Written by 11:25 am Poems

সেই দীঘল দিনবোৰত

দেৱৰাজ মিলি

দিন-ৰাতিৰ চিন নথকা সেই

দীঘল দিনবোৰত

মাৰ মুখৰ হাঁহিটো চুটি হয়।

ওন্দোলাই অহা তামৰঙী ডাৱৰৰ 

বৰষুণজাক সৰসৰকৈ সৰে

আঁচলৰ সিটো পাৰে।

চিনাকি বাট এটাৰে

উভতি আহে

কুৰি বছৰীয়া এখন চাইকেল আৰু এটা চেপেটা মোনা।

ভৰ দুপৰীয়া।

সন্ধিয়া।

মাজনিশা।

তিনিকিলো চাউলৰ এটা

মস্ত মহাজনী ভ্ৰূকুটি। বানে ধোৱা চকুপানী।

আৰু কিছু আওপুৰণি সম্ভ্ৰম।

জুই নজ্বলোৱা চৌকা

কাৰ দুচকু 

মাজৰাতি উঠে জ্বলি

পুৱাৰ পিৰালিত পিকাছোৰ

ক্ৰন্দনৰতা নাৰী।

ভগা ডলাত বগা চাউল

মাই সৰু সৰু শিলগুটি বাছে। কলিজাত কটা দাগ। শিলতো শিল্প। জনাই জানে।

সেই দীঘল দিনবোৰত

সেই শিল্পকৌশলত

ছয়াময়াকৈ

ছয়াময়াকৈ জিলিকি আছে

চুটি হাঁহি এটা দীঘল কৰাৰ

নিভাঁজ কছৰৎ

আৰু আমাৰ বগা ভৱিষ্যত।

ফোন : ৯৭০৬৭৮৬৮৫৯, ৬০০১৪৭১০৮৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close