Written by 10:52 am Poems

সেই কথা ভাবি কি লাভ

সাগৰ সৌৰভ

ইৰাণী কেফেখনত বহি আপোনাৰ সৈতে চাহ খাই আছিলোঁ৷ সেই ঠাইখিনিতে দুদিন আগতে

উত্তেজিত জনতাই মানুহজনক কোবাই কোবাই

মাৰি পেলালে৷

সেই কথা পাতি আৰু কি লাভ!

আপোনাৰ চকুৰ গুৰি ক’লা পৰিছে৷ ৰাতি চাগৈ নোশোৱে৷

হয়তো বিচাৰি ফুৰে উত্তৰ৷ উত্তৰ বিচাৰি কি লাভ!

আঙুলিত স্পৰ্শ পাওঁতে বুজিলোঁ আপোনাৰ শৰীৰত লুকাই আছে

সাগৰৰ উন্মাদ ঢৌ৷ সেই ঢৌত মই উটি যাব খোজোঁ এখন্তেক।

সেই কথা ভাবি কি লাভ!

যাবৰ পৰত আপুনি মোক সাবট মাৰি ধৰিলে৷ পুনৰ লগ পাম নে নাপাম৷

ওঁঠত গুজি দিওঁতে ওঁঠ অনুভৱ কৰিলোঁ আপোনাকো এক সংগৰ প্ৰয়োজন৷ আছেই দেখোন

 ইমানবোৰ মানুহ।

এই চহৰ৷

সেই কথা ভাবি কি লাভ!

অলপ আগতে আপুনি কৈ আছিল

ৰিগেলত চিনেমা চোৱাৰ কথা৷ …

আঃ! সেই কথা ভাবিনো কি লাভ!

একো কথাই ভাবি লাভ নাই৷ তথাপি মই ভাবি থাকোঁ আপোনাৰ কথা৷

চাই থাকোঁ সন্ধিয়াৰ লোকেল ট্ৰেইনত ঘৰমুৱা মানুহবোৰৰ মুখ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close