাধানৰ উপায় চিন্তা কৰিবলৈ ধৰিলে৷ তেনেকুৱাতে মহাৰাজে গহীনাই মাত দিলে— ‘‘বাটলু৷’’
— ‘‘ম…মহাৰাজ৷ কওক মহাৰাজ, কওক৷’’
— ‘‘তই জুৰণিপাৰৰ পৰা আহগৈ যা৷ ৰাইজখনক তইহে ভালকৈ বুজাব পাৰিবি৷’’
—‘‘এঃ… মইনো বাৰু ইমান এখুদমান জীৱটো হৈ জুৰণিপাৰ পামগৈ কেতিয়া, মহাৰাজ? ইপিনে পৰিস্থিতি গহীন৷ মই গৈ পাবলৈকে এসপ্তাহমান লাগিব দেখোন মহাৰাজ৷’’
‘‘ওঁ… সেইটোও হয়৷ পিছে…’’ — তেওঁ আকৌ চিন্তা কৰিলে কিছু সময়৷ তাৰ পাছত ক’লে— ‘‘ছট্ছটী, তই সাউতকৈ গৈ মলুৱাক মই মতা বুলি কগৈ৷ লগতে লৈ আহিবি৷ যা যা৷ পলম নকৰ৷’’
ছট্ছটীয়ে মহাৰাজৰ ফালে শিৰ দোঁৱাই ভুৰুংকৈ উৰা মাৰিলেই৷ তাই যোৱাৰ পাছতে বাটলুৱে মহাৰাজক গোপন কথা এষাৰ কোৱাৰ নিচিনাকৈ ক’লে— ‘‘মহাৰাজ, মলুৱাই বাৰু জুৰণিবাসী ৰাইজৰ বিদ্ৰোহ চম্ভালিবগৈ পাৰিব বুলি আপুনি কেনেকৈ ভাবিলে? যিজন নিজেই চঞ্চলমতি, কোন মুহূৰ্তত কাক কি বুলি ক’ব লাগে ভালকৈ নাজানে, তেওঁ জুৰণিপাৰত গৈ কি কৰিবগৈ সেইটো ভাবিহে মই আচৰিত হৈছোঁ৷’’
— ‘‘ৰহচোন, তই মোতকৈও বেছিকৈ চিন্তা কৰিব নালাগে৷ মই কিবা এটা ভাবি-গুণিহে মলুৱাক মতাইছে বোপাই৷’’
মহাৰাজে কথা বন্ধ কৰিলে৷ তেওঁলোকৰ সন্মুখৰ ফালৰ গছবোৰৰ ডালে ডালে জঁপিয়াই জঁপিয়াই মলুৱাক অহা দেখি মহাৰাজৰ মনটো পোহৰ হৈ উঠিল৷ বাটলুৱেহে ঘটনাৰ গতি কোনফালে যাব তাকে ভাবি বিয়াকুল হৈ উঠিল৷
‘‘মহাৰাজৰ জয় হওক৷ মহাৰাজৰ জয় হওক৷’’— একেবাৰে কাষৰ জামুগছজোপাৰ পৰা একেটা জাঁপতে মহাৰাজৰ ভৰিৰ কাষতে পৰিলহি মলুৱা৷ ছট্ছটীও উৰি আহি বাটলুৰ কাষতে খপ্জপাই বহিলহি৷
— ‘‘মলুৱা৷ তই আহিলি? তোৰ ওপৰত এটা দায়িত্ব দিব খুজিছোঁ৷ তই জুৰণিপাৰলৈ যাব লাগে৷ তাৰ ৰাইজখনে কিবা কথাত অসন্তোষ কৰিছে৷ তেওঁলোকক বুজনি দিবগৈ লাগে৷’’
মহাৰাজৰ কথাত এইবাৰ বাটলু তেনেকৈ আচৰিত নহ’ল যদিও মলুৱা ভালকৈয়ে আচৰিত হ’ল৷ সি তেনেই খপৰ জপৰ কৰি ক’বলৈ ধৰিলে— ‘‘ম… মহা… ৰাজ, মই কি কৰিমগৈ তাত? মই কথা ক’বই নাজানো… আৰু মই কথা ক’লে কোনেও নুশুনেও৷ আটায়ে ইতিকিং কৰে…৷’’
— ‘‘নকৰে অ’ ইতিকিং৷ কোনেও নকৰে৷ আৰু শুন৷ তই ৰাইজক বুজাবগৈ নালাগে নহয়৷ ৰাইজক বুজাব বাটলুৱে৷ তই কেৱল তোৰ কান্ধতে বাটলুক তুলি নিমিষতে জুৰণিপাৰ পাবগৈ লাগে৷’’
এইবাৰ কিন্তু বাটলু সঁচাকৈয়ে আচৰিত হ’ল৷ মহাৰাজৰ বুদ্ধি কম নহয় দেই৷ সি ভাবিলে৷
— ‘‘বাটলু, পাৰিবিনে মলুৱাৰ গাতে উঠি যাব? তাৰ কাণখনতে ভালকৈ ধৰি ল’লেই হ’ল৷ আন কাৰোবাক পঠাওঁ বুলিবলৈও এইকেইদিন মহামন্ত্ৰীৰ বাহিৰে সকলো বিভিন্ন কামত বেলেগ বেলেগ ঠাইত আছেগৈ…৷’’
মহাৰাজে চিন্তিতভাৱে কোৱা কথাষাৰে বাটলুক সাহসো দিলে, তাক তাৰ দায়িত্ব সম্পৰ্কেও সজাগ কৰি তুলিলে৷ লগে লগে সি ক’লে— ‘‘আপুনি চিন্তাই নকৰিব মহাৰাজ৷ আপোনাৰ সন্মান ৰাখিবলৈ বাটলুৱে সকলো কৰিব পাৰে৷ মলুৱাকাই, মোক তোমাৰ গাত উঠিবলৈ দিবানে নিদিয়া?’’
‘‘উৱা, এইটোনো কি কথা? উঠা উঠা৷’’ — মলুৱাই ক’লে— ‘‘মহাৰাজ, আমি তেন্তে যাৱেঁই৷’’
— ‘‘ওঁ যা যা৷ দেৰি নকৰ৷ লগে লগে উভতি আহিবিহঁক৷ সেনাপতিকো লগতে লৈ আহিবি৷ যা এতিয়া৷ ৰাতিলৈ আমাৰ আন এখন গুৰুত্বপূৰ্ণ সভা আছে৷ পাঠশালাৰ বিষয়ে৷’’
বাটলু মলুৱাৰ গাত উঠিল৷ সি একেবাৰে মলুৱাৰ ডিঙিয়েদি গৈ সোঁকাণখনৰ খোপটোতে বহিবলৈ যত্ন কৰিলে৷ অকণ অকণ হাত দুখনেৰে মলুৱাৰ কাণখনতে সাবটি ধৰিলে সি৷ মলুৱাই মহাৰাজক চেলাম দিলে৷ হাতদুখন বন্দী হৈ থকা কাৰণে বাটলুৱে মহাৰাজৰ পিনে মূৰটো বেঁকা কৰিয়েই অভিবাদন জনালে৷
মলুৱা জাঁপ মাৰি গছত উঠিল আৰু মহাৰাজে চাই থাকোঁতেই চকুৰ আঁৰ হ’ল৷
বাটলুক পঠাই লৈ মহাৰাজ নিশ্চিন্ত হ’ল৷ পৰিস্থিতি যিয়েই নহওক, বাটলুৱে কিবা নহয় কিবা প্ৰকাৰে নিয়ন্ত্ৰণ কৰিবই৷ তেওঁ এটা দীঘলীয়া নিশাহ এৰিলে৷
ইপিনে ইজোপাৰ পৰা সিজোপা গছলৈ জঁপিয়াই যোৱা মলুৱাৰ কাণৰ পৰা যিকোনো মুহূৰ্ততে পৰি যাব পাৰে বুলি বাটলুৰ কলিজাত ধৰ্ফৰণি উঠিল৷ মূৰটো তাৰ ঘূৰোৱা যেন লাগিল৷ একে সময়তে কেইবাটাও চিন্তাত তাৰ মগজুটোও ব্যস্ত ৰাখিবলগীয়া হ’ল৷ প্ৰথম কথা, মলুৱাৰ সৈতে সি সুকলমে জুৰণিপাৰ পাবগৈ লাগিবই৷ সি কোনো কাৰণতে পৰি যাব নোৱাৰিব৷ গতিকে কোনো দুৰ্ঘটনা ঘটিবলৈ দিব নোৱাৰি৷ দ্বিতীয় কথা, জুৰণিবাসী ৰাইজৰ অসুবিধাবোৰ বুজি লৈ তেওঁলোকে বিশ্বাস কৰা ধৰণে বুজনি দিব লাগিব৷ তৃতীয় কথা, একেদৰেই মলুৱাৰ কাণত ধৰি লটি-ঘটি হৈ মহাৰাজৰ কাষলৈ উভতি আহিবও লাগিব৷ চতুৰ্থ কথা, সি জুৰণিবাসী ৰাইজক ক’বলগীয়া কথাবোৰ মহাৰাজৰ মনঃপুত হ’ব লাগিব৷ তেখেতৰ সন্মান হানি হোৱা ধৰণে সমস্যাৰ সমাধান উলিয়াবলৈ গ’লে নহ’ব৷ একেবাৰে শেষ কথা, ৰাতিলৈ পাঠশালাৰ বিষয়ে মহাৰাজে পতা সভাখনত সিও কিছুমান কথা ক’ব লাগিব৷ কাৰণ, নতুন পণ্ডিত দুজনৰ কিছুমান কথা সি একেবাৰে ভাল পোৱা নাই৷
মলুৱাৰ সৈতে বাটলুক পঠাই দি মহাৰাজৰ চিন্তাও লাগিল, গছে গছে জঁপিয়াই জঁপিয়াই যোৱা মলুৱাৰ গাৰ পৰা যদি বাটলু সৰি পৰে! ছেঃ বৰ বেয়া কাম এটা কৰা হ’ল নেকি বাৰু? নিজকে সুধিলে তেওঁ৷ লগে লগে ছট্ছটীক ক’লে— ‘‘আই ছট্ছটী অ’, তোৰ দেখিছোঁ বৰ কষ্ট হৈছে নহয়নে?’’
— ‘‘নাই মহাৰাজ৷ মোৰনো কি কষ্টখন হৈছে? কওক মহাৰাজ, আকৌ কেনিবা যাব লাগিব নেকি?’’
— ‘‘মোৰচোন মনটো একেবাৰে ভাল লগা নাই৷ বাটলুটোক তেনেকৈ পঠাই দিব নালাগিছিল নেকি! সি যদি কেনেবকৈ খুন্দা-খুটলি খাই মলুৱাৰ গাৰ পৰা সৰি পৰে? তই নহ’লে সিহঁতৰ পিছে পিছে যাবি নেকি?’’
— ‘‘হ’ব মহাৰাজ৷ আপুনি অকণো চিন্তা নকৰিব৷ মই যাৱেঁই৷ তেওঁলোক বহু দূৰ পালেগৈ কিজানি৷’’
লগে লগে ছট্ছটীও উৰা মাৰিলে৷
বিদেশী শিক্ষক দুজনে বৰতলৰ পাঠশালাত পঢ়াবলৈ লোৱা পোন্ধৰ-কুৰি দিনমানেই হ’লহি৷ পাঠশালাৰ প্ৰথম দিনটোৰ পৰাই মহাৰাজ কিছু মানসিক অশান্তিত ভুগিবলৈ ধৰিছে৷ আচলতে বিদেশী শিক্ষক দুজনৰ কিছুমান কথা-কাণ্ড তেওঁ অকণো ভাল পোৱা নাই৷ এইকেইটা দিনতে সেউজপুৰীয়া প্ৰজাসকলে বিভিন্ন নতুন কথা শিকিছে হয়৷ কিন্তু নতুন কথা শিকা মানেই পুৰণি কালৰে পৰা চলি অহা ভাল কথাবোৰ ভৰিৰে মোহাৰি পেলোৱা নহয় নহয়৷
শিক্ষাৰ উদ্দেশ্য জ্ঞানৰ প্ৰসাৰ কৰা বুলিয়েই তেওঁ জানি আহিছে৷ কিন্তু শিক্ষাদানৰ পদ্ধতিয়ে যদি এখন সমাজৰ ভাল ভাল কাম-কাজবোৰ, চিন্তা-চৰ্চাবোৰ নোহোৱা কৰি পেলাব খোজে তেনেহ’লে তেনেকুৱা পদ্ধতিক কোনো কাৰণতে ভাল বুলিব নোৱাৰি৷ সেউজপুৰৰ প্ৰজাসকলৰ মাজত পুৰণি কালৰে পৰা পাৰস্পৰিক শ্ৰদ্ধা-মৰম, বিশ্বাস, আনুগত্য, সহনশীলতা, ইজনে সিজনৰ প্ৰতি যিকোনো সময়তে আগ বঢ়োৱা সহযোগিতা আদিক দেখোন এই বিদেশী শিক্ষক দুজনে তেনেই নোহোৱা কৰি পেলাব খুজিছে৷ এনেকৈ হ’লে দেখোন জগত জুৰি থকা সেউজপুৰৰ সুনাম মাটিত মিহলি হ’বলৈ বেছি পৰ নালাগিব৷ নতুন শিক্ষা লোৱা কেইজনমান লোক ইতিমধ্যে দেখোন আগতকৈ উদণ্ড হৈ উঠা যেন লাগিছে৷
কথাবোৰ মনৰ ভিতৰতে পাগুলি থাকিল মহাৰাজে৷ ৰাতিলৈ অতিশয় বিশ্বস্ত সভাসদকেইজনৰ সৈতে হ’বলগীয়া সভাখনতে সকলো কথা খোলোচাকৈ আলোচনা কৰা উচিত হ’ব বুলিয়েই তেওঁ লৰালৰিকৈ সভাখন পাতিছে৷ বৃকোদৰক খবৰ দিয়া হ’লেই৷ বগলী পণ্ডিতেও খবৰটো পাইছে৷ জুৰণিপাৰৰ সমস্যাটোৰ সমাধান বাটলুৱে কিবাকৈ হ’লেও উলিয়াবই৷ তেতিয়া হ’লে হিতৰামো আহি পাবহি৷ এতিয়া একো অঘটন নঘটাকৈ বাটলু ঘূৰি আহিলেই হয়৷
মলুৱাই বাটলুক লৈ পলকতে জুৰণিপাৰ পালেগৈ৷ যাওঁতে সাউৎকৈ ঘৰত সোমাই সি মাইকটোও লৈ গ’ল, বোলে বাটলুৰ সৰু মাতটো আটাইখন ৰাইজে নুশুনিবও পাৰে; গতিকে মাইকটোৱে কামত দিব৷
নৈপাৰ পাই মলুৱাই প্ৰথমে সেনাপতি হিতৰামক অভিবাদন জনালে৷ তাৰ পাছত ৰাইজৰ ফালে চাই আচৰিত হ’ল৷ ইমানবোৰ ৰাইজ আমাৰ ৰাজ্যখনতে আছে বুলি সি সপোনতো ভবা নাছিল৷ সি মুহূৰ্ততে নিজৰ ভুল বুজি পালে, আমি অকল থলচৰ প্ৰজাৰহে হিচাপ লওঁ৷ পিছে জলচৰসকলৰ সংখ্যাটো কিজানি থলচৰতকৈ ডাঙৰহে হ’ব৷
সি লগত লৈ যোৱা মাইকটো হাতত লৈ চিঞৰি চিঞৰি ক’লে, ‘‘ৰাইজ, ৰাইজ৷ আপোনালোকৰ মাজলৈ আমাৰ ৰাজ্যৰ চীফ ছেক্ৰেটাৰি বাটলু ডাঙৰীয়া আহিছে৷ তেখেতে আপোনালোকৰ সৈতে কথা পাতিব৷ তেখেতক স্বয়ং মহাৰাজেই পঠাইছে৷’’
বাটলু আচৰিত হ’ল মলুৱাই তাৰ বিষয়ে কোৱা ইংৰাজী শব্দ এটা শুনিহে৷ সি যে সেইটো শব্দৰে বুজোৱা সভাসদ, সি নিজেই নাজানে৷
‘‘মলুৱা কাই, সেইটো কি শব্দ ক’লা?’’ — সৰু মাতটো আৰু সৰু কৰি বাটলুৱে সুধিলে৷
‘‘চীফ ছেক্ৰেটাৰী৷ মানে মুখ্য সচিব৷ এইবোৰ শব্দ পাঠশালাত শিকায়েই আছে দেখোন৷ তুমি শিকা নাই কিয়?’’
‘‘মইনো ক’ৰ পাঠশালাখনত অনৱৰতে থাকিবলৈ পাওঁ? ৰাজ্যখনৰ বিভিন্ন সমস্যাত মহাৰাজৰ লগত লাগি থাকোঁতেই গৈছে দেখোন৷ হ’ব দিয়া৷ এইবাৰ ভালকৈ শিকিব লাগিব৷’’
‘‘এতিয়া ৰাইজক কথা কোৱা৷ সোণকাল কৰা৷ মহাৰাজে সোনকালে উভতিবলৈ কৈছে৷’’ — এইবুলি মলুৱাই হিতৰামৰ সৈতে ফুচ্ফুচাই কিবা কথা পাতিবলৈ লাগিল৷ বাটলুৱে মন কৰিলে, হিতৰামে যেন জুৰণিবাসী জলচৰ ৰাইজৰ সমস্যাটোক সমাধান কৰিবলৈ অকণো যত্নকে কৰা নাই৷
সেইবোৰ চিন্তা কৰি থাকি লাভ নাই বুলি সি উপস্থিত কৰ্তব্য স্থিৰ কৰি লৈ ক’বলৈ ধৰিলে,
‘‘ৰাইজ, আপোনালোক সদৌটিলৈ মাননিয় মহাৰাজ কেশৰীয়ে তেখেতৰ শ্ৰদ্ধা-সম্ভাষণ জ্ঞাপন কৰিছে৷ সেউজপুৰ ৰাজ্যখনৰ নাম ইয়াৰ প্ৰজাসকলৰ মাজত থকা ভাতৃত্ববোধ, সহনশীলতা, পাৰস্পৰিক বিশ্বাস আৰু মৰম-চেনেহৰ কাৰণে জগতত প্ৰখ্যাত৷ মহামান্য মহাৰাজে আনকি আমাৰ মাজত শক্তিশালী বা শক্তিহীন, ক্ষুদ্ৰ বা বিৰাট এনে বিচাৰ শিপাবলৈ দিয়া নাই৷ ৰাজ্যৰ প্ৰজাসাধাৰণৰ মঙ্গলৰ কাৰণে, বৌদ্ধিক বিকাশৰ কাৰণে দুজনকৈ বিদেশী পণ্ডিত আনি ৰাইজক নতুন নতুন জ্ঞানৰ সন্ধান দিবলৈও মহাৰাজে ব্যৱস্থা কৰিছে৷’’
বাটলুৰ কথাৰ মাজতে, এইখিনিতে ৰাইজে কিছু হুলস্থূল কৰিবলৈ ধৰিলে৷ বাটলুৱে মনোযোগ দি শুনিবলৈ যত্ন কৰিলে৷ হয়, অভিযোগ সেই একেটাই৷ সি আকৌ সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিবলৈ যত্ন কৰিলে—
‘‘ৰাইজ, শুনকচোন৷ এয়া মোৰ কথা নহয়, স্বয়ং মহাৰাজৰ কথা৷’’— মহাৰাজৰ নাম শুনি ৰাইজ শান্ত হ’ল৷ বাটলুৱে আকৌ ক’বলৈ ধৰিলে— ‘‘সকলো প্ৰাণীৰে কিছুমান সীমাৱদ্ধতা আছে ৰাইজ৷ যেনে ধৰক আপোনালোক পানীতহে থাকিব পাৰে, বামত নোৱাৰে৷ ইপিনে আমাৰ বিদেশৰ পৰা অহা নতুন মাষ্টৰ দুজন আকৌ পানীত থাকিব নোৱাৰে৷ সেয়েহে তেওঁলোকে আপোনালোকক পোনপটীয়াকৈ শিক্ষাদান কৰিবলৈ আহিব পৰা নাই৷ এই দিনকেইটাত বগলী পণ্ডিতো আপোনালোকৰ মাজলৈ আহিব পৰা নাই৷ হয়, আমাৰ প্ৰশাসনৰ সৰু ভুল এটা হৈছে৷ সেইটো হৈছে আপোনালোকক আগতীয়াকৈ নজনোৱাটো৷ কিন্তু ৰাইজ, বগলী পণ্ডিতে এইকেইদিন বিদেশী পণ্ডিতসকলৰ পৰা সকলো নতুন কথা শিকিছে৷ শিকা শেষ হ’লেই তেওঁ আহি আপোনালোককো সেইবোৰ কথা শিকাবহি৷ মই মাননিয় মহাৰাজৰ হৈ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ৷’’
ৰাইজৰ মাজত আকৌ কিছু হাই-উৰুমিৰ সৃষ্টি হ’ল৷ বাটলুৱে বুজিলে, সি কোৱা ধৰণে ৰাইজখনে বুজি পোৱা নাই বা গ্ৰহণ কৰিব খোজা নাই৷ সেই কাৰণে সি এইবাৰ শেষ চেষ্টা দি চালে—
‘‘ৰাইজ৷ মাননিয় মহাৰাজে আপোনালোকলৈ তিনিটা উপায় দি পঠাইছে৷ প্ৰথমটো, বিদেশী পণ্ডিত দুজনক আপোনালোকক পাঠদান কৰিবলৈ অনুৰোধ জনোৱা৷ কিন্তু তেওঁলোক সন্মত হ’লেও সেইটো অসম্ভৱ৷ কাৰণ তেওঁলোক পানীত নামিব নোৱাৰে আৰু আপোনালোক মাটিলৈ উঠিব নোৱাৰে৷ লগতে তেওঁলোকে ইচ্ছা কৰিবনে নকৰে সেইটো কথাও আছে৷ হাজাৰ হওক, বিদেশী জীৱতো! দ্বিতীয়তে, বগলী পণ্ডিতে আপোনালোকক দিনটোৰ কোনোবা নহয় কোনোবা এটা সময়ত পাঠদান কৰিবহি৷ ইমানতো যদি আপোনালোক সন্মত নহয় তেন্তে তৃতীয়টো উপায় হিচাপে মহাৰাজ কেশৰীয়ে আপোনালোকৰ সৈতে মুখামুখিকৈ কথা পাতিবহি৷ পিছে মই আপোনালোকক অনুৰোধ জনাও, মহাৰাজ ইয়ালৈ আহিবলগীয়া ঘটনা যাতে নঘটে৷ কাৰণ মাননীয় মহাৰাজে গোটেই ৰাজ্যখনৰ অনেক বিষয়ৰ অনেক সমস্যাৰ সমাধান কৰিব লাগে৷ তেখেতৰ বয়সো হৈছে৷ সেই অনুপাতে তেখেতৰ অনেক কষ্ট হৈছে৷ তেখেতৰ প্ৰতি আমি কিছু শ্ৰদ্ধাশীল হোৱাটো মই অন্তৰেৰে কামনা কৰোঁ৷’’
এইবাৰ বাটলুৰ কথা শুনি ৰাইজে বেছি চিঞৰ-বাখৰ নকৰি কিবা আলোচনা কৰিলে৷ তাৰ পাছত এজন বয়োবৃদ্ধ ঘঁৰিয়াল আৰু তেওঁতকৈও বয়সীয়াল কাছ এজন পানীৰ পৰা পাৰলৈ উঠি আহিল৷ কাছজনে বিনীতভাৱে ক’লে— ‘‘মাননিয় বাটলু ডাঙৰীয়া, মহাৰাজক জনাব যে আমি জলচৰ জুৰণিবাসীয়ে সকলো বুজি পাইছোঁ৷ কিন্তু আমিও জ্ঞান-জগতৰ নতুন নতুন কথাবোৰ জানিব খোজোঁ৷ আপোনালোকে কৰা ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাস আছে৷ কেৱল বগলী পণ্ডিতক দিনটোত এবাৰ হ’লেও আমাক দেখা দি যাবলৈ ক’লে আমি ভাল পাম৷ লগতে মহামান্য মহাৰাজ এইফালে আহিলে আমাক মাত এষাৰ দি গ’লে আমি অতিশয় আনন্দিত হ’ম৷ আপোনাকো আমি অন্তৰৰপৰা ধন্যবাদ জনাইছোঁ৷’’
কাছজনৰ কথাখিনি শেষ হোৱাত দুয়োজন পানীলৈ নামি গ’ল৷ অলপ সময়ৰ ভিতৰতে জুৰণিপাৰত খল্খলাই থকা সকলো জলচৰ জীৱ দ পানীলৈ গুচি গ’ল৷ জুৰণি নৈখন আকৌ আগৰ নিচিনা শান্ত হৈ পৰিল৷
হিতৰামে কথাবোৰ লক্ষ্য কৰি আছিল৷ সি বুজিবই নোৱাৰিলে, বাটলুৱেনো কি যাদু কৰি অশান্ত ৰাইজখনক শান্ত কৰি পেলালে৷ ছট্ছটীয়েও চাই আছিলহি দৃশ্যটো৷ বাটলুৰ বাগ্মিতা গুণ দেখি তাইৰ মনটো তেনেই উথলি উঠিল৷ মনৰ উলাহত তাই খবৰটো আগতীয়াকৈ মহাৰাজক দিবলৈ বুলি উভতি উৰা মাৰিলে৷ তাই যে বাটলু উভতি যাওঁতেও লক্ষ্য কৰিব লাগিব সেইটো কথা পাহৰিয়েই গ’ল৷
‘‘এতিয়া যাওঁ, ব’লক, সেনাপতি ডাঙৰীয়া৷ মহাৰাজে গধূলিলৈ এখন গুৰুত্বপূৰ্ণ সভা পাতিছে৷’’ — বাটলুৱে হিতৰামক ক’লে৷ হিতৰামে ভিতৰি ভিতৰি কিছু লাজ পালে৷ ‘‘মই ইমান শক্তিশালী সেনাপতিটো হৈ কৰিব নোৱৰা কামটো এই এখুদমান নিগনিটোৱে কেনেকৈ যে কৰিলে!’’ ভাবি আচৰিত হ’ল হিতৰাম৷
ইপিনে ছট্ছটী গৈ মহাৰাজৰ ওচৰ পালেগৈয়ে৷
(অহা সংখ্যালৈ বাট চোৱা৷)শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা